Logo
image

বৃহস্পতিবাৰলৈকে ৰাজ্যত অপৰিৱৰ্তিত হৈ থাকিব বতৰ!

'আমাৰ অসম'ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ১৭ জুনঃ 'ৰিমাল' নামৰ বিধ্বংসী সামুদ্ৰিক ধুমুহাৰ ফলত স্বাভাৱিক সময়তকৈ প্ৰায় এক সপ্তাহ পূৰ্বে দক্ষিণ-পশ্চিম মৌচুমী বায়ু অসমসহ উত্তৰ পূবৰ ৰাজ্যকেইখনত ৩০ মে'ত প্ৰৱেশ কৰিছে। তাৰ পাছৰে পৰা বিগত প্ৰায় ১৭ দিন ধৰি উত্তৰ পূবৰ আন ৰাজ্যৰ লগতে অসমতো মাজে সময়ে বেছিভাগ ঠাইতে পাতলীয়াৰ পৰা মজলীয়া পৰিমাণৰ আৰু ঠাইবিশেষে মজলীয়াৰ পৰা গাজনি-ঢেৰেকনিৰ সৈতে ধাৰাসাৰ পৰিমাণৰ বৰষুণ হৈ আছে। 

ইফালে গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সোমবাৰে সন্ধিয়া সদৰি কৰা অনুসৰি বংগোপ সাগৰত শেহতীয়াভাৱে সৃষ্টি হোৱা বতৰৰ কেতবোৰ পৰিঘটনাৰ বাবে আগন্তুক তিনি-চাৰিদিনলৈ উত্তৰ পূবৰ আন কেইবাখনো ৰাজ্যৰ লগতে অসমৰ আকাশ বেছিভাগ ঠাইতে মেঘাছন্ন  হৈ থকাৰ লগতে কম-বেছি পৰিমাণে বৰষুণ হৈ থাকিব। কেন্দ্ৰৰ তথ্য অনুসৰি, সোমবাৰ সন্ধিয়া পৰ্যন্ত বিগত  ২৪ ঘণ্টাত অসমৰ ভিতৰত কোকৰাঝাৰ জিলাত অভিলেখ ১৯ ছেণ্টিমিটাৰ পৰিমাণৰ বৰষুণ হৈছে। এই সময়চোৱাত গুৱাহাটীত হোৱা বৰষুণৰ পৰিমাণ আছিল ৭ ছেণ্টিমিটাৰ। আনকি নলবাৰী, বৰপেটা জিলাকে ধৰি বি টি এ ডি আৰু পশ্চিম অসমৰ আটাইকেইখন জিলাৰ বেছিভাগ ঠাইতে বিগত ২৪ ঘণ্টাত ১৩ৰ পৰা ১৫ ছেণ্টিমিটাৰ পৰিমাণৰ বৰষুণ হৈছে। 


ইফালে ভূটান সীমান্তৱৰ্তী অঞ্চলসমূহত বিগত ২৪ ঘণ্টাত ধাৰাসাৰ পৰিমাণৰ বৰষুণ হৈ থকাত ভূটানৰ পৰা বৈ অহা মানাহ, বেকী, পাগলাদিয়া আদি নৈৰ জলস্তৰ বৃদ্ধি পাইছে। ইফালে চুবুৰীয়া মেঘালয়ৰ জয়ন্তীয়া পাহাৰ জিলাৰ লগতে ডিমা হাছাও জিলাত ধাৰাসাৰ বৰষুণ হোৱাত মেঘালয়ৰ পৰা ডিমা হাছাও জিলা হৈ নগাঁও জিলাৰ মাজেৰে বৈ অহা কপিলী নৈৰ পানী ফেনে ফেটেকাৰে ওফন্দি উঠিছে। আনকি সন্ধিয়া নগাঁও জিলাৰ কামপুৰত কপিলী নৈৰ পানী বিপদসীমাৰ ওপৰেৰে বৈ আছে। সন্ধিয়া কপিলী নৈৰ জলস্তৰৰ পৰিমাণ আছিল ৬১.৮৯ মিটাৰ (বিপদসীমা ৬০.৫০ মিটাৰ)। 

