Logo
image

আহাৰৰ প্ৰথমটো বানত প্ৰাণ হেৰুৱালে ২৭জনে

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২২ জুনঃ নেৰানেপেৰা বৰষুণৰ পৰিস্থিতি ৰাজ্যত কিছু শাম কাটিছে যদিও বান পৰিস্থিতি অপৰিৱৰ্তিত হৈ আছে৷ উজনি-নামনিৰ লগতে মধ্য অসম আৰু বৰাক উপত্যকাতো বানে তাণ্ডৱ চলাইছে৷ ৰাজ্যৰ ১৯ জিলাৰ ৬৭টা ৰাজহ চক্ৰ বানৰ কৱলত পৰিছে৷ চৰকাৰী তথ্য মতে আহাৰৰ প্ৰথমটো বানত শুকুৰবাৰলৈকে ৰাজ্যত ২৭জন লোকে প্ৰাণ হেৰুৱাইছে৷ বানৰ সমান্তৰালভাৱে অব্যাহত আছে ভূমিস্খলন৷ ঘৰ এৰি মথাউৰিত আশ্ৰয় শিবিৰতে কটাবলগীয়া হৈছে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে শ শ বানাক্ৰান্ত পৰিয়ালে৷ 

দক্ষিণ-পশ্চিম মৌচুমী বতাহৰ ফলত ৰাজ্যত অব্যাহত থকা প্ৰৱল বৰষুণ বৃহস্পতিবাৰৰ পৰা কিছু সাম কাটিছে যদিও উন্নত হোৱা নাই বান পৰিস্থিতিৰ৷ বৰাক উপত্যকাত কুছিয়াৰা, লংগাই আৰু চিংলা নদীৰ জলস্তৰ বৃদ্ধি পোৱাত কৰিমগঞ্জৰ বিভিন্ন অঞ্চল প্লাবিত হৈছে৷ বাঢ়নি পানীয়ে চিঙি নিছে ফকিৰা বজাৰ, নিলাম বজাৰ সংযোগী গড়কাপ্তানি পথ৷ ফলত লাখ লাখ লোকৰ যোগাযোগ বিছিন্ন হৈ পৰিছে৷ বৰাক উপত্যকাৰ দৰেই নামনি অসমৰ জলেশ্বৰ, লক্ষীপুৰ আদি অঞ্চলত বানে সৃষ্টি কৰিছে শোচনীয় পৰিস্থিতিৰ৷ জলেশ্বৰ বীৰছিং জেওৰাত ব্যক্তিগত প্ৰচেষ্টাত নিৰ্মাণ কৰা পথ বানে বিধবস্ত কৰিছে৷ লক্ষীমপুৰ ৰাজহ চক্ৰৰ ৪৫ খন গাঁও বানৰ কৱলত পৰিছে৷ স্থানীয় ৰংছাই হাইস্কুলৰ আশ্ৰয় শিবিৰত ৪১টা পৰিয়ালে আশ্ৰয় গ্ৰহণ কৰিছে৷ ধুবুৰী জিলাৰ ছিৰাকূটাত গৌৰাং নদীৰ বাঢ়নি পানীয়ে উটুৱাই নিলে ব্যস্ত পথ৷ ৰাইজৰ অভিযোগ নিম্নমানৰ কামৰ বাবেই বানে উটুৱাই নিলে পঞ্চায়তৰ পথ৷ কামৰূপ জিলাৰ বাইহাটাতো তিনিখন গাঁও প্লাৱিত হৈছে৷ ফলত পাঁচ শতাধিক পৰিয়াল জলবন্দী হৈ পৰিছে৷ বাইহাটাৰ উপৰিও ছিপাঝাৰৰো বহু স্থান এতিয়া প্লাৱিত৷ ডিমিলা আৰু কালপানী নদীৰ বাঢ়নি পানীত জলমগ্ন অঞ্চলটোৰ বহুত গাঁও৷ ঘৰবোৰত পানী সোমোৱাত আশ্ৰয় শিবিৰলৈ যাবলৈ বাধ্য হৈছে বহু পৰিয়াল৷ শিৱসাগৰ জিলাৰ আমগুৰিতো বৰষুণৰ ফলত কৃত্ৰিম বানৰ সৃষ্টি হৈছে৷ কাঠকটীয়া বৰুৱা আলিৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী পথছোৱা বুৰ গৈছে৷ 



ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষই সদৰি কৰা অনুসৰি বজালী জিলাৰ বজালী, সৰুপথাৰ, বাগ্‌সা জিলাৰ জলাহ, বৰপেটাৰ সৰ্থেবাৰী, বিশ্বনাথৰ হেলেম-গহপুৰ, কাচাৰৰ কাটিগড়া, বঙাইগাঁৱৰ সৃজনগ্ৰাম-বঙাইগাঁও আৰু বইতামাৰি, দৰং জিলাৰ দলগাঁও-পাথৰিঘাট-ছিপাঝাৰ-পূব মঙলদৈ- মঙলদৈ, ধুবুৰী জিলাৰ চাপৰ, গোৱালপাৰা-লক্ষীমপুৰ-ৰংজুলি-বালিজানা-দুধনৈ-মাতিয়া, হাইলাকান্দিৰ আলগাপুৰ-হাইলাকান্দি, হোজাই জিলাৰ- ডবকা- হোজাই- লংকা, কামৰূপ জিলাৰ ৰঙিয়া- বকো- হাজো, উত্তৰ গুৱাহাটী- কমলপুৰ, কামৰূপ মহানগৰ জিলাৰ আজাৰা, কৰিমগঞ্জ জিলাৰ- নিলামবজাৰ-বদৰপুৰ-কৰিমগঞ্জ, পাথাৰকান্দি- আৰ কে নগৰ, নগাঁৱৰ ৰহা- কামপুৰ, নলবাৰীৰ, বানেকুছি- ঘগ্ৰাপাৰ- বৰভাগ- টিহু- পশ্চিম নলবাৰী, দক্ষিণ শালমাৰাৰ মানকাচৰ, তামোলপুৰৰ তামোলপুৰ-গোৰেশ্বৰ আৰু ওদালগুৰি জিলাৰ মৈৰাবাৰী- হৰিশিঙা ৰাজহ চক্ৰ বানৰ কৱলত পৰিছে৷ 

চৰকাৰী তথ্য মতে, শুকুৰবাৰে বানত ওদালগুৰিত আৰু এজন লোকৰ মৃত্যু ঘটিছে৷ আনহাতে, বেচৰকাৰী তথ্য মতে আহাৰৰ প্ৰথমটো বানত ৰাজ্যত এতিয়ালৈকে সৰ্বমুঠ ৩৬ জনে প্ৰাণ হেৰুৱাইছে৷ ৰাজ্যৰ বানপীড়িতক সৰ্বতোপ্ৰকাৰে সহায় কৰিবলৈ অসমৰ কংগ্ৰেছৰ নেতা-কৰ্মীসকললৈ আহ্বান জনাইছে টুইট কৰিছে কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীয়ে৷ টুইটত গান্ধীয়ে এনেদৰে কয়– ‘বানৰ কৱলত পৰা অসমত জনজীৱন ব্যাহত হৈছে৷ এতিয়ালৈকে ৩৬জন লোকৰ মৃত্যুৰ বাতৰি আহিছে৷ ১৯ খন জিলাৰ বহু লাখ লোক বানৰ কৱলত পৰিছে৷ বানপীড়িতক সাহায্য আৰু উদ্ধাৰ অভিযান দ্ৰুততৰ কৰিবৰ বাবে অসম চৰকাৰক অনুৰোধ জনালোঁ৷ বানত মৃত্যু হোৱা নিকটাত্মীয়ক পৰ্যাপ্ত ক্ষতিপূৰণ দিবলৈ অনুৰোধ জনালোঁ৷ বানপীড়িত লোকক সৰ্বতোপ্ৰকাৰে সহায় কৰিবলৈ অসমৰ কংগ্ৰেছৰ নেতা-কৰ্মীক আহ্বান জনালোঁ৷’