Logo
image

মোদী মন্ত্ৰীসভাত স্থান নাপালে অগপ‌ৰ সাংসদেঃ ক্ষোভ প্ৰকাশ কণ্ঠশিল্পী মানস ৰবীনৰ

'আমাৰ অসম'ৰ মৰিগাঁৱৰ প্ৰতিনিধি, ১১ জুনঃ মোদী মন্ত্ৰীসভাত অসম গণ পৰিষদ দলৰ সাংসদগৰাকীয়ে মন্ত্ৰিত্ব লাভ নকৰাত গভীৰ আক্ষেপ প্ৰকাশ কৰিছে অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী মানস ৰবীনে। মৰিগাঁও জিলাৰ ভূৰবন্ধাত সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় ছাত্ৰ সংহতি দিৱসত আমন্ত্ৰিত শিল্পী হিচাপে সংগীত পৰিৱেশন কৰিবলৈ আহি সোমবাৰে নিশা সাংস্কৃতিক অনুষ্ঠানৰ মঞ্চত আবেগিক হৈ পৰে খ্যাতনামা শিল্পীগৰাকী। 


তেওঁ সংগীত পৰিৱেশনৰ আগমুহূৰ্তত হাতত মাইক্ৰফোন লৈ সহস্ৰাধিক শ্ৰোতাক উদ্দেশ্যি কয় যে আছুৰ মজিয়াৰ পৰাই এসময়ত জন্ম গ্ৰহণ কৰিছিল অসম গণ পৰিষদ দলটো। কেন্দ্ৰৰ একালৰ এইচ ডি দেৱগৌড়া চৰকাৰৰ দিনত অসমৰ পৰা অগপ দলৰ সাংসদে গুৰুত্বপূৰ্ণ দপ্তৰ লাভ কৰিছিল। এই চৰকাৰৰ দিনতে ব্ৰহ্মপুত্ৰৰ ওপৰত বগীবিলৰ দলং হৈছিল। কিন্তু আজি কেন্দ্ৰত অগপ দল এলাগী হ'ল। অগপ দলৰ যোগ্যবান সাংসদ গৰাকীয়ে কেন্দ্ৰত মন্ত্ৰিত্ব লাভ নকৰিলে। 

ইয়াৰ বিপৰীতে বিহাৰৰ ৰাজনৈতিক দল এটাৰ একমাত্ৰ সাংসদ জিতেন ৰাম মাঝিয়ে লাভ কৰিলে কেবিনেট মন্ত্ৰী। এই ক্ষেত্ৰত অগপৰ শীৰ্ষ নেতৃত্ব একেবাৰে নিমাত বুলি তেওঁ কটাক্ষ কৰে। তেওঁ লগতে কয় যে আমাৰ অসমৰ নেতাবোৰৰ কামিহাড়বোৰ বৰ হেলেক পেলেক। কেৱল নেতাকে নহয় অসমৰ গায়ক আৰু নায়কসকলকো সমালোচনা কৰে জনপ্ৰিয় শিল্পী মানস ৰবীনে।