Logo
image

পিতৃৰ পথেৰেই মিঠুন কন্যা

আমাৰ অসম বিশেষঃ অভিনেতা মিঠুন চক্ৰৱৰ্তীয়ে বিজেপিত যোগদান কৰাৰ পৰাই হট টপিক হিচাপে ছ’চিয়েল মিডিয়াত চৰ্চিত হৈছে মিঠুন৷ বাঙালী বাবু মিঠু দাদা৷ মিঠুন চক্ৰৱৰ্তীয়ে এসময়ত কলকাতাতে ডাঙৰ দীঘল হৈ মুম্বাইত নিজৰ পৰিচয় দাঙি ধৰিছিল৷ কম সময়ৰ ভিতৰতে স্বপ্নপুৰীত জনপ্ৰিয় হৈ উঠিছিল ‘ডিস্কো ডান্সাৰ’ হিচাপে৷ মৃগয়াৰ যোগেদি লাইমলাইটলৈ অহা মিঠুন চক্ৰৱৰ্তীয়ে বিয়া কৰাইছিল অভিনেত্ৰী যোগিতা বালানক৷ মিঠুন-যোগিতাৰ সংসাৰলৈ আহিছিল তিনি পুত্ৰ মিমোহ, ৰিমোহ, নামসী আৰু এগৰাকী কন্যা দিশানী৷ কন্যা দিশানী চক্ৰৱৰ্তীক দত্তক মাধ্যমেৰে তুলি লৈছিল শিল্পী দম্পতীয়ে৷ দিশানীক কলকাতাৰ এক পৰিত্যক্ত অঞ্চলৰ পৰা তুলি নিছিল মিঠুন চক্ৰৱৰ্তীয়ে৷ বৰ্তমান তিনি ভ্ৰাতৃৰ অতি মৰমৰ ভনীয়েক দিশানী৷ তাই নিউয়ৰ্কত ফিল্ম একাডেমিত অধ্যয়নৰত৷ তাই পিতৃ মিঠুন চক্ৰৱৰ্তীৰ পথেৰেই অভিনয়ত খোজ পেলাব৷ ইতিমধ্যে হোলি স্মোক নামৰ ছবিত ভুমুকি মাৰিছে দিশানীয়ে৷