Logo
image

অসমতে এলাগী অসমৰ পটভূমিত নিৰ্মিত ছবিঃ দক্ষিণৰ বিগ বাজেটৰ ছবিৰ বাবে অসমৰ ছবিগৃহত এলাগী 'কুকি'

'আমাৰ অসম'ৰ মহানগৰ সংবাদ, ২৬ জুনঃ দক্ষিণৰ বিগ বাজেটৰ ছবি 'কল্কি'ৰ বাবে অসমৰ ছবিগৃহত এলাগী অসমৰ পটভূমিত নির্মিত হিন্দী ছবি 'কুকি'। অসমৰ পটভূমিত নিৰ্মিত ছবিখনত অসমৰ এটাও ছবিগৃহত প্ৰাইম টাইম দিয়াটো দূৰৰে কথা কোনো এটা সময় নিদিয়াকলৈ বিতৰকৰ বিৰুদ্ধে গুৱাহাটীৰ ফাঁচী বজাৰত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ছবিখনৰ সৈতে জড়িত ব্যক্তিসকলৰ লগতে গুৱাহাটীৰ বহুকেইখন মহাবিদ্যালয়, বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীসকলে। প্ৰতিবাদকাৰীসকলে অসমত অসমৰ ছবি চলিবই লাগিব, বহিৰাগত বিতৰকৰ দাদাগিৰি নচলিব, বিগ বেনাৰৰ দাদাগিৰি নচলিব, অসমত কুকি চলিবই লাগিব আদি শ্ল' গান দিয়ে। প্ৰতিবাদকাৰীসকলে অসমৰ ছবিগৃহত কুকি চলিবলৈ নিদিলে বিগ বাজেটৰ ছবি 'কল্কি'ৰ পোষ্টাৰ ফালি পেলোৱাৰ কাৰ্যসূচী গ্ৰহণ কৰা হ'ব বুলিও হুংকাৰ দিয়ে। 



উল্লেখ্য, এই দুয়োখন চলচ্চিত্ৰই ২৮ জুনত মুক্তি লাভ কৰিব৷ কিন্তু 'কুকি' ছবিখনে অসমৰ কোনো এটা ছবিগৃহৰ কোনো এটা শ্ল'ট নোপোৱাৰ বাবে আক্ষেপ প্ৰকাশ কৰে প্ৰতিবাদকাৰীসকলে। উল্লেখ্য, 'কুকি' চলচ্চিত্ৰখন ২৮ জুনত মুম্বাই, দিল্লী, কলকাতা, বাংগালুৰু, চেন্নাই, পুনে চহৰসহ সমগ্ৰ দেশৰ ১০০ খন চিনেমা হ'লত মুক্তিৰ বাবে সাজু হৈছে৷ ছবিখনৰ পৰিচালনা কৰিছে প্ৰণৱ জে ডেকাই আৰু প্ৰযোজক ড° জোনমণি দেৱী খাউণ্ড।

উল্লেখ্য যে কান চলচ্চিত্ৰ মহোৎসৱত অংশগ্ৰহণ কৰা সমগ্ৰ বিশ্বৰ বহুসংখ্যক চলচ্চিত্ৰ সমালোচকে মাৰ্চ ডু ফিল্মত 'কুকি' উপভোগ কৰি চলচ্চিত্ৰখনৰ যথেষ্ট প্ৰশংসা কৰিছে। চলচ্চিত্ৰখনে ইউৰোপ আৰু আফ্ৰিকাৰ বিতৰণকাৰীসকলৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে।