Logo
image

জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰীয়া পুৰণি ভূত

১৮সংখ্যক লোকসভাৰ প্ৰথমখন অধিৱেশনত প্ৰথমতে অধ্যক্ষ ওম বিৰলাই জৰুৰীকালীন অৱস্থা জাৰি কৰাক গৰিহণা দিলে আৰু তাৰ পাছতেই ৰাষ্ট্ৰপতিয়ে নতুনকৈ গঠিত সংসদৰ প্ৰথমটো ভাষণতেই ক’লে, ‘আজি ২৭ জুন, ১৯৭৫ চনৰ ২৫ জুনত জৰুৰীকালীন অৱস্থা জাৰি কৰাটো সংবিধানৰ ওপৰত কৰা আক্ৰমণৰ  আটাইতকৈ বৃহৎ আৰু কালিমাময় অধ্যায় আছিল৷ সমগ্ৰ দেশখনেই প্ৰচণ্ড ক্ষোভ অনুভৱ কৰিছিল৷ কিন্তু দেশখনে এনে অসাংবিধানিক শক্তিসমূহৰ বিৰুদ্ধে জয়লাভ কