Logo
image

প্ৰেম নিৱেদনেই হ’ল কাল! লাহোৰত ২ শিক্ষাৰ্থীক বহিষ্কাৰ

আমাৰ অসম, ১৫ মাৰ্চঃ প্ৰেমৰ বাবেই বিশ্ববিদ্যালয়ৰ পৰা বহিষ্কৃত হ’ল এহাল যুৱক-যুৱতী৷ এই ঘটনা লাহোৰ বিশ্ববিদ্যালয়ৰ৷ উল্লেখ্য যে, শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত লাহোৰ বিশ্ববিদ্যালয়ৰ এজন ছাত্ৰক একেখন বিশ্ববিদ্যালয়ৰ এজনী ছাত্ৰীয়ে ৰঙা গোলাপ আগবঢ়াই প্ৰেমৰ প্ৰস্তাৱ নিবেদন কৰাৰ ভিডিঅ’ ভাইৰেল হৈছিল৷ ভিডিঅ’টোত দেখা গৈছিল যে এজন যুৱকক এজনী যুৱতীয়ে আঁঠু কাঢ়ি প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াইছে৷ এই ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে লাহোৰ বিশ্ববিদ্যালয় কতৃৰ্পক্ষই যুৱক-যুৱতীহালৰ বিৰুদ্ধে অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰে৷ যাৰ পৰিণতিত দুয়োকে বিশ্ববিদ্যালয়খনৰ পৰা বহিষ্কাৰ কৰা হয়৷