Logo
image

এইখন চৰকাৰ ৰাখিবলৈ কষ্টকৰ সংগ্ৰাম কৰিব লাগিব মোদীয়ে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৯ জুনঃ কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ মতে যিকোনো মুহূৰ্তত নৰেন্দ্ৰ মোদীৰ তৃতীয় কাৰ্যকালৰ চৰকাৰখনৰ পতন ঘটিব পাৰে আৰু এইবাৰ চৰকাৰখনৰ স্থায়িত্ব বৰ্তাই ৰাখিবলৈ মোদীয়ে অহোপুৰুষাৰ্থ কৰিবলগীয়া হ’ব৷ ৰাহুল গান্ধীৰ এই বিস্ফোৰক দাবীয়ে দেশৰ ৰাজনীতিতে নহয়, বিজেপিৰ অভ্যন্তৰতো জোকাৰণি তুলিছে৷ ব্ৰিটিছ সংবাদপত্ৰ ‘ফাইনেন্সিয়েল টাইমছ’ৰ সৈতে হোৱা সাক্ষাৎকাৰত ৰাহুল গান্ধীয়ে এই দাবী কৰিছে৷ বিদেশী সংবাদপত্ৰখনক ৰাহুল গান্ধীয়ে কয়– ‘২০২৪চনৰ লোকসভা নিৰ্বাচনত দেশৰ ৰাজনীতিৰ আমূল পৰিৱৰ্তন ঘটিছে৷ এয়া দেশৰ ৰাজনীতিৰ ইতিবাচক বা গঠনাত্মক পৰিৱৰ্তন (টেক্‌টনিক শ্বিফ্‌ট)৷ সংখ্যাৰ সমীকৰণ এইবাৰ এনে পৰ্যায়ত আছে, যি অতিশয় ভংগুৰ৷ সেয়ে সামান্য অশান্তিয়ে মোদী চৰকাৰৰ পতন ঘটাব পাৰে৷ বিজেপিয়ে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ নকৰাৰ বাবে চৰকাৰখন জীয়াই ৰাখিবলৈ মোদীয়ে অশেষ সংগ্ৰাম কৰিবলগীয়া হ’ব৷’ 


‘ফাইনেন্সিয়েল এক্সপ্ৰেছ’ত ৰাহুল গান্ধীৰ আৰু দাবী–‘আনকি মোদীৰ শিৱিৰতো গভীৰ অসন্তুষ্টিৰ সৃষ্টি হৈছে৷ চৰকাৰত থকা অনেকেই আমাৰ সৈতে সম্পৰ্ক স্থাপন আৰু সম্পৰ্ক ৰক্ষা কৰি চলিছে৷ যিকোনো সময়ত কোনো সহযোগী দলে শিৱিৰ সলনি কৰিব পাৰে৷ ঘাইকৈ বিজেপিয়ে নিৰ্বাচনী প্ৰচাৰত যি বিভেদকামী ভাৱমূৰ্তি প্ৰকট কৰিছিল, যিদৰে ঘৃণাৰ বীজ সিঁচি দিছিল, তাক লৈ বিজেপিৰ সহযোগী দল অসন্তুষ্ট৷ দেশৰ অনেক ৰাজনৈতিক দলেই বিভেদৰ ৰাজনীতি পচন্দ নকৰে৷ দেশৰ জনতায়ো বিজেপিৰ বিভেদকামী আৰু ঘৃণাৰ ৰাজনীতি প্ৰত্যাখ্যান কৰিছে৷ সেয়া নিৰ্বাচনী ফলাফলতে প্ৰকট হৈছে৷ প্ৰকৃততে বিজেপিৰ ভিত্তিতে সাম্প্ৰদায়িকতা আছে৷ সেয়া দেশবাসীৰ লগতে ৰাজনৈতিক দলৰো সমৰ্থনযোগ্য নহয়৷ এনে আদৰ্শ লৈ আগবাঢ়ি যোৱা দল এটাৰ সৈতে অসাম্প্ৰদায়িক ৰাজনৈতিক দলৰ বাবে একেলগে চৰকাৰ চলোৱা সম্ভৱ নহ’ব৷’

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ নিৰ্বাচনী প্ৰচাৰত দেশৰ মুছলমান সম্প্ৰদায়ক অনুপ্ৰৱেশকাৰী বুলি অভিহিত কৰাৰ উদাহৰণো দাঙি ধৰে ৰাহুল গান্ধীয়ে৷ মোদীয়ে প্ৰচাৰৰ সময়ত কৈছিল, সেই অনুপ্ৰৱেশকাৰীয়ে দেশৰ হিন্দু মহিলাৰ মংগলসূত্ৰ কাঢ়ি নিব৷