Logo
image

সুৰা বিক্ৰী ব্যাপক হাৰত বৃদ্ধি কৰিবলৈ বাৰ-বিপণীক আনুষ্ঠানিক নিৰ্দেশ আবকাৰীৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১২ জুন : শুনিলে আচৰিত যেন লাগিলেও অসম মুলুকত এতিয়া সুৰাপায়ীয়ে ভৰাব লাগিব ৰাজ্যৰ ৰাজকোষ৷ কিয়নো আবকাৰী বিভাগে এতিয়া বাৰ্ষিক ৫হাজাৰ কোটি টকা ৰাজহৰ আশাত সুৰাৰ বিক্ৰীৰ বৃদ্ধিৰ বাবে কৰা পৰিকল্পনাক বাস্তৱ ৰূপ দিছে৷ আবকাৰী বিভাগে জিলাই জিলাই প্ৰতিখন ৱাইন শ্বপ আৰু বাৰক বিলাতী সুৰা, বীয়েৰ আৰু দেশীয় সুৰা বিক্ৰীৰ টাৰ্গেট বান্ধি দি নিৰ্দেশনা জাৰি কৰিছে৷ বিগত চ্ছ্ৰ মে’ত আবকাৰী বিভাগৰ পৰ্যালোচনা সভাত সুৰাৰ দাম বৃদ্ধি অৰ্থাৎ আবকাৰী  শুক্লৰ পৰিমাণ বৃদ্ধি কৰাৰ পাছতো ৰাজহ হ্ৰাস পোৱাৰ বিষয়টোৱে স্থান পাইছিল৷ আবকাৰী আয়ুক্ত জিতু দলেৰ সঞ্চালনাত অনুষ্ঠিত বৈঠকত সুৰাৰ বিক্ৰীৰ পৰিমাণ বিগত বৰ্ষৰ তুলনামূলকভাৱে হ্ৰাস পোৱাত চলিত ২০২৪-২৫ বিত্তীয় বৰ্ষত সুৰাৰ বিক্ৰীৰ পৰিমাণ বৃদ্ধিৰ পৰিকল্পনা কৰিছিল৷ সেই পৰিকল্পনা অনুসৰিয়ে লোকসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ ড্ৰাই ডে’ৰ দিনটোত অৰ্থাৎ বিগত ৪ জুনত প্ৰতিখন জিলাৰ আবকাৰী অধীক্ষকে ৱাইন শ্বপ আৰু বাৰৰ মালিকপক্ষক সুৰাৰ মজুত বৃদ্ধি কৰিবলৈ নিৰ্দেশ প্ৰদান কৰিছে৷ আনকি আবকাৰী আয়ুক্তালয়ৰ টাৰ্গেট অনুসৰি সুৰা বিক্ৰী তথা মজুত বৃদ্ধিৰ নিৰ্দিষ্ট পৰিমাণো বান্ধি দিয়া হৈছে৷ স্বাভাৱিকতেই আবকাৰী বিভাগে সুৰাৰ খুচুৰা বিক্ৰীৰ বৃদ্ধিৰ বাবে টাৰ্গেট বান্ধি দিয়াত থলুৱা সুৰা ব্যৱসায়ীসকল চিন্তিত হৈ পৰিছে৷ সুৰাই যুৱ প্ৰজন্মক পংগু কৰি দিয়াৰ লগতে ঘৰ-সংসাৰ থানবান হৈ যোৱাৰ পাছত বহুতে দাম বৃদ্ধিৰ পৰিপ্ৰেক্ষিতত সুৰা আসক্তি ত্যাগ কৰাৰ চেষ্টা চলোৱাৰ সময়তে আবকাৰী বিভাগে ওলোটাই ৰাজহৰ আশাত