Logo
image

বৰষুণ দিলেই ওলাই পৰে স্মাৰ্ট চিটী গুৱাহাটীৰ ফোঁপোলাস্বৰূপঃ ঠায়ে ঠায়ে কৃত্ৰিম বানপানী, ব্যাহত স্বাভাৱিক জীৱন-যাত্ৰা

'আমাৰ অসম'ৰ মহানগৰীৰ প্ৰতিবেদক, ১৬ জুনঃ নিশা অহা এজাক বৰষুণৰ ফলত গুৱাহাটীৰ ঠায়ে ঠায়ে ভয়াৱহ কৃত্ৰিম বান সৃষ্টি হোৱাত মহানগৰবাসীৰ স্বাভাৱিক জীবন-যাত্ৰা ব্যাহত হৈ পৰিছে। উজনি অসমৰ পৰা গুৱাহাটী মহানগৰীত প্ৰৱেশ কৰা যোৰাবাটত একঁকাল কৃত্ৰিম বানপানী সৃষ্টি হোৱাত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হয়। বহু সময় যান-বাহনসমূহ যোৰাবাটৰ কৃত্ৰিম বানত আৱদ্ধ হৈ থকাত সৰ্বসাধাৰণ নাগৰিকে জীয়াতু ভুগিব লগীয়া হয়।



স্মাৰ্ট চিটী গুৱাহাটীত কৃত্ৰিম বানপানী এতিয়া যেন এক স্বাভাৱিক ঘটনাত পৰিণত হৈছে। বৰষুণ আহিলে মহানগৰীৰ অধিকাংশ পথ ডুব যায় কৃত্ৰিম বানত। নিশাৰ ভাগত অহা এজাক বৰষুণত স্মাৰ্ট মহানগৰীৰ ৰাজপথ বুৰাই পেলাই পানীয়ে। আনকি এজাক মুষলধাৰ বৰষুণে উটুৱাই নিলে গুৱাহাটীৰ অভিজাত্য। এই কৃত্ৰিম বানপানীৰ বাবে যাতায়ত স্তব্ধ হৈছে বহুকেইটা মূল পথত। চানমাৰি, জু-ৰোড, ভিআইপি ৰোড, আমবাৰী , হাতীগাও, ৰুক্মীনি গাঁও, অনিল নগৰ, নবীন নগৰ, ছয়মাইল, আদাবাৰী, জিএছ ৰোড, হেঙেৰাবাৰী, পল্টন বজাৰ, ফাঁচী বজাৰ, ফটাশিল আমবাৰী, বেলতলা, বশিষ্ঠ, যোৰাবাট, গড়চুক আদি এতিয়া পানীৰ তলত। বিয়লি কাৰ্যালয়ৰ পৰা ঘৰলৈ যোৱাত সমস্যাৰ সৃষ্টি হৈছে কৰ্মচাৰীৰ। 

একেদৰে বিদ্যালয়লৈ যোৱা ছাত্ৰ-ছাত্ৰীও পৰিছে অসুবিধাত। একঁকাল কৃত্ৰিম বানত বহু ঘাইপথত সৰ্বসাধাৰণ জনতা পানীৰ মাজত দুই-তিনি ঘণ্টা পৰ্যন্ত আৱদ্ধ হৈ থাকিব লগীয়া হৈছে। বহু যান-বাহন পানীৰ কবলত পৰি বিকল হৈ পৰে। বানপানীৰ বাবে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদে একাংশ এলেকাত বিদ্যুৎ কৰ্তন কৰি দিয়ে। ফলত অঞ্চলবাসীয়ে জীয়াতু ভুগিব লগীয়া হয়। গুৰুত্বপূৰ্ণ কথা এই যে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই দেশৰ পাঁচখন শ্ৰেষ্ঠ মহানগৰত গুৱাহাটী মহানগৰীক স্থান দিয়াৰ পৰিকল্পনা কৰিছে। স্মাৰ্ট চিটী হিচাপে গঢ়ি তোলাৰ বাবে বহু প্ৰকল্প হাতত লৈছে। কিন্তু দীৰ্ঘদিন ধৰি গুৱাহাটীৰ জনতাই সন্মুখীন হৈ অহা কৃত্ৰিম বানপানীৰ আজি পৰ্যন্ত নিয়ন্ত্ৰণ কৰিব পৰা নাই চৰকাৰে।