Logo
image

এইখন জিলাত ১৪৪ ধাৰা জাৰিঃ ৰাজহুৱা স্থানত ৫ জন লোকৰ সমাগমত বাধা

'আমাৰ অসম'ৰ জাগীৰোডৰ প্ৰতিবেদক, ১৩ জুনঃ মৰিগাঁও জিলা প্ৰশাসনে জিলাখনত কেতবোৰ সমাজবিৰোধী উপাদানে ৰাজহুৱা শান্তি-সম্প্ৰীতি ভংগ কৰাৰ লগতে জনসাধাৰণৰ জীৱন আৰু সম্পত্তিৰ প্ৰতি ভাবুকি কঢ়িয়াই অনাৰ আশংকাৰ প্ৰতি লক্ষ্য ৰাখি ফৌজদাৰী কাৰ্যবিধিৰ ১৪৪ ধাৰাৰ অধীনত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। জিলা দণ্ডাধীশ দেৱাশীষ শৰ্মাই জাৰি কৰা এই নিৰ্দেশনা অনুসৰি ৰাজহুৱা স্থানত ৫ জন বা তাতকৈ অধিক লোকৰ সমাগম আৰু অৰ্ধ-সামৰিক বাহিনীৰ বাহিৰে অস্ত্ৰ-শস্ত্ৰ, গুলী-বাৰুদ, প্রাণঘাতী অস্ত্ৰ আদি অন্য লোকৰ দ্বাৰা কঢ়িয়াই নিয়াত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। 


তদুপৰি অনুমতি অবিহনে ৰাজহুৱা স্থানত সভা বা সমাৱেশ অনুষ্ঠিত কৰা বা সমদল উলিওৱা, অনুমতি অবিহনে লাউদ স্পীকাৰ, মাইক্ৰফোন আদি ব্যৱহাৰ কৰা আৰু নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ লাউদ স্পীকাৰ, মাইক্ৰফোন আদিৰ ব্যৱহাৰ নিষিদ্ধ কৰা হৈছে। নিৰ্দেশনা অনুসৰি কাৰোবাক দোষী সাব্যস্ত কৰি পোষ্টাৰ বা বেনাৰ লগোৱা আৰু সাম্প্ৰদায়িক তথা ভাষিক সম্প্ৰীতি বিনষ্ট কৰিব পৰা প্ৰৰোচনামূলক শ্ল'গান দিয়াত নিষেধাজ্ঞা আৰোপ কৰা হৈছে। তদুপৰি ৰাজহুৱা স্থানত কোনো ব্যক্তিৰ দ্বাৰা কোনো সম্প্ৰদায়ৰ বিৰুদ্ধে অৰুচিকৰ বা শত্ৰুতা প্ৰকাশ কৰিব পৰা কাৰ্য সম্পন্ন কৰা, যি কাৰ্যই ধৰ্মীয়-ভাষিক আৰু নৃ-গোষ্ঠীয় সমন্বয়ত বাধাৰ সৃষ্টি কৰাৰ আশংকা থাকে, তেনে কাৰ্য নিষিদ্ধ কৰা হৈছে। জৰুৰীভাৱে কাৰ্যকৰী হোৱাকৈ এই নিৰ্দেশ জাৰি কৰা হৈছে বুলি মৰিগাওঁ জিলা তথ্য আৰু জনসংযোগ বিষয়াই জনায়।