Logo
image

ঐশ্বৰ্য-অভিষেকৰ সম্পৰ্কত ফাট!

আমাৰ অসম বিশেষঃ সপোনপুৰীৰ গ্লেমাৰাছ জগতৰ তাৰকাসকলৰ জীৱন সদায় ৰঙীন৷ সৌন্দৰ্য, বুদ্ধিমত্তাৰে জগত জিনা সপোন সু্‌ন্দৰী নায়িকাসকলৰ জীৱন সপ্তৰঙী-ৰামধেনুৰ দৰে বৰ্ণময়, ৰহস্যময় আৰু বিচিত্ৰ৷ ইফালে ৰূপালী পৰ্দাৰ জনপ্ৰিয় তাৰকাৰ প্ৰেম-ৰোমাঞ্চ, বিবাহ-বিচ্ছেদ আদি প্ৰসংগবোৰ যদিও ব্যক্তিগত তথাপি তেওঁলোকৰ ব্যক্তিগত জীৱনৰ বিষয়ে জানিবলৈ সৰ্বসাধাৰণ সদায় উৎসুক হৈ থাকে৷ 

বলীউডত বৰ্তমান আটাইতকৈ চৰ্চিত দম্পত্তিহাল হৈছে অভিষেক ঐশ্বৰ্য৷ দুয়োৰে সম্পৰ্কত ফাটমেলা বুলি বহু গল্প-গুজব ৰটনা হৈছে বি-টাউনত৷  বিশ্বসুন্দৰী ঐশ্বৰ্য ৰায়ৰ অতীত সকলোৱে জানে৷ ছলমান খান, বিবেক অবেৰয়কে ধৰি একাধিক পুৰুষৰ সৈতে প্ৰেমৰ সম্পৰ্ক আছিল ঐশ্বৰ্যৰ৷ অমিতাভ বচ্ছন-জয়া বচ্ছনৰ বোৱাৰী তথা অভিষেক বচ্ছনৰ পত্নী ঐশ্বৰ্যৰ সংসাৰ সুখ-শান্তিৰে চলি আহিছে৷ দুয়োৰে দাম্পত্য জীৱনৰ চিন স্বৰূপে আহে কন্যাৰত্ন আৰাধ্যা৷ এই সুখৰ সংসাৰত কোনে জুই দিছে৷ 

বি-টাউনৰ সুন্দৰী নায়িকাসকলৰ ভিতৰত ঐশ্বৰ্য ৰায়ৰ জীৱন অধিক ৰঙীন৷ কিছুদিন পূৰ্বে ঐশ্বৰ্যৰ এটি ভিডিঅ’ ক্লিপিং ভাইৰেল হয়৷ এজন যুৱকে নিজকে ঐশ্বৰ্যৰ সন্তান বুলি দাবী উত্থাপন কৰিছিল৷ ঐশ্বৰ্যৰ ভিডিঅ’ ক্লিপিং ভাইৰেল হোৱাৰ পাছত বলীউডত গুঞ্জন উঠিছিল, দুয়োৰে সম্পৰ্কত ফাট মেলা বুলি৷ এই প্ৰসংগত মিডিয়াক অভিষেক বচ্ছনে জনাই যে সৰু-সুৰা দ্বন্দ্ব-কাজিয়া সকলোৰে সংসাৰত থাকে৷ বুজাইপৰাই সংসাৰ অটুত ৰাখে৷ কমিউনিকেশ্বন ঠিক থাকিলে সংসাৰৰ বান্ধোন তৃতীয় মাধ্যমে ভাঙিব নোৱাৰে৷ সকলো সমস্যা সমাধান হয় কিন্তু মিডিয়াৰ দ্বাৰা কেতিয়াও কাৰো ব্যক্তিগত জীৱন পৰিচালিত নহয়৷