Logo
image

জন্মদিনত পিতৃৰ পৰা কি উপহাৰ বিচাৰিলে অভিনেত্ৰী শ্ৰদ্ধাই

আমাৰ অসম বিশেষঃ তিনি মাৰ্চত ৩৪ বছৰত ভৰি দিলে খলনায়ক শক্তি কাপুৰৰ কন্যা-অভিনেত্ৰী শ্ৰদ্ধা কাপুৰে৷ নিজৰ জন্মদিনত ত্ৰিশোদ্ধৰ্ জীয়ৰীয়ে পিতৃ শক্তি কাপুৰৰ পৰা উপহাৰ হিচাপে কি বিচাৰিলে জানেনে? দামী উপহাৰৰ পৰিৱৰ্তে শক্তি কন্যা শ্ৰদ্ধাই পিতৃৰ পৰা উপহাৰ হিচাপে বিচৰা সম্পদবিধ হ’ল ধুমপান ত্যাগ কৰাৰ শ্ৰতিশ্ৰুতি৷ এক সাক্ষাৎকাৰত অভিনেতা শক্তি কাপুৰে জনালে যে কন্যা শ্ৰদ্ধাকলৈ তেওঁ গৌৰৱবোধ কৰে৷ কন্যাৰ বাবেই তেওঁ জীৱনত বহু বদ অভ্যাস বাদ দিছে৷ সন্তানৰ জন্মদিনৰ উপহাৰ হিচাপে ধুমপান ত্যাগ কৰাৰ বাবে প্ৰতিজ্ঞাবদ্ধ হ’ল বলীউডৰ শক্তিশালী খলনায়ক শক্তি কাপুৰ৷ উল্লেখ্য, এইবাৰ অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ জন্মদিন উদযাপন কৰা হ’ল মালদ্বীপত৷ কন্যাৰ জন্মদিনত কাপুৰ পৰিয়াল উপস্থিত আছিল মালদ্বীপত৷ একালৰ জনপ্ৰিয় অভিনেত্ৰী পদ্মিনী কোলাপুৰীৰ পুত্ৰ প্ৰিয়াংক শৰ্মাৰ বিবাহ পৰ্বত অংশ ল’বলৈ গৈ কাপুৰ পৰিয়াল উপস্থিত আছিল মালদ্বীপত৷ তাতেই শক্তি কন্যাৰ ৩৪ সংখ্যক জন্মদিন উদযাপন কৰা হয়৷ কন্যাৰ জন্মদিনতে শক্তি কাপুৰে ধুমপান এৰাৰ প্ৰতিজ্ঞা কৰি কন্যাক জন্মদিনৰ উপহাৰ দিছিল৷ অভিনেত্ৰী শ্ৰদ্ধা কাপুৰ বৰ্তমান বলীউডৰ জনপ্ৰিয় অভিনেত্ৰীৰ শাৰীত আছে৷ ‘বাগী’ ছবিত জেকি শ্ৰফ পুত্ৰ টাইগাৰ শ্ৰফৰ বিপৰীতে শ্ৰদ্ধাই অভিনয় কৰিছিল৷ ৰণবীৰ কাপুৰৰ সৈতেও এখন ছবিত শ্ৰদ্ধাই অভিনয় কৰি নিজৰ অভিনয় দক্ষতা প্ৰমাণ দিছে৷ শেহতীয়াকৈ ‘নাগিন’ ছবিত দেখা যাব শক্তি কন্যাক৷ কন্যাৰ প্ৰশংসাত পঞ্চমুখ শক্তি কাপুৰে এক সাক্ষাৎকাৰত কয়– ‘কন্যা শ্ৰদ্ধা তেওঁৰ বাবে ঈশ্বৰ প্ৰদত্ত–দেৱদূত৷ ঈশ্বৰৰ আশীৰ্বাদ৷