Logo
image

অম্বুবাচী মেলাত চূড়ান্ত বিশৃংখলা প্ৰতিবাদী ভক্তৰ মুখ্যমন্ত্ৰীক ফোন

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক, ২৭ জুন : আহাৰ মাহত কামাখ্যাৰ পৰম্পৰা অনুসৰি দেৱী ঋতুমতী হোৱাৰ দিনা অৰ্থাৎ ২২ জুনৰ দিনা পুৱা ৮বাজি ৪৩ মিনিটত প্ৰবৃত্তিৰে কামাখ্যা দেৱালয়ত আৰম্ভ হোৱা অম্বুবাচী মেলাৰ মঙলবাৰে নিশা ৯ বাজি ৫ মিনিটত নিবৃত্তিৰে সামৰণি পৰে৷ অৱশ্যে বুধবাৰে পুৱা সূৰ্যোদয়ৰ পাছতে কামাখ্যা দেৱালয়ৰ মুখ্য পুৰোহিতৰ নেতৃত্বত পাণ্ডা সমাজে কামাখ্যা মন্দিৰ পানীৰে ধুই যাৱতীয় নিত্য পূজা অৰ্চনা সম্পন্ন কৰাৰ পাছতে মন্দিৰৰ দুৱাৰ ভক্তৰ বাবে খুলি দিয়া হয়৷ দুৱাৰ খোলাৰ পাছতে প্ৰথমতে সপত্নীক মন্দিৰ দৰ্শন কৰে অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়াই৷ তাৰ পাছত জ্জ বজাত দৰ্শন কৰে গুৱাহাটী উচ্ছ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণয়ে৷ ইফালে দুৱাৰ খোলাৰ পাছতেই যাতে মন্দিৰত প্ৰৱেশ কৰি দেৱীৰ আশিস গ্ৰহণ কৰিব পাৰি তাৰ বাবে হাজাৰ হাজাৰ ভক্তই মঙলবাৰে নিশাৰে পৰা শাৰী পাতিছিল৷ এই সন্দৰ্ভত কামাখ্যা বৰদেউৰী সমাজৰ বৰদলৈ কৱীন্দ্ৰ প্ৰসাদ শৰ্মাই জানিবলৈ দিয়া অনুসৰি বুধবাৰে পুৱা মন্দিৰ খোলাৰ পাছত সন্ধিয়া পৰ্যন্ত ৪০ ৰ পৰা ৫০ হাজাৰ ভক্তই পৰোক্ষ আৰু প্ৰত্যক্ষভাৱে দৰ্শন কৰে৷ অৱশ্যে পুৱাই সোভাগ্যকুণ্ডৰ সমীপত শাৰী পাতি থকা প্ৰায় ১০ হাজাৰ ভক্তক শৃংখলাবদ্ধ দৰ্শনৰ সুবিধাৰ বাবেই কুপন প্ৰদান কৰা হৈছিল৷ আনহাতে অম্বুবাচী মেলাত আটাইকেইদিনতে ১৮ লাখৰো অধিক ভক্তৰ ভিৰৰে মুখৰিত হৈ থকা শক্তিপীঠ কামাখ্যা দেৱালয় চৌহদ বুধবাৰ সন্ধিয়া পৰ্যন্ত প্ৰায় নিজম পৰা পৰিলক্ষিত হয়৷ অৱশ্যে অবশিষ্ট পাঁচ হাজাৰৰো অধিক ভক্ত নীলাচল পাহাৰত থকা বিভিন্ন স্থানত আশ্ৰয় লৈ আছে৷ অহা দুদিনৰ ভিতৰত সেই ভক্তখিনীয়ে দেৱী দৰ্শন কৰি উভতি যাব৷ যাৰ বাবে জিলা প্ৰশাসনে অহা ৩০ জুন পৰ্যন্ত কামাখ্যা মন্দিৰত বিশেষ দৰ্শনৰ সুবিধা থকা ভি আই পি পাছ বন্ধ ৰাখিছে৷ ইফালে মঙলবাৰে দিনৰ ভাগত অম্বুবাচী মেলাত জুনা আখৰাৰ পৰা অহা শতাধিক নগা সাধু আৰু কিন্নৰে জিলা প্ৰশাসন আৰু আৰক্ষীৰ লোকে হাৰাশাস্তি কৰা বুলি অভিযোগ কৰি মন্দিৰৰ প্ৰধান দুৱাৰৰ সন্মুখত প্ৰতিবাদী কাৰ্যসূচী পালন কৰিছিল৷ অৱশেষত কামাখ্যা দলৈ সমাজৰ মধ্যস্থতাত প্ৰতিবাদী কাৰ্যসূচীৰ সামৰণি পৰিছিল৷ কিন্তু বুধবাৰে দিনৰ ভাগত পুনৰ বাহিৰৰ পৰা অহা কেবা শতাধিক ভক্তই পুনৰ জিলা প্ৰশাসন আৰু আৰক্ষীৰ একাংশ লোকৰ হাৰাশাস্তি তথা তেওঁলোকৰ চৰম বিশৃংখলাৰ বাবে অম্বুবাচী মেলা বিভিন্ন দিশত অসুবিধা পোৱা বুলি তীব্ৰ অসন্তুষ্টি ব্যক্ত কৰে৷ আনকি তাৰ একাংশ ভক্তই মন্দিৰ দৰ্শন নকৰাকৈয়ে উভতি যোৱা বুলিও জানিব পৰা গৈছে৷ জানিব পৰা মতে এই ভক্ত সকলৰ বেছিভাগেই আছিল গুজৰাট আৰু উত্তৰ প্ৰদেশৰ পৰা অহা৷ উভতি যোৱা কোনো ভক্তই অসমৰ মুখ্যমন্ত্ৰীক ফোন যোগে এইবেলি অম্বুবাচীৰ সময়ত কামাখ্যা দেৱালয় চৌহদত আৰক্ষী আৰু প্ৰশাসনৰ কিছু বিষয়াৰ বাবে বিশৃংখলতাৰ সৃষ্টি হোৱা আৰু তাৰ বাবে তেওঁলোক দৰ্শনৰ পৰা বঞ্চিত হবলগীয়া হল বুলি মুখ্যমন্ত্ৰীক অৱগত কৰিছে৷ আনহাতে বিগত প্ৰায় এটা সপ্তাহ ধৰি দেশ-বিদেশৰ অগণন ভক্তৰ সমাবেশৰে উখল-মাখল পৰিৱেশৰ সৃষ্টি হোৱা নীলাচল পাহাৰত আক্ষৰিক অৰ্থতে বুধবাৰে নিশা প্ৰায় নিজম পৰাত ঠাইবিশেষে মৰিশালিৰ নীৰৱতাই বিৰাজ কৰা পৰিলক্ষিত হয়৷  বিগত এটা সপ্তাহ ধৰি আধ্যাত্মিক পৰিৱেশৰে মুখৰিত হৈ পৰিছিল সমগ্ৰ নীলাচল পাহাৰ৷ উল্লেখ্য যে লোকবিশ্বাস অনুসৰি শক্তিপীঠত অম্বুবাচীৰ প্ৰবৃত্তিৰ পাছত আৰম্ভ হোৱা অম্বুবাচী মেলাৰ সময়ত নাৰীশক্তিৰ প্ৰতীকস্বৰূপ দেৱী- কামাখ্যাৰ আশীৰ্বাদ বিচাৰি লাখ লাখ ভক্তৰ সমাগম হয় নীলাচল পাহাৰত৷ ইফালে কামাখ্যা দেৱালয় পৰিচালনাৰ দায়িত্বত থকা কামাখ্যা বৰদেউৰী সমাজৰ বৰদলৈ কৱীন্দ্ৰ প্ৰসাদ শৰ্মাই জনিবলৈ দিয়া মতে অম্বুবাচী মেলাত এইবেলি কমেও ১৮ লাখ ভক্তৰ সমাগম হৈছিল৷  ইফালে প্ৰথম বাৰৰ বাবে তলৰ পৰা সকলো ভক্তকে খালী ভৰিৰে খোজ কাঢ়ি যোৱাটো বাধ্যতামূলক কৰাত ভক্তসকল দিনৰ ভাগত গৰমৰ বাবে ভীষণ অসুবিধাৰ সন্মুখীন হবলগীয়া হৈছিল৷ তেনেদৰে অম্বুবাচী মেলাৰ নামত যান - জট নিয়ন্ত্ৰণৰ বাবে দীনেশ গোস্বামী পথৰ মালিগাঁৱৰ পৰা কামাখ্যাগেট সংযোগী প্ৰায় তিনি কিলোমিটাৰ দৈৰ্ঘ্যৰ নীলাচল উৰণীয়া সেতুখনৰ তলেৰে যান-বাহনৰ চলাচল বন্ধ কৰা হৈছিল যদিও বুধবাৰে বিয়লি ভক্তৰ ভিৰ কমি যোৱাৰ পাছত পাঁচদিনৰ অন্ততঃ উৰণীয়া সেতুৰ তলেৰে যান-বাহন চলাচলৰ বাবে খুলি দিয়া হয়৷ আনহাতে অম্বুবাচী মেলাৰ লগত সংগতি ৰাখি ভূতনাথ-কালিপুৰত বুধবাৰ দুপৰীয়া পৰ্যন্ত বিগত পাঁচদিন ধৰি গুৱাহাটীৰ চাহানী কাৱৰীয়া তৰফৰ পৰা অম্বুবাচী মেলালৈ অহা ভক্ত সকলৰ বাবে খাদ্য, পানী যোগান ধৰা হৈছিল৷ বুধবাৰে পুৱা কুমাৰী পূজাৰে সামৰণি পৰে মা কামাখ্যাৰ অমৃত ভাণ্ডাৰ৷ ২৫১টা কন্যা শিশুক লৈ এই বিশেষ কুমাৰী পূজাৰ আয়োজন কৰা হৈছিল৷

কামাখ্যাত চুৰি ম’বাইলসহ দম্পতীক গ্ৰেপ্তাৰ

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক: ঐতিহ্যমণ্ডিত কামাখ্যা ধামত অনুষ্ঠিত হোৱা অম্বুবাচী মেলত চোৰ-পকেটমাৰ টিঘিলঘিলনীযে সৰ্বসাধাৰণ ভক্ত প্ৰাণ ৰাইজক আতংকিত কৰি ৰাখিছে৷ চোৰ-পকেটমাৰে অম্বুবাচী মেলত ভক্ত প্ৰাণ ৰাইজৰ নগদ ধন আৰু মোবাইল ফোন লুট কৰি এক আতংকৰ সৃষ্টি কৰি আহিছে৷ নীলাচলৰ কামাখ্যাত ২২ জুনৰ পৰা আৰম্ভ হৈছে অম্বুবাচী মেলা৷ এই মেলা উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা তথা বহিঃৰাজ্যৰ পৰা আহি ভিৰ কৰিছে লাখ লাখ ভক্তই৷ এই ভক্তসকল এতিয়া টাৰ্গেট হৈ পৰিছে বহিঃৰাজ্যৰ পৰা অহা একাংশ চোৰ-পকেটমাৰৰ৷ ভিৰৰ সুযোগত ভক্তৰ পৰা চুৰ কৰিছে ম’বাইল, বেগ আদি৷ বিশেষকৈ কামাখ্যা ৰে’ল ষ্টেচন আৰু ভক্তৰ শিবিৰত যোৱা তিনি দিনত বহুকেইটা ম’বাইল ফোন আৰু মানি বেগ চুৰি হোৱা ঘটনা সংঘটিত হৈছে৷ এই চোৰৰ বিৰুদ্ধে কামাখ্যা ৰে’ল সুৰক্ষা বাহিনীয়ে [আৰ পি এফ] অভিযান চলাই কালি বহিঃৰাজ্যৰ এহাল দম্পতীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ কামাখ্যা ষ্টেচনত এজন ভক্তৰ পৰা ম’বাইল ফোন চুৰ কৰিবলৈ লওঁতেই ৰে’ল সুৰক্ষা বাহিনীয়ে হাতে-লোটে গ্ৰেপ্তাৰ কৰে দম্পতীহালক৷ ধৃত দম্পতীহাল ডিমাপুৰৰ ছাহিদ আৰু সুনীতা চৌহান বুলি জানিব পৰা গৈছে৷ ৰে’ল সুৰক্ষা বাহিনীয়ে দুয়োৰে পৰা ৫টা চুৰি ম’বাইল ফোন, ৩,৫৭০ টকা নগদ ধন জব্দ কৰে৷ দম্পতীহালক পিচত চৰকাৰী ৰে’ল আৰক্ষীক চমজাই দিয়া হয়৷ ঘটনা সন্দৰ্ভত আৰক্ষীয়ে থানাত এটা গোচৰ পঞ্জীয়ন কৰি তদন্ত অব্যাহত ৰাখিছে৷