Logo
image

ঘাই ৫টা বিভাগত পূৰ্বৰ মন্ত্ৰী ৰাখিয়েই দপ্তৰ বিতৰণ মোদীৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১১ জুন : গৃহ, বিত্ত, প্ৰতিৰক্ষা, বিদেশ– এই ‘ক’ৰ ফ’ৰ গ্ৰুপ’ৰ দপ্তৰেই নহয়, স্বাস্থ্য, শিক্ষা, পথ পৰিবহণ, ৰে’লকে ধৰি সকলো গুৰুত্বপূৰ্ণ দপ্তৰ  নিজৰ হাতত ৰাখিলে এনডিএ মৰ্চাৰ সৰ্ববৃহৎ দল বিজেপিয়ে৷ নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ নকৰাৰ ফলত বিজেপিয়ে এইবাৰ সহযোগী দলৰ ওপৰত নিৰ্ভৰ কৰি চৰকাৰ পৰিচালনা কৰিব লাগিব ঘাই ৫টা বিভাগত পূৰ্বৰ মন্ত্ৰী আৰু সেয়ে বিজেপিয়ে সহযোগী দলক গুৰুত্বপূৰ্ণ মন্ত্ৰণালয় এৰি দিবলগীয়া হ’ব– নিৰ্বাচনী ফলাফল ঘোষণাৰ পাছতে ৰাজনৈতিক বিশ্লেষকে এনে এটা ধাৰণা বিয়পাই দিছিল৷ পিছে তেনে সকলো ভৱিষ্যদ্বাণী অসাৰ কৰি সহযোগী দলক ক্ষুদ্ৰ আৰু কম গুৰুত্বপূৰ্ণ দপ্তৰ বিলাই দি সকলো গুৰুত্বপূৰ্ণ দপ্তৰ  নিজৰ লগত ৰাখিলে বিজেপিয়ে৷ ঘাইকৈ ২৪০জনীয়া সাংসদ সংখ্যাৰ ওপৰত ভৰ কৰিয়েই দপ্তৰ বিতৰণত বাজীমাৎ কৰিলে বিজেপিয়ে৷ মন্ত্ৰিত্ব প্ৰদানৰ পৰা দপ্তৰ বিতৰণলৈকে মোদী মন্ত্ৰীসভাৰ ৩.০ অধ্যায়ৰ প্ৰথম দুদিনত স্বাভাৱিকতে ফ্ৰণ্টফুটত বিজেপি৷

চৰকাৰ পৰিচালনাত যাতে আৰম্ভণিতে উজুটি নাখায় আৰু ছন্দ হেৰাই নাযায়, সেয়া নিশ্চিত কৰাৰ অৰ্থে দ্বিতীয় কাৰ্যকালৰ গুৰুত্বপূৰ্ণ মন্ত্ৰণালয় সালসলনি নকৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে৷ সেয়ে মোদীৰ অতি ঘনিষ্ঠ অমিত শ্বাহৰ হাততে থাকিল কেন্দ্ৰীয় গৃহ দপ্তৰ ৷ একেদৰে ৰাজনাথ সিঙৰ হাতত প্ৰতিৰক্ষা, নিৰ্মলা সীতাৰমণৰ হাতত বিত্ত, এছ জয়শংকৰৰ হাতত বৈদেশিক পৰিক্ৰমা, নীতিন গাডকাৰিৰ হাতত ৰাখিলে পূৰ্বৰ দৰে পথ আৰু পৰিবহণ দপ্তৰ৷ ৫ বছৰৰ পাছত সাংসদ হৈ পুনৰ কেন্দ্ৰীয় মন্ত্ৰীসভালৈ উভতি অহা জগত প্ৰসাদ নাড্ডাক অৰ্পণ কৰা হৈছে স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰিত্ব৷ মধ্যপ্ৰদেশৰ চাৰিবাৰৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰণালয় অৰ্পণ কৰা হৈছে৷ আনহাতে, হাৰিয়ানাৰ মুখ্যমন্ত্ৰী মনোহৰলাল খট্টৰক শক্তি, গৃহ আৰু চহৰ উন্নয়ন মন্ত্ৰণালয়, পীয়ূষ গোৱেলক বাণিজ্য তথা উদ্যোগ, ধৰ্মেন্দ্ৰ প্ৰধানক শিক্ষা, অশ্বিনী বৈষ্ণৱক ৰে’ল, তথ্য-সম্প্ৰচাৰ, ইলেক্টনিক্স আৰু তথ্য প্ৰযুক্তি, গিৰিৰাজ সিঙক টেক্সটাইল দপ্তৰ দি চৰকাৰখন হাতৰ মুঠিত ৰাখিলে বিজেপিয়ে৷ আনহাতে প্ৰধানমন্ত্ৰী মোদীয়ে হাতত ৰাখিলে কৰ্মীবৰ্গ, জন অভিযোগ, পেঞ্চন, পাৰমাণৱিক শক্তি আৰু মহাকাশ দপ্তৰ৷