Logo
image

অৱসৰৰ ইংগিত ৰ’নাল্ডো-মেছিৰ

সাম্প্ৰতিক সময়ত বিশ্বৰ দুজন অন্যতম শ্ৰেষ্ঠ ফুটবলাৰ হৈছে আৰ্জেণ্টিনাৰ লিঅ’নেল মেছি আৰু পৰ্তুগালৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডো৷ দুয়োজন ফুটবলাৰে দীৰ্ঘ সময়ধৰি বিশ্বৰ ফুটবলপ্ৰেমীক মোহাচ্ছন্ন কৰি ৰাখিছে৷ বিশ্ব ফুটবল বহু ৰেকৰ্ড আছে এই দুই ফুটবলাৰৰ নামত৷ কিন্তু বৰ্তমান তেওঁলোকৰ বয়স হৈছে৷ সেয়েহে শেহতীয়াভাৱে ফুটবল কেৰিয়াৰ সামৰাৰ বিষয়েও চিন্তা-চৰ্চা আৰম্ভ কৰিছে তেওঁলোকে৷ ১৯ জুনত ইউৰো কাপত চেক গণৰাজ্যৰ বিপক্ষে প্ৰতিদ্বন্দ্বিতা কৰিব পৰ্তুগালে৷ সেই খেলখনৰ পূৰ্বে ৩৯ বছৰীয়া ৰ’নাল্ডোৱে এটা সাক্ষাৎকাৰত কৈছিল–‘এইদৰে বছৰৰ পাছত বছৰ ফুটবল খেলি যোৱাৰ অনুভৱেই সুকীয়া৷ কিন্তু মোৰ যে এনেদৰে খেলি যোৱাৰ সামৰ্থ্য কমি আহিছে, সেই কথা মই উপলব্ধি কৰিব পাৰিছো৷ এনেদৰে প্ৰতিটো বছৰ উপভোগ কৰিব পৰাটো এতিয়া ডাঙৰ কথা৷’ উল্লেখ্য, চেক গণৰাজ্যৰ বিৰুদ্ধে হ’বলগীয়া খেলখনত অৱতীৰ্ণ হ’লেই ছবাৰৰ ইউৰো কাপত ভাগ লোৱাৰ বিৰল কৃতিত্বৰ অধিকাৰী হ’ব ৰ’নাল্ডো৷ এই প্ৰসংগত তেওঁ কয়–‘ৰাষ্ট্ৰীয় দলৰ হৈ খেলাটো সদায়েই মোৰ বাবে সবাতোকৈ প্ৰিয় কামবোৰৰ অন্যতম৷ আনহাতে, ইউৰো কাপ মোৰ বাবে এক বিশেষ টুৰ্নামেণ্ট৷ ২০০৪ চনত ইউৰোৰ প্ৰথমখন খেলাৰ সময়ত যিমান গৌৰৱ অনুভৱ কৰিছিলো, এতিয়াও সিমানেই গৰ্বিত৷’


অৱসৰৰ প্ৰসংগত মুখ খুলিছে আৰ্জেণ্টাইন তাৰকা মেছিয়েও৷ কোপা আমেৰিকাত খেলাৰ পূৰ্বে মেছিয়ে জনাইছে যে ইণ্টাৰ মায়ামিয়েই হৈছে তেওঁৰ ফুটবল কেৰিয়াৰৰ অন্তিমটো ক্লাব৷ ফৰাচী ক্লাব পি এছ জিৰ পৰা মেজ’ৰ লীগ ছ’কাৰ ক্লাব ইণ্টাৰ মায়ামিত চুক্তিবদ্ধ হৈছিল মেছি৷ আমেৰিকাৰ ক্লাবটোৰ সৈতে তেওঁ ২০২৫ চন পৰ্যন্ত চুক্তিবদ্ধ  হৈ আছে৷  তেওঁ কয়–‘ফুটবল খেলি ভাল পাওঁ৷ গোটেই জীৱন ইয়াকেই কৰিছো৷ প্ৰতিদিনে ফুটবল ফিল্ডলৈ গৈ অনুশীলন কৰা, প্ৰতিযোগিতাত অৱতীৰ্ণ হোৱা–এইবোৰ মোৰ ভাল লাগে৷ কিন্তু  মোৰ ফুটবল কেৰিয়াৰ চমু চাপি আহিছে৷ মই এতিয়াও ৰাষ্ট্ৰীয় দলৰ হৈ খেলা প্ৰতিটো মুহূৰ্ত উপভোগ কৰো৷ কিয়নো অৱসৰ লোৱাৰ পাছত এইবোৰ মুহূৰ্তৰ শূন্যতা অনুভৱ কৰিম৷’ অৱসৰৰ কথা ভাবি শংকিত হ’লেও আঠবাৰৰ বেলন ডি’অৰ বিজয়ী ফুবলাৰজনে কয় যে জীৱনৰ এৰাব নোৱৰা অংগ হৈ পৰা ক্ৰীড়াক বিদায় জনাবলৈ তেওঁ সাজু নহয়৷ বৰ্তমান কোপা আমেৰিকাৰ খিতাপ অক্ষত ৰখাৰ বাবে আৰ্জেণ্টিনা দলৰ হৈ প্ৰস্তুতি চলাই আছে মেছিয়ে৷ ২০জুনৰ পৰা আৰম্ভ হ’ব কোপা আমেৰিকা৷ উদ্বোধনী মেচত আৰ্জেণ্টিনাই খেলিব কানাডাৰ বিৰুদ্ধে৷