জৰ্জ ফ্লয়েডৰ পৰিয়ালক ১৯৬ কোটিৰ ক্ষতিপূৰণ
বিগত বৰ্ষত আমেৰিকাত আৰক্ষীৰ হাতত মৃত্যু ঘটিছিল কৃষ্ণাংগ যুৱক ফ্লয়েডৰ
আমাৰ অসম, ১৫ মাৰ্চঃ জৰ্জ ফ্লয়েডক মনত আছেনে? আমেৰিকাৰ আৰক্ষীৰ হাতত ৰাজপথত প্ৰাণ হেৰুৱাইছিল কৃষ্ণাংগ যুৱক ফ্লয়েডে৷ শেহতীয়াকৈ ফ্লয়েড হত্যাৰ গোচৰটো নিষ্পত্তি হৈছে৷ আমেৰিকাৰ মিনিয়াপলিচ চিটী কাউন্সিলে গোচৰটো নিষ্পত্তি কৰি ফ্লয়েডৰ পৰিয়ালক ২ কোটি ৭০ লাখ ডলাৰ অৰ্থাৎ ভাৰতীয় হিচাপত ১৯৬ কোটি টকা ক্ষতিপূৰণ আদায়ৰ নিৰ্দেশ দিছে৷ তদুপৰি যিজন আৰক্ষীৰ আঁঠুৰ চেপাত শ্বাসনলী ছিঙি ফ্লয়েড মৃত্যুমুখত পৰিছিল সেই আৰক্ষীজনৰ বিৰুদ্ধে হত্যাৰ বিচাৰ চলিছে৷ আমেৰিকাৰ আইনজীৱীসকলৰ মতে দেশখনৰ নাগৰিক আন্দোলনৰ ইতিহাসত সংঘটিত হোৱা অপমৃত্যুৰ ক্ষেত্ৰত এনে বৃহৎ অংকৰ ক্ষতিপূৰণ আদায়ৰ ঘটনা এইটোৱেই প্ৰথম৷ উল্লেখ্য, যোৱা বছৰ সংঘটিত হোৱা জৰ্জ ফ্লয়েড হত্যাকাণ্ডক কেন্দ্ৰ কৰি সমগ্ৰ আমেৰিকাত কৃষ্ণাংগসকলৰ আন্দোলনে ভয়াৱহ ৰূপ ধাৰণ কৰিছিল৷