মদৰ বিক্ৰী বৃদ্ধিৰ নিৰ্দেশ দিয়াত স্বাভাৱিকতেই ৱাইন শ্বপ আৰু বাৰৰ মালিকপক্ষ দোমোজাত পৰিছে৷ সুৰাপায়ীয়ে যদিহে মদ খাবলৈ কমাই দিয়ে, তেনেহ’লে ৱাইন শ্বপৰ মালিকে বলপূৰ্বক গ্ৰাহকক সুৰাপান কৰিবলৈ বাধ্য কৰোৱাব নেকি বুলিও প্ৰশ্ন উঠিছে৷ গাঁৱে-ভূঞে, পদূলিয়ে-পদূলিয়ে নতুন নতুন ৱাইন শ্বপ-বাৰৰ অনুজ্ঞাপত্ৰ দিয়াৰ পাছত পুনৰ সুৰাৰ বিক্ৰীৰ পৰিমাণ বৃদ্ধিৰ নিৰ্দেশনাই অসমক সুৰাময় ৰাজ্য হিচাপে পৰিগণিত কৰাৰো চৰকাৰৰ পৰিকল্পনা নেকি বুলিও বিভিন্নজনে প্ৰশ্ন কৰা দেখা গৈছে৷ বিগত ৪ জুনত কৰিমগঞ্জৰ আবকাৰী অধীক্ষকে জিলাখনৰ আই এমএফএল অফ শ্বপ আৰু অন শ্বপৰ অনুজ্ঞাপত্ৰ থকা সুৰা ব্যৱসায়ীসকলক এইবাৰ ৪৪ লাখ লিটাৰলৈ সুৰা বিক্ৰী বৃদ্ধিৰ নিৰ্দেশ দিছে৷ পূৰ্বে জিলাখনত বাৰ্ষিক ৪০ লাখ লিটাৰ বিলাতী সুৰা বিক্ৰী হৈছিল৷ একেদৰে বিগত বৰ্ষত কৰিমগঞ্জত বিক্ৰী হোৱা ১২.৫০ লাখ লিটাৰ বীয়েৰৰ বিপৰীতে এতিয়া ১৪.৪০ লাখ লিটাৰ বীয়েৰৰ বিক্ৰী বৃদ্ধি কৰিবলৈ নিৰ্দেশ দিছে৷ তদুপৰি জিলাখনত দেশীয় সুৰা বিক্ৰীৰ পৰিমাণো চলিত বিত্তীয় বৰ্ষত ১৫ লাখ লিটাৰলৈ বৃদ্ধিৰ টাৰ্গেট বান্ধি দিছে৷ আবকাৰী অধীক্ষকৰ নিৰ্দেশনাটোত কৰিমগঞ্জৰ মুঠ ৬২খন ৱাইন শ্বপ আৰু বাৰক প্ৰতিমাহে প্ৰতিখনকে ৮,৪৭০ লিটাৰকৈ বিলাতী সুৰা তথা বীয়েৰ বিক্ৰী কৰিবলৈ কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে৷ যিকোনো পৰিস্থিতিত সুৰা বিক্ৰী কৰিবলৈকো ব্যৱসায়ীসকলক কোৱা হৈছে৷ অভিযোগ অনুসৰি মুখ্যমন্ত্ৰীৰ গুডবুকত স্থান লাভ কৰাৰ বাবে বাৰ্ষিক ৫,০০০ কোটি টকা আবকাৰী ৰাজহ সংগ্ৰহৰ সপোন দেখুৱাই আবকাৰী আয়ুক্ত জিতু দলে আৰু উপ-আয়ুক্ত প্ৰাঞ্জল বৰাই সুৰাৰ দাম বৃদ্ধি কৰিছিল যদিও বাস্তৱত সুৰাৰ দাম বৃদ্ধিৰ ফলত বিক্ৰী অভাৱনীয় হাৰত হ্ৰাস পাবলৈ ধৰে৷ যাৰ পৰিপ্ৰেক্ষিতত এতিয়া মুখ্যমন্ত্ৰীৰ ৰোষত পৰাৰ ভয়ত দুয়োজন বিষয়াই সুৰা ব্যৱসায়ীসকলক বলিৰ পঠা সজাই নতুন নতুন সুৰাপায়ী সৃষ্টি কৰি মদৰ বিক্ৰী বৃদ্ধিৰ বাবে টাৰ্গেট বান্ধি দিছে৷ শুনিলে আচৰিত যেন লাগিলেও আবকাৰী আয়ুক্তালয়ে গুৱাহাটী মহানগৰীৰ ৩১৫খন ৱাইন শ্বপ আৰু ২০৬খন বাৰক প্ৰতিমাহে প্ৰতিখনকে ৫,১৩৫ লিটাৰকৈ বিলাতী সুৰা আৰু বীয়েৰ বিক্ৰী কৰিবলৈ টাৰ্গেট বান্ধি দিছে৷ তদুপৰি ৭২খন ৱাইন শ্বপ আৰু ৩৫খন বাৰ থকা যোৰহাট জিলাৰ প্ৰতিখন বিপণীকে প্ৰতিমাহে ৯,৫৮৭ লিটাৰকৈ সুৰা তথা বীয়েৰ, ৩৮খন ৱাইন শ্বপ আৰু ১১খন বাৰ থকা বৰপেটা জিলাৰ প্ৰতিখন বিপণীক প্ৰতিমাহে ৪,৪৩০ লিটাৰকৈ, ৭৭খন ৱাইন শ্বপ আৰু ২৬ খন বাৰ থকা নগাঁও জিলাৰ প্ৰতিখন বিপণীক প্ৰতিমাহে গড়ে ৬,৬৫০ লিটাৰকৈ, ২৬ খন ৱাইন শ্বপ আৰু ১৮খন বাৰ থকা কামৰূপ গ্ৰাম্য জিলাৰ প্ৰতিখন বিপণীক প্ৰতিমাহে ১২,৯৫৭ লিটাৰকৈ আৰু ৭৪খন ৱাইন শ্বপ আৰু ৩৭খন বাৰ থকা শিৱসাগৰ জিলাৰ প্ৰতিখন বিপণীক প্ৰতিমাহে গড়ে ১০ হাজাৰ লিটাৰকৈ বিলাতী সুৰাৰ লগতে বীয়েৰ বিক্ৰীৰ লক্ষ্য বান্ধি দিছে৷ একেদৰে ৯৪খন ৱাইন শ্বপ আৰু ৪৪খন বাৰ থকা গোলাঘাট জিলাৰো প্ৰতিখন বিপণীকে প্ৰতিমাহে ১০ হাজাৰ লিটাৰকৈ সুৰা আৰু বীয়েৰ বিক্ৰীৰ টাৰ্গেট বান্ধি দিয়াৰ লগতে ১৬খন ৱাইন শ্বপ আৰু ১০খন বাৰ থকা দৰং জিলাৰ প্ৰতিখন সুৰা বিপণীকে প্ৰতিমাহে ৫,৫৮০ লিটাৰকৈ, ৬১খন ৱাইন শ্বপ আৰু ৬৫খন বাৰ থকা লখিমপুৰ জিলাৰ প্ৰতিখন বিপণীকে প্ৰতিমাহে ৪,৫৪০ লিটাৰকৈ, ৩২খন ৱাইন শ্বপ আৰু ২৭খন বাৰ থকা নলবাৰী জিলাৰ প্ৰতিখন বিপণীক প্ৰতিমাহে গড়ে ৫,৬৭৫ লিটাৰকৈ আৰু ৫৩খন ৱাইন শ্বপ আৰু ২৩খন বাৰ থকা কাৰ্বি আংলং জিলাৰ প্ৰতিখন সুৰা বিপণীক প্ৰতিমাহে গড়ে ২৭ হাজাৰ লিটাৰকৈ বিলাতী সুৰা আৰু বীয়েৰ বিক্ৰীৰ নিৰ্দেশ প্ৰদান কৰিছে৷