Logo
image

কামাখ্যাত ৫ লাখ দেশী-বিদেশী ভক্ত

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক¸, ২৪ জুন : বিশ্বৰ অন্যতম শক্তিপীঠ হিচাপে পৰিচিত শ্ৰী শ্ৰী কামাখ্যা দেবালয়ত শনিবাৰৰ পৰা পাচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হৈছে অম্বুবাচী মেলা৷ শনিবাৰে পুৱা ৮ বাজি ৪৩ মিনিটত অম্বুবাচীৰ প্ৰবৃত্তি আৰম্ভ হোৱাৰ পূৰ্বে কামাখ্যা দেৱালয়ৰ যাৱতীয় ৰীতি - নীতিৰে পূজা অৰ্চনা কৰাৰ পাছত মন্দিৰৰ দুৱাৰ ভক্তৰ দৰ্শনৰ বাবে তিনিদিনৰ বাবে বন্ধ ৰখা হৈছে৷ অৱশ্যে অহা ২৫ জুনৰ দিনা নিশা ৯ বাজি ৮ মিনিটত অম্বুুবাচীৰ নিবৃত্তি আৰম্ভ হলেও ২১জুনৰ দিনা পুৱা কামাখ্যাৰ যাৱতীয় ৰীতি- নীতি অনুসৰি নিত্য পূজা কৰাৰ পাছতহে মন্দিৰৰ দুৱাৰ ভক্তৰ দৰ্শনৰ বাবে খোলা হব৷ ইতিমধ্যে দুদিন আগলৈকে হোৱা প্ৰতিকুল বতৰক নেওচিও আৰু ২১ জুনৰ পৰা হোৱা ফৰকাল বতৰৰ সুযোগ লৈ বাহিৰৰ পৰা অহা দেশী-বিদেশী ভক্তৰ ভীৰৰে মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে কামাখ্যা দেৱালয়সহ সমগ্ৰ নীলাচল পাহাৰ৷ চুবুৰীয়া দেশ নেপাল, ভূটান, বাংলাদেশৰ উপৰিও ইজৰাইল, জাৰ্মানকে ধৰি ইউৰোপৰো কেবাখনো দেশৰ পৰা আহিছে কিছু সংখ্যক বিদেশী ভক্ত৷ ইতিমধ্যে সেই বিদেশী ভক্তসকলে কামাখ্যা দেৱালয় চৌহদত পূৰ্ব নিৰ্ধাৰিত সূচী অনুসৰি তেওঁলোকৰ নিজা নিজা পাণ্ডাৰ ঘৰত আশ্ৰয় লোৱাৰ লগতে তাত থকা অতিথিশালাত বাহৰ পাতি যাৱতীয় পূজা অৰ্চনা কৰা দেখা গৈছে৷  ইফালে কামাখ্যা দেৱালয়ৰ বৰদেউৰী সমাজৰ বৰদলৈ কৱীন্দ্ৰ প্ৰসাদ শৰ্মাই সদৰি কৰা অনুসৰি বিগত বৰ্ষৰ দৰে এইবেলিও কামাখ্যা দেৱালয়ৰ লগতে নীলাচল পাহাৰত অম্বুবাচী মেলাত বাহিৰৰ পৰা ভক্তৰ থকা-খোৱাৰ বাবে কোনো ধৰণৰ শিবিৰ নাইবা খাদ্য যোগানৰ ব্যৱস্থা ৰখা হোৱা নাই৷  ভক্তক কেৱল পানী বা জুছ জাতীয় পানীয়হে যোগান ধৰা হৈছে৷ কেৱল দশনামি আখৰাত বাহিৰৰ পৰা অহা প্ৰায় ৫০০জন নগা সাধু-সন্ন্যাসীক ৰখাৰ ব্যৱস্থা কৰা হৈছে৷ তেনেদৰে বাহিৰৰ পৰা অহা ভক্তৰ একাংশই মন্দিৰ চৌহদত নানান বেশ-ভূশা পৰিধান কৰি দেৱীক আৰাধনা কৰাৰ লগতে বিভিন্ন যোগ প্ৰদৰ্শন কৰি আন ভক্তক আকৰ্ষণ কৰা পৰিলক্ষিত হৈছে৷ এইবেলি শনিবাৰে আৰম্ভ হোৱা অম্বুবাচীৰ প্ৰথম দিনটোত আন বছৰৰ তুলনাত ভক্তৰ ভিৰ অলপ কম আছিল যদিও আজি দেওবাৰ বন্ধ দিন হোৱা হেতুকে যথেষ্ট ভক্তৰ সমাগম হৈছে৷ দেওবাৰ নিশা পৰ্যন্ত অম্বুবাচী মেলাৰ দুটা দিনত প্ৰায় ৫ লাখ দেশী-বিদেশী ভক্তৰ সমাগম হোৱা পৰিলক্ষিত হৈছে৷ অহা ২৬ জুন পৰ্যন্ত অম্বুুবাচী মেলাত মুঠ প্ৰায় ১৩ লাখৰো অধিক ভক্তৰ সমাগম হ’ব বুলি আশা কৰা হৈছে৷ আনহাতে অম্বুুবাচী মেলা যাতে সুচাৰুৰূপে সম্পন্ন হয় তাৰ বাবে ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগ, মহানগৰ, আৰক্ষী কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ লগতে অম্বুবাচী মেলা পৰিচালনা সমিতিয়ে ব্যাপক তৎপৰতা আৰম্ভ কৰিছে৷ উল্লেখ্য যে শনিবাৰে সন্ধিয়া অসম চৰকাৰৰ পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই ব্ৰহ্মপুত্ৰ নদীৰ পাণ্ডুঘাটত ভাৰতীয় অন্তৰ্দেশীয় জলমাৰ্গ প্ৰাধিকৰণ চৌহদত অম্বুবাচী মেলালৈ অহা ভক্তৰ বাবে স্থাপন কৰা শিবিৰ মুকলি কৰি অম্বুবাচী মেলাৰ শুভাৰম্ভ কৰিছিল৷ ইফালে মেলাখন যাতে সুকলমে সম্পন্ন হয় তাৰবাবে গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত আৰু কামৰূপ মহানগৰ জিলাৰ উপায়ুক্তকে ধৰি আৰক্ষী - প্ৰশাসনৰ শীৰ্ষ বিষয়া সকলে মন্দিৰ চৌহদত বাহৰ পাতি পৰিস্থিতি তদাৰক কৰি থকা পৰিলক্ষিত হৈছে৷ উল্লেখ্য যে বাহিৰৰ পৰা অহা ভক্তৰ বাবে পাণ্ডু নদী বন্দৰ আৰু কামাখ্যা ৰেল ষ্টেচনত মুঠ তিনিটা শিবিৰ স্থাপন কৰা হৈছে৷ দুয়োটা শিবিৰত পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে৷ অম্বুবাচী মেলাৰ ব্যৱস্থাপনা শক্তিশালী কৰাৰ বাবে মন্দিৰ সংযোগী পথৰ নামনি কামাখ্যা, প্ৰশান্তি লজ আৰু ভি আই পি পাৰ্কিং স্থানত ২৪ ঘণ্টাৰ সেৱাৰ বাবে তিনিটা যৌথ নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰা হৈছে৷ ভক্তৰ গতিবিধি আৰু নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰাৰ বাবে অতিৰিক্ত তিনি শতাধিক চি চি টি ভি কেমেৰা স্থাপন কৰা হৈছে৷ শনিবাৰে দুপৰীয়াৰ পৰা কামাখ্যা মন্দিৰ সংযোগী পথত সকলো ধৰণৰ যান বাহনৰ চলাচল বন্ধ ৰখা হৈছে আৰু এই ব্যৱস্থা ২৬ জুনৰ সন্ধিয়া পৰ্যন্ত অব্যাহত থাকিব৷  এইবেলি ভক্তৰ খোজকাঢ়ি অহা-যোৱাৰ বাবে পাণ্ডু আৰু নামনি কামাখ্যাসহ দুটা পথৰ ব্যৱস্থা কৰা হৈছে৷ ইয়াৰে নামনি কামাখ্যা সংযোগী পথটো নিশা ৮ বজাত আৰু পাণ্ডু সংযোগী পথটো নিশা ৯ বজাৰ পাছত কোনো ভক্তকে প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই৷  তাৰ বিপৰীতে ভক্তক পুৱা ৫ বজাৰ পাছতহে  খোজ কাঢ়ি মন্দিৰলৈ অহা যোৱা কৰিব লাগিব৷  অম্বুবাচী মেলা সুচাৰুভাবে সম্পন্ন কৰাৰ বাবে আৰক্ষী, জিলা প্ৰশাসনকে ধৰি প্ৰায় দুই হাজাৰ বিষয়া - কৰ্মচাৰী নিয়োজিত কৰা হৈছে বুলি জিলা প্ৰশাসনৰ এক সূত্ৰই সদৰি কৰিছে৷  ইফালে এইবেলি মন্দিৰ সংযোগী দুয়োটা পথত সকলো ভক্তক শুদা ভৰিৰে খোজ কাঢ়ি যাবলৈ নিৰ্দেশনা দিয়াত নীলাচল উৰণীয়া সেতুৰ তলত আৰু নামনি কামাখ্যাৰ পদপথ, পথৰ দাঁতিত ভক্তসকলে পিন্ধি অহা জোতা, চেণ্ডেল খুলি থৈ বাধ্য হৈ খোজ কাঢ়ি অহা - যোৱা কৰিছে৷ কিন্তু উভতি অহাৰ পাছত বহু ভক্তই যথাস্থানত জোতা, চেণ্ডেল বিচাৰি নাপাই হাহাকাৰ কৰিব লগীয়া হৈছে৷ আনকি দেওবাৰে দিনৰ ভাগত জোতা, চেণ্ডেল বিচাৰি হাহাকাৰ কৰা ভক্তৰ ভিৰ নিয়ন্ত্ৰণ কৰিবলৈ আৰক্ষীয়ে লাঠীৰে খেদা - খেদি পৰ্যন্ত কৰিবলগীয়া হৈছে৷

ভক্তৰ বাবে বিশেষ অসংৰক্ষিত ৰে’ল

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক : বিশ্বৰ অন্যতম শক্তিপীঠ শ্ৰীশ্ৰীকামাখ্যা দেৱালয় চৌহদত ২২ জুনৰ পৰা পাঁচদিনীয়া কাৰ্যসূচীৰে আৰম্ভ হোৱা অম্বুবাচী মেলালৈ অহা-যোৱা কৰা ভক্তৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূব সীমান্ত ৰে’লৱেই চুবুৰীয়া ৰাজ্য পশ্চিমবংগৰ দালখেলা ৰে’লৱে ষ্টেচনৰ পৰা গুৱাহাটীলৈ এযোৰ বিশেষ অসংৰক্ষিত ৰে’লৰ চলাচল আৰম্ভ কৰিছে৷ উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দে’ই জানিবলৈ দিয়া মতে ২০ টা দবাযুক্ত বিশেষ ৰে’লখন গুৱাহাটীৰ পৰা তিনিবাৰ আৰু দালখোলাৰ পৰা তিনিবাৰকৈ অহা-যোৱা কৰিব৷ সেই অনুসৰি দেওবাৰে নিশা ১১.৫৫ বজাত বিশেষ ৰে’লখন গুৱাহাটী ৰে’লৱে ষ্টেছনৰ পৰা যাত্ৰা আৰম্ভ কৰিছে আৰু সোমবাৰে পুৱা ৯.১৫ বজাত গৈ দালখোলা ৰে’লৱে ষ্টেচন পাব৷ ৰে’লখন এই সময়সূচী অনুসৰি ২৪ আৰু ২৬ জুনলৈ দালখোলালৈ চলিব৷ তেনেদৰে ২৪, ২৫ আৰু ২৭ জুনত পুৱা ৯.৪৫ বজাত দালখোলাৰ পৰা যাত্ৰা কৰিব আৰু সন্ধিয়া ৭.৩০ বজাত আহি গুৱাহাটী ষ্টেচন পাব৷