Logo
image

প্ৰিয়ংকাৰ কাষত গৌৰৱ, ৰকিবুল

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ১১ জুন : যোৰহাটৰ নৱ নিৰ্বাচিত সাংসদ গৌৰৱ গগৈয়ে সোমবাৰে নতুন দিল্লীৰ ১০ জনপথত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক সাক্ষাৎ কৰে৷ এই সৌজন্যমূলক সাক্ষাৎকালত সাংসদ গগৈয়ে কয়– সদ্য সমাপ্ত লোকসভা নিৰ্বাচনত সমগ্ৰ দেশতে প্ৰিয়ংকা গান্ধীয়ে এক সবল আৰু বিশেষ ভূমিকা গ্ৰহণ কৰিলে৷ নিৰ্বাচনী প্ৰচাৰ সভাসমূহত তেওঁ দিয়া প্ৰতিটো ভাষণতেই দেশৰ প্ৰতিজন কংগ্ৰেছ কৰ্মীৰ মনৰ ভাব ফুটি উঠিছিল আৰু সৰ্বসাধাৰণৰ সমস্যাই অগ্ৰাধিকাৰ  পাইছিল৷ তেওঁলোকৰ কথোপকথনত প্ৰিয়ংকা গান্ধীয়ে নিৰ্বাচনী প্ৰচাৰৰ বাবে তিতাবৰলৈ অহাৰ কথা স্মৰণ কৰে৷ কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয়– ইমান বৰষুণ আৰু বেয়া বতৰৰ মাজতো উক্তদিনটোত যেনেদৰে তিতাবৰত হাজাৰ হাজাৰ ৰাইজে তেওঁৰ বাবে অপেক্ষা কৰি আছিল আৰু ৰেলীত উপস্থিত হৈ সহযোগিতা আৰু আশীৰ্বাদ প্ৰদান কৰিছিল সেয়া স্মৰণীয় হৈ ৰ’ব৷ সাংসদ গগৈয়ে তিতাবৰৰ ৰেলীত উপস্থিত থাকি তেওঁৰ নিৰ্বাচনী প্ৰচাৰত সহায় কৰাৰ বাবে নেত্ৰীগৰাকীক আন্তৰিক ধন্যবাদ জ্ঞাপন কৰে আৰু অতি সোনকালেই দলীয় কাৰ্যসূচীৰ বাবে প্ৰিয়ংকা গান্ধী অসমত উপস্থিত হ’ব বুলি আশা প্ৰকাশ কৰে৷ আনহাতে আজি নতুন দিল্লীত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক সাক্ষাৎ কৰে ধুবুৰী লোকসভা সমষ্টিৰ পৰা সৰ্বোচ্ছ ভোটত জয়লাভ কৰা ৰকিবুল হুছেইনে৷ কংগ্ৰেছ নেত্ৰীগৰাকীক সাক্ষাৎ কৰি নিৰ্বাচনৰ সময়ত ধুবুৰীত প্ৰচাৰ চলাবলৈ অহাৰ বাবে প্ৰিয়ংকা গান্ধীক ধন্যবাদ জ্ঞাপন কৰে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে৷ প্ৰিয়ংকা গান্ধীক সাক্ষাৎ কৰাৰ পাছত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ গৌৰৱ গগৈয়ে সংবাদ মাধ্যমৰ জৰিয়তে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পৱিত্ৰ মাৰ্ঘেৰিটাক শুভেচ্ছা জ্ঞাপন কৰে৷ তেওঁ সংবাদ মাধ্যমৰ আগত  কয়–২০২৬ বিধান সভা নিৰ্বাচনত সন্মুখৰ পৰা নেতৃত্ব দিয়াৰ ইচ্ছা আছে৷ মোৰ মনটো দুঃখিত৷ কিয়নো চাহ জনজাতিৰ নেতা ৰামেশ্বৰ তেলীৰ টিকট কিয় কৰ্তন কৰিলে সেইয়া এতিয়াও ৰহস্য হৈ থাকিল৷ উজনি অসম নহয় সমগ্ৰ অসমত বিজেপি ভেঁটি দুৰ্বল হৈছে৷ এয়া বিজেপি নেতাসকলে কৈছে আৰু ইয়াৰ অধিক প্ৰভাৱ যোৰহাটত বেছিকৈ পৰিল৷ যি শিক্ষা ৰাইজে বিজেপি দলক দিলে সেই শিক্ষা বিজেপি ল’ব বিচৰা নাই৷ আযোধ্যাৰ পৰা আৰম্ভ কৰি সকলোতে বিজেপিক ৰাইজে শিক্ষা দিলে৷ হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক ভবিষ্যতক লৈ মই চিন্তা কৰিবলৈ ইচ্ছা নাই৷ যোৰহাটৰ ৰাইজে বিজেপি কৰা কেলেংকাৰিসমূহ ৰাইজে জানিব বিচাৰিছে৷ দুবছৰ দিল্লীত থাকি মই অসমত হ’বলগীয়া বিধানসভা নিৰ্বাচনকলৈ ইচ্ছা প্ৰকাশ কৰিছোঁ আৰু আজি এই বিষয়ে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক সাক্ষাৎ কৰি অৱগত কৰিলোঁ৷ প্ৰিয়ংকা গান্ধীক সাক্ষাৎ কৰি তেওঁক জনাইছোঁ যে আমি অসমৰ পৰা ভাল খবৰ বিধানসভা নিৰ্বাচনত উপহাৰ দিম৷