তেনেদৰে  উত্তৰ পূবৰ ভিতৰত মেঘালয়ৰ গাৰো পাহাৰ জিলাৰ উইলিয়াম নগৰত ২২ চেণ্টিমিটাৰ পৰিমাণৰ বৰষুণ হৈছে। সাধাৰণতে বতৰ বিজ্ঞানৰ ভাষাত ৬৫.৫ মিলিমিটাৰ বা ৬.৫ চেণ্টিমিটাৰতকৈ অধিক পৰিমাণৰ বৰষুণ হলে তাক ধাৰাসাৰ পৰিমাণৰ বৰষুণ হোৱা বুলি কোৱা হয়। আনহাতে মৌচুমী বায়ুৰ প্ৰভাৱত  ৰাজ্যৰ সকলো ঠাইতে বিগত প্ৰায় ১৭ দিন ধৰি মাজে সময়ে বৰষুণ হৈ থকা বাবে তাপমাত্ৰা স্বাভাৱিকতকৈ ঠাইবিশেষে ১ৰ পৰা ৬ ডিগ্ৰী চেলছিয়াছ পৰ্যন্ত কমি গৈছে। ফলত ৰাইজে গৰমৰ পৰা বহুখিনী সকাহ লাভ কৰিছে।  

বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই  সোমবাৰে সদৰি কৰা অনুসৰি অহা বৃহস্পতিবাৰ পৰ্যন্ত মেঘালয়, অৰুণাচল প্ৰদেশ,  ভূটানৰ সীমান্তৱৰ্তী অঞ্চলসমূহ আৰু ডিমা হাছাও জিলাৰ কেতবোৰ ঠাইত গাজনি, ঢেৰেকনি, বজ্ৰপাতৰ সৈতে প্ৰৱল বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আনহাতে সোমবাৰৰ দিনটোত ৰাজ্যৰ প্ৰধান চহৰ কেইখনৰ সৰ্বোচ্চ তাপমাত্রা আছিল এনেধৰণৰ- গুৱাহাটীত ২৮.০ ডিগ্ৰী চেলছিয়াছ, ডিব্ৰুগড়ত ৩১.৪ ডিগ্ৰী চেলছিয়াছ, তেজপুৰত ২৮.৬ ডিগ্ৰী চেলছিয়াছ, শিলচৰত ২৬.৪ ডিগ্ৰী চেলছিয়াছ, ধুবুৰীত ২৬.০ ডিগ্ৰী চেলছিয়াছ, যোৰহাটত ৩১.০ ডিগ্ৰী চেলছিয়াছ, উত্তৰ লখিমপুৰত ৩১.৪ ডিগ্রী চেলছিয়াছ। 

আনহাতে উত্তৰ-পূবৰ স্কটলেণ্ড স্বৰূপ শ্বিলং চহৰৰ সৰ্বোচ্চ তাপমাত্ৰা আছিল ২০.৬ ডিগ্রী চেলছিয়াছ। আনহাতে  বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰা অনুসৰি আৰু যদি তিনি-চাৰিদিন পৰ্যন্ত বৰষুণ অব্যাহত থাকে তেন্তে ৰাজ্যখন পুনৰ দ্বিতীয়টো বানপানীৰ কবলত পৰাটো নিশ্চিত। আনকি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ো কিছুদিন পূৰ্বে  জিলা আয়ুক্তসকলৰ সৈতে হোৱা ভিডিঅ' কনফাৰেন্সৰযোগে হোৱা এটা অনুষ্ঠানত সকলো জিলা আয়ুক্তক সম্ভাৱ্য বান পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ সাজু হৈ থাকিবলৈ নিৰ্দেশ দিছে।