Logo
image

মিছৰত খনন কাৰ্যত ওলাল বিশ্বৰ আটাইতকৈ প্ৰাচীন সুৰা কাৰখানা

‘আমাৰ অসম’ ১৫ মাৰ্চ:  মিছৰৰ আবিদোছ চহৰখন পুৰাতাত্ত্বিক কীৰ্তিচিহ্নৰে ভৰা ৷  এই চহৰত খনন চলালেই পোহৰলৈ আহে শ শ বছৰ পূৰ্বৰ কাহিনী৷ কেতিয়াবা যদি প্ৰাচীন অট্টালিকাৰ অৱশেষ, কেতিয়াবা অস্ত্ৰ-শস্ত্ৰ, বিভিন্ন আচ বাব আৰু কেতিয়াবা প্ৰাচীন মূৰ্তি ওলাই আবিদোছ চহৰত চলোৱা খনন কাৰ্যত৷ এইবাৰ চহৰখনত খনন কাৰ্য চলাওতে মিছৰ আৰু আমেৰিকাৰ এদল গৱেষকে এটি সুৰা কাৰখানাৰ সন্ধান লাভ কৰে৷ প্ৰায় ২০ মিটাৰ দৈৰ্ঘৰ ৮টা বৃহৎ বৃহৎ কোঠালিত ৪০টা মাটিৰ পাত্ৰ সন্নিৱিষ্ট এই কাৰখানাটো পৃথিৱীৰ আটাইতকৈ প্ৰাচীন আৰু উৎকৃষ্ট মানৰ সুৰা উৎপাদন কৰা কাৰখানা বুলি চিহ্নিত কৰিছে গৱেষকৰ দলটোৱে৷ দলটোৰ মতে উদ্ধাৰ হোৱা কাৰখানাটো প্ৰায় ৫ হাজাৰ বছৰৰ পূৰ্বৰ বুলি ধাৰণা কৰা হৈছে৷