Logo
image

‘নীট-নেট’ কেলেংকাৰিৰ চিবিআই তদন্ত ঘোষণা

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ২৪ জুন : ‘নীট’ পৰীক্ষা কেলেংকাৰিৰ তদন্ত হাতত লৈয়েই গোচৰ ৰুজু কৰি অনুসন্ধান আৰম্ভ কৰি দিছে চিবিআয়ে৷ চিবিআইৰ প্ৰথমখন এফ আই আৰ অৱশ্যে ‘নীট’ৰ স্নাতক পৰ্যায়ৰ চিকিৎসকৰ প্ৰৱেশ পৰীক্ষা সম্পৰ্কীয়হে৷ অচিৰেই আৰু এফ আই আৰ ৰুজু কৰিব তদন্তকাৰী সংস্থাটোৱে৷ তদন্তৰ স্বাৰ্থত প্ৰথমেই চিবিআই গুজৰাট আৰু বিহাৰলৈ যাব৷ কাৰণ এই দুখন ৰাজ্যতে ‘নীট’ কেলেংকাৰিৰ সৰ্বাধিক অভিযুক্ত গ্ৰেপ্তাৰ হৈছে৷ ‘নীট’ কেলেংকাৰিত জড়িত থকাৰ সন্দেহত মুঠতে ১৯ দুৰ্ধৰ্ষ খলনায়কক গ্ৰেপ্তাৰ কৰিছে ভিন ভিন ৰাজ্যৰ পৰা ভিন ভিন আৰক্ষীয়ে৷ ইয়াৰে সৰ্বাধিক ১৩ খলনায়ক হৈছে বিহাৰ আৰু গুজৰাটৰ৷ এই দুই ৰাজ্যত ব্যাপকভাৱে কেলেংকাৰি সংঘটিত হোৱাটো নিশ্চিত বুলি ধৰি লৈ গুজৰাট আৰু বিহাৰৰ পৰাই তদন্ত আৰম্ভ কৰিবলৈ সাজু হৈছে চি বি আই৷ উল্লেখ্য, শনিবাৰে উত্তৰ প্ৰদেশৰ বিশেষ তদন্তকাৰী গোটে [এছ টি এফ] নয়ডাৰ পৰা নীট কেলেংকাৰিৰ মাষ্টাৰমাইণ্ড ৰবি অত্ৰি নামৰ ‘ছ’লভাৰ গেঙ’ৰ মুৰব্বীক গ্ৰেপ্তাৰ কৰিছিল৷ বিহাৰ আৰক্ষীয়ে ঝাৰখণ্ডৰ পৰা গ্ৰেপ্তাৰ কৰিছিল পাঁচ সন্দেহযুক্তক৷ এই ১৯ সন্দেহযুক্তক চিবিআয়ে তাৎক্ষণিকভাৱে নিজৰ জিম্মাত লৈ জেৰা আৰম্ভ কৰিব৷ ‘নীট’ কেলেংকাৰি কিমান ব্যাপক আৰু বিশাল, দেশৰ কোন কোন ৰাজ্যলৈ শিপাইছে তাৰো তদন্ত কৰিব চিবিআয়ে৷ এই কেলেংকাৰিত বৃহত্তৰ ষড়যন্ত্ৰ আছেনে নাই সেয়া উদঘাটন কৰা চিবিআইৰ মূল লক্ষ্য হ’ব৷ 

শনিবাৰে নিশা কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয়ে ‘নীট’ কেলেংকাৰিৰ তদন্ত চিবিআইক অৰ্পণ কৰি কৈছিল– ‘পৰীক্ষা পদ্ধতিত স্বচ্ছতা ৰক্ষাৰ বাবে কেন্দ্ৰীয় শিক্ষা মন্ত্ৰণালয় প্ৰতিশ্ৰুতিবদ্ধ৷ সেয়ে চিবিআইক এই তদন্তভাৰ দিয়া হৈছে৷’ আনহাতে প্ৰতিবাদকাৰী সংগঠন, ছাত্ৰ-ছাত্ৰী আৰু ৰাজনৈতিক দল চিবিআইক তদন্তভাৰ দিয়াত সন্তুষ্ট নহয়৷ কিয়নো চিবিআই মোদী চৰকাৰৰ শ্ৰুতিলিপিত চলা সংগঠন বুলিয়েই শেহতীয়াকৈ এটা ধাৰণা গঢ় লৈ উঠিছে৷ চিবিআয়ে কাৰোবাক ৰক্ষা কৰি স্বাৰ্থপূৰণ কৰাৰ আশংকা দেখিছে প্ৰতিবাদকাৰীয়ে৷ তেওঁলোকে উচ্ছতম ন্যায়ালয়ৰ নিৰীক্ষণত তদন্ত হোৱাটো বিচাৰিছিল, যিটো সম্ভৱ হৈ নুঠিল৷