Logo
image

এই শাকে ঢাকি ৰাখে বয়সৰ ছাপ

আমাৰ অসম বিশেষঃ গ্ৰামাঞ্চলত শাক-পাচলি সহজলভ্য৷ কিন্তু কোনবিধ শাকৰ কি গুণাগুণ সেয়া বহুতেই নাজানে৷ আজিৰ আধুনিক যুগত ছোৱালী-যুৱতীসকলে বয়সৰ ছাপ লুকুৱাবলৈ বিভিন্ন প্ৰসাধনী সামগ্ৰী ব্যৱহাৰ কৰে৷ কিন্তু এই কথা জানি আচৰিত হ’ব যে বাৰীৰ শাকতো থাকে প্ৰসাধনী গুণাগুণ৷ এই ক্ষেত্ৰত  পালেং শাকৰ নাম বিশেষভাৱে উল্লেখ কৰিব পাৰি৷ পালেং শাকত থাকে খনিজ পদাৰ্থৰ লগতে ভিটামিন, পানী আৰু প্ৰচুৰ পৰিমাণে আঁহ৷ পালেং শাকে ছালৰ বিভিন্ন চাহিদা পূৰণ কৰাৰ লগতে পেটভৰ্তি কৰি ৰখাত সহায় কৰে৷ প্ৰতি ১০০ গ্ৰাম পালেং শাকত ৯০.০৮ গ্ৰাম পানী, ১.৮গ্ৰাম খনিজ পদাৰ্থ, ০.৬গ্ৰাম আঁহ, ২.১ গ্ৰাম শৰ্কৰা, ৭৯ মিলিগ্ৰাম কেলছিয়াম, ৮.৭ মিলিগ্ৰাম লৌহ পদাৰ্থ, ৭৯৪০ মাইক্ৰ’গ্ৰাম ভিটামিন ‘এ’ আৰু ১৫ মিলিগ্ৰাম ভিটামিন ‘চি’ থাকে৷

পালেং শাকৰ গুণঃ

[১] পালেং শাকত দহটাতকৈও অধিক ‘ফ্লেভনয়েড’ থাকে, যিটোৱে কৰ্কটৰ দৰে অতি জটিল ৰোগ প্ৰতিৰোধ কৰাত সহায় কৰে৷

[২]পালেঙত ‘লিউটেন’সহ কেতবোৰ গুৰুত্বপূৰ্ণ ‘ফাইট’কেমিকেল’ থাকে, যিয়ে দৃষ্টিশক্তি বঢ়োৱাত সহায় কৰে৷ 

[৩] পালেং শাকত থকা ‘বিটাকেৰ’টিনে’ চকুত ছানি পৰাৰ আশংকা কমায়৷ তদুপৰি শালমন আৰু বয়সৰেখা নাইকিয়া কৰে৷

[৪] ছাল সুৰক্ষিত কৰি ৰখাত পালেং শাকৰ ভূমিকা অনন্য৷ পুৱাৰ আহাৰত নুডলছৰ পৰিৱৰ্তে যদি এবাতি পালেং শাক খাব পৰা যায় তেন্তে দিনটোৰ বাবে আৰু চিন্তা নাই৷

[৫] পালেং শাকৰ ছুপ খালে অতিৰিক্ত ওজন হ্ৰাস পায়৷

[৬] তেজৰ গুণাগুণ বঢ়োৱাৰ ক্ষেত্ৰতো পালেং শাক উৎকৃষ্ট৷ কাৰণ পালেঙত প্ৰচুৰ পৰিমাণে ‘আইৰণ’ থাকে৷

[৭] বয়সৰ ছাপ নাইকিয়া কৰিবলৈ পালেং শাকৰ ‘পেষ্ট’ ২০ মিনিট সময়ৰ বাবে মুখমণ্ডলত লগাই ৰাখক৷ তদুপৰি পালেং শাক গাজৰ আৰু তিয়ঁহৰ সৈতে ‘ব্লেণ্ড’ কৰি নিতৌ খালে কেইদিনমানৰ ভিতৰতে ছালৰ সমস্যা আঁতৰ হয়৷ 

[৮] পালেঙত থকা ‘ফ্ৰীৰেডিকেলছে’ ছালত বয়সৰ ছাপ পৰিবলৈ নিদিয়ে৷ পালেং শাক মৌ আৰু নেমুৰ ৰসৰ সৈতে মিহলাই মুখত ঘঁহিলে উপকাৰ পোৱা যায়৷ ইয়াৰ ফলত ছাল  সতেজ হয়, হয় মসৃণ, কোমল আৰু উজ্জ্বল৷