Logo
image

কাঞ্চনজংঘা দুৰ্ঘটনাঃ সত্য লুকুৱাইছে ৰে’ল বিভাগে, দুয়োখন ৰে’লকে এটা ট্ৰেকতে যাবলৈ দিছিল ষ্টেচন মাষ্টৰে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১৯ জুনঃ কাঞ্চনজংঘা এক্সপ্ৰেছ ৰে’লগাড়ীৰ দুৰ্ঘটনা আৰু বহু ৰে’লযাত্ৰীৰ প্ৰাণনাশৰ বাবে মালগাড়ীৰ চালকৰ ওপৰত ৰে’ল বিভাগে দোষ জাপি দিবলৈ চেষ্টা চলালেও তেওঁৰ ভুলত এই দুৰ্ঘটনা সংঘটিত হোৱা নাছিল৷ বৰং ষ্টেছন মাষ্টৰে দিয়া লিখিত নিৰ্দেশ পালন কৰিয়েই দুয়োখন ৰে’লৰ চালকে একেটা লাইনত চলাইছিল নিজ নিজ ৰে’লগাড়ী৷ সেয়ে এই ভয়ংকৰ দুৰ্ঘটনা ৰাঙাপানি ষ্টেছনৰ ষ্টেছন মাষ্টাৰৰ ভুলতে সংঘটিত হোৱা বুলি চৰকাৰী তথ্যই প্ৰমাণ কৰিছে৷ অৱশ্যে ৰে’ল ব’ৰ্ডে কৰা প্ৰাৰম্ভিক তদন্তত মালগাড়ীৰ চালকে ছিগনেল উপেক্ষা কৰি গৈ কাঞ্চনজংঘা এক্সপ্ৰেছত খুন্দা মৰা বুলি কৈছিল আৰু ৰে’ল বিভাগে এতিয়াও সেই স্থিতি সলনি কৰা নাই৷



কিন্তু সংবাদ মাধ্যমে লাভ কৰা ৰে’ল বিভাগৰ নথিয়ে কৈছে অন্য কথা৷ মালগাড়ীখনৰ চালক আৰু গাৰ্ডৰ ওপৰত লিখিত নিৰ্দেশ আছিল, স্বয়ংক্ৰিয় ছিগনেল বিকল৷ সেয়ে কিছুমান ছিগনেলত ৰঙা লাইট জ্বলি থাকিলেও মালগাড়ী চলাই নিব পাৰিব৷ একেই নিৰ্দেশ দিয়া হৈছিল কাঞ্চনজংঘা এক্সপ্ৰেছৰ চালক আৰু গাৰ্ডকো৷ দুয়োখন ৰে’লৰ চালক তথা গাৰ্ডক সেই নিৰ্দেশৰ লিখিত অনুমতিপত্ৰ দিয়া হৈছিল৷ ৰে’ল বিভাগৰ ভাষাত সেই অনুমতিপত্ৰক ‘পেপাৰ লাইন ক্লিয়েৰ টিকেট’ বা ‘পিএলচিটি’ বুলি কোৱা হয়৷ ৰে’ল সূত্ৰই জনোৱা অনুসৰি সোমবাৰে পুৱা পাঁচ বজাৰ পৰাই ৰাঙাপানি আৰু চটেৰহাট ষ্টেছনৰ মাজৰ ৰঙা লাইটৰ স্বয়ংক্ৰিয় ছিগনেল বিকল হৈ আছিল৷ সেই পৰিস্থিতিত দুয়োখন ৰে’লৰ চালকে ‘পিএলচিটি’ৰ নিৰ্দেশ অনুসৰি একেটা লাইনেৰে নিজ নিজ ৰে’লগাড়ী চলাই গৈছিল৷ ৰে’লৰ সূত্ৰ অনুসৰি ঘটনাৰ পূৰ্বে ৰাঙাপানিৰ ষ্টেছন মাষ্টৰে কাঞ্চনজংঘা আৰু মালগাড়ীৰ দুইজন চালককে ‘টিএ৯১ ফৰ্ম’ দিছিল৷ ফৰ্ম দুইখনত একেই নিৰ্দেশ দিয়া আছিল৷ সেই নিৰ্দেশ অৰ্থাৎ ‘পিএলচিটি’ত স্পষ্টভাৱে লিখা আছিল, কোন কোন ছিনেলত ৰঙা লাইট থাকিলেও তেওঁলোকে সেই ছিগনেল উপেক্ষা কৰিব পাৰিব৷ সেই অনুসৰি ৰাঙাপানিৰ পৰা চটেৰহাটললৈকে দুয়োজন চালকক নটা ৰঙা ছিগনেল উপেক্ষা কৰাৰ অনুমতি দিয়া হৈছিল৷ সেই নিৰ্দেশ মানি মালগাড়ীখন একে লাইনেৰে চলাই নিয়াৰ ফলতে এই দুৰ্ঘটনা সংঘটিত হ’ল৷