Logo
image

আজি খুলিব কামাখ্যা মন্দিৰৰ দ্বাৰ

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২৬ জুন : বিশ্বৰ ৫১খন শক্তিপীঠৰ অন্যতম কামাখ্যা দেৱালয় চৌহদত ২২ জুনৰ দিনা পুৱা  ৮ বাজি ৪৩ মিনিটত কামাখ্যা দেৱালয়ৰ পৰম্পৰা অনুসৰি প্ৰবৃত্তিৰে আৰম্ভ হোৱা চাৰিদিনীয়া অম্বুবাচী মেলাৰ মঙলবাৰে নিশা ৯ বাজি ৫ মিনিটত নিবৃত্তি আৰম্ভ হোৱাৰ পাছতে সামৰণি পৰে৷ অৱশ্যে বুধবাৰে পুৱা সূৰ্যোদয়ৰ পাছত কামাখ্যা দেৱালয়ৰ মুখ্য পুৰোহিতৰ নেতৃত্বত পাণ্ডা সমাজে মন্দিৰ পানীৰে ধুই চাফ-চিকুণ কৰি কামাখ্যাৰ পৰম্পৰা অনুসৰি যাৱতীয় নৃত্য পূজা সম্পন্ন কৰাৰ পাছতহে ভক্তৰ বাবে মন্দিৰৰ দুৱাৰ খুলি দিয়া হব৷ ইফালে কামাখ্যা দেৱালয়ৰ বৰদেউৰী সমাজৰ বৰদলৈ কৱীন্দ্ৰ প্ৰসাদ শৰ্মা আৰু সৰুদলৈ হিমাদ্ৰী শৰ্মাই সদৰি কৰা অনুসৰি মঙলবাৰ নিশা পৰ্যন্ত চাৰিটা দিনত অম্বুবাচী উপলক্ষে ১৭ লাখৰো অধিক ভক্তৰ সমাগম হয়৷ অৱশ্যে দেওবাৰ আৰু সোমবাৰৰ তুলনাত শেষৰ দিনটোত তুলনামূলকভাৱে ভক্তৰ সমাগম কিছু কম হোৱা পৰিলক্ষিত হয়৷ ইফালে বুধবাৰে পুৱাই মন্দিৰৰ দুৱাৰ খুলিলেই যাতে মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰি দেবীৰ আশীষ গ্ৰহণ কৰিব পাৰে তাৰ বাবে সন্ধিয়াৰ পৰাই ভক্তসকলে দীঘলীয়া শাৰী পতা পৰিলক্ষিত হৈছে৷  ইফালে প্ৰশাসনৰ নিৰ্দেশনা অনুসৰি অম্বুবাচীলৈ অহা সকলো ভক্তই খালী ভৰিৰে পদপথেৰে নামনি কামাখ্যা আৰু পাণ্ডুৰ দিশৰ পৰা মন্দিৰ চৌহদলৈ খোজ কাঢ়ি অহা-যোৱা কৰিব লগা হোৱাত বায়োজ্যেষ্ঠ ভক্তসকল ভীষণ অসুবিধাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ উৎকট গৰমৰ বাবে পকী পথ যথেষ্ট গৰম হৈ পৰাৰ বাবে ভক্তসকল কিছু কষ্টও ভোগ কৰিবলগীয়া হৈছে৷ ভক্তৰ এই দুৰৱস্থা প্ৰত্যক্ষ কৰি ৰাজ্য চৰকাৰৰ জনস্বাস্থ্য কাৰিকৰী বিভাগে বিগত চাৰিনিদিন ধৰি বিভাগৰ কেইবাখনো পানী পৰিবাহী বাহনে কামাখ্যা দেৱালয়ৰ পৰা নামনি কামাখ্যালৈকে পথত পানী ছটিয়াই আহিছে৷  নামনি কামাখ্যাৰ পৰা মূল ধামলৈকে যোৱা পথটোৰ বিভিন্ন অংশত দায়িত্বত থকা স্বেচ্ছাসেৱক তথা আৰক্ষীসকলেও ভক্তসকলক সকলো প্ৰকাৰে সহযোগিতা আগবঢ়াই আহিছে৷  খোজকাঢ়িবলৈ অসুবিধা পোৱা ভক্তক স্বেচ্ছাসেৱক তথা আৰক্ষীয়ে চিকিৎসা কেন্দ্ৰলৈ নিয়া পৰিলক্ষিত হয়৷ একেদৰেই মূল মন্দিৰ চৌহদ তথা সমগ্ৰ পথটোৰ চৌপাশে স্বচ্ছতা অটুট ৰাখিবলৈ তৎপৰ হোৱা দেখা গ’ল চাফাই কৰ্মীসকলক৷ গুৱাহাটী পৌৰ নিগমৰ চাফাই কৰ্মীৰ লগতে দেৱালয় পৰিচালনা সমিতিৰ তৰফৰ পৰাও মন্দিৰ চৌহদৰ স্বচ্ছতা অটুট ৰাখিবলৈ কিছুসংখ্যক অতিৰিক্ত চাফাই কৰ্মী মোতায়েন কৰা হৈছে৷  জানিব পৰা মতে গৰমৰ বাবে বহুসংখ্যক ভক্তই পেটৰ অসুখ, শৰীৰত পানী কমি যোৱা আদিৰ দৰে সমস্যাৰ সন্মুখীন হৈছে৷ স্বাস্থ্য শিবিৰত কৰ্মৰত চিকিৎসক তথা স্বাস্থ্যকৰ্মীসকলে তেনে ৰোগীক চিকিৎসা আগবঢ়োৱাৰ সমান্তৰালভাৱে বিনামূলীয়াকৈ দৰব-পাতিও আগবঢ়ায়৷ ৰাজ্য চৰকাৰৰ এনেধৰণৰ পদক্ষেপবোৰৰ শলাগ লৈ একাংশ ভক্তই পূৰ্বৰ তুলনাত অম্বুবাচী মেলাৰ আয়োজন এইবাৰ যথেষ্ট উন্নত হৈছে বুলি দাবী কৰিছে৷ মঙলবাৰে দিনৰ ভাগত ভক্তৰ সমাগম কম আছিল যদিও বেলি লহিওৱাৰ লগে লগেই দেৱীৰ আশীষ বিচাৰি অহা লাখ লাখ ভক্তৰ সমাগমৰে উদুলি-মুদুলি হৈ পৰে নীলাচলৰ শক্তিপীঠৰ বাকৰি৷  দিনে-নিশাই দেৱীৰ নাম জপ কৰি কামাখ্যা দেৱালয় চৌহদত এক জাগ্ৰত আধ্যাত্মিক পৰিৱেশৰ সৃষ্টি কৰিলে৷ একাংশ ভক্তই সংবাদ মাধ্যমৰ আগত সদৰি কৰা অনুসৰি অম্বুবাচী মেলাক লৈ অসম চৰকাৰে লোৱা ব্যৱস্থা পুৰ্বৰ তুলনাত ভাল হৈছে৷ কিন্নৰ আখাৰাতে এসময়ত থিয় দিব পৰা পৰিৱেশ নাছিল৷ এতিয়া পৰিৱেশ সলনি হৈছে৷ আমি সকলোবে ভালদৰে মা কামাখ্যাৰ জপ কৰিব পৰা পৰিৱেশ আহিছে৷ প্ৰখৰ ৰ’দৰ উত্তাপৰ মাজতো মঙলবাৰে মাংগলিক শংখধবনি, মন্ত্ৰোচ্ছাৰণ, যাগ-যজ্ঞৰে মুখৰ হৈ থাকিল নীলাচলৰ শক্তিপীঠ কামাখ্যা দেৱালয় চৌহদ৷ উল্লেখ্য যে গুৱাহাটীৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই মঙলবাৰ আৰু পৰৱৰ্তী দুটা দিনত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে গুৱাহাটীৰ কিছু কিছু ঠাইত পাতলীয়া বৰষুণ হ’ব পাৰে বুলি আশংকা ব্যক্ত কৰিছে৷ 

‘আমাৰ অসম’ৰ নলবাৰীৰ বিশেষ প্ৰতিনিধি : বিশ্বৰ অন্যতম শক্তিপীঠ কামাখ্যা মন্দিৰত চলি থকা অম্বুবাচী মেলাত একাংশ সাধু-সন্তক আৰক্ষীয়ে লাঠীৰে প্ৰহাৰ কৰা ঘটনাক লৈ সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে ৰাজ্যৰ পৰ্যটন মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই৷ মঙ্গলবাৰে নলবাৰীত উপস্থিত হোৱা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাক অম্বুবাচী মেলাত সাধু-সন্তক আৰক্ষীয়ে লাঠীৰে প্ৰহাৰ কৰা ঘটনা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে পুনৰ কয়– ‘সাধু-সন্তসকলে ভুল বুজিছে৷ তেওঁলোক আমাৰ নমস্য ব্যক্তি৷ তেওঁলোক আমাৰ বাবে প্ৰেৰণা আৰু আশীৰ্বাদ৷  আৰক্ষীৰ সৈতে যি ঘটনা হৈছে সেয়া ভুল বুজাবুজিৰ বাবে হৈছে আৰু কিছু সময় পিছতে পৰিস্থিতি নিয়ন্ত্ৰণ হয়৷ মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে যে সাধু-সন্তসকলৰ বাবে জুনা আখৰা আৰু আখৰা আছে৷ তাত তেওঁলোকৰ থকাৰ ব্যৱস্থা আছে৷ তেওঁলোকৰ সমস্ত দিশ দলৈ সমাজে চোৱা চিতা কৰে৷ এই ক্ষেত্ৰত চৰকাৰ আৰু প্ৰশাসনৰ কোনো কৰণীয় নাথাকে৷