Logo
image

জাৰ্মানীত অনুশীলন চলাব লাভলীনাই

নতুন দিল্লী, ২৭ জুন : পেৰিছ অলিম্পিকৰ পূৰ্বে জাৰ্মানীত অনুশীলন চলাব দেশৰ আগশাৰীৰ বক্সাৰ তথা অসম সন্তান লাভলীনা বৰগোহাঁইয়ে [৭৫কেজি]৷ লাভলীনাসহ পাঁচজনীয়া সদস্যৰ ভাৰতীয় বক্সাৰে জাৰ্মানীত এমাহৰ বাবে অনুশীলনত অংশ ল’ব৷ এই শিবিৰ আৰম্ভ হ’ব ২৮ জুনৰ পৰা৷ জাৰ্মানীৰ ছাৰব্ৰাকেনত থকা অলিম্পিক চেণ্টাৰত লাভলীনা, নিখত জেৰীনসহ  [৫০কেজি] ভাৰতীয় বক্সাৰে আয়াৰলেণ্ড, আমেৰিকা, মংগোলিয়া, জাৰ্মানী আৰু ডেনমাৰ্কৰ জাতীয় দলৰ সৈতে অনুশীলন চলোৱাৰ সুযোগ পাব৷ ভাৰতীয় দলটোৰ সৈতে যাবলগা সকলৰ ভিতৰত  লাভলীনা আৰু নিখতৰ লগতে আছে ২০২৩ বিশ্ব চেম্পিয়নশ্বিপত ব্ৰ? পদক জয়ী নিশান্ত দেৱ [৭১কেজি], প্ৰীতি পাৱাৰ [৫৪কেজি] আৰু জেছমিন লেম্বোৰিয়া [৫৭কেজি]৷ কমনৱেলথ গেমছত স্বৰ্ণ পদক জয়ী অমিত পাংগালে [৫১কেজি] অৱশ্যে ‘ছাই’ৰ শ্বিলাৰু কেন্দ্ৰত অনুশীলন চলাই যাব৷ তেওঁ দলৰ অৱশিষ্ট সকলৰ সৈতে যোগ দিব ফ্ৰান্সত৷ চাৰি গৰাকী মহিলা আৰু দুজন পুৰুষসহ ছয় ভাৰতীয় বক্সাৰে পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছে৷ জাৰ্মানীত অনুশীলন চলোৱাৰ পাছতে ভাৰতীয় দলটো ফ্ৰান্সৰ ৰাজধানী চহৰ পেৰিছলৈ ৰাওনা হ’ব৷