Logo
image

চন্দ্ৰপৃষ্ঠত সংৰক্ষণ হ’ব ৬৭ লাখ প্ৰজাতিৰ শুক্ৰাণু

আমাৰ অসম, ১৪ মাৰ্চঃ মহা প্লাৱনৰ সময়ত প্ৰাণীকুলক বচাবলৈ সমস্ত প্ৰাণীৰ এটাকৈ পুৰুষ আৰু এজনী মহিলাক নিজৰ নৌকাত তুলি লৈছিল নোৱাই৷ ভাৰতীয় পুৰাণতো একেধৰণৰ কাম কৰিছিল মনুৱে৷ তাৰেই যেন পুনৰাবৃত্তি হ’বলৈ গৈ আছে এইবাৰ৷ অৱশ্যে এইবাৰ প্ৰাণী নহয়, প্ৰাণীৰ শুক্ৰাণু আৰু ডিম্বাণু সংৰক্ষণ হ’ব৷ তাকো পৃথিৱীত নহয়৷ শুক্ৰাণু-ডিম্বাণুৰ সংৰক্ষণৰ ব্যৱস্থা কৰা হ’ব চন্দ্ৰপৃষ্ঠত৷ মুঠ ৬৭ লাখ প্ৰজাতিৰ প্ৰাণীৰ শুক্ৰাণু আৰু ডিম্বাণু চন্দ্ৰপৃষ্ঠত সংৰক্ষণৰ প্ৰস্তাৱ আগবঢ়াইছে বিজ্ঞানীসকলে৷ প্ৰাপ্ত তথ্য মতে ৬৭ লাখ প্ৰজাতিৰ প্ৰাণীৰ ভিতৰত উদ্ভিদৰ বীজ আৰু এককোষী জীৱৰ ভ্ৰৃণো থাকিব৷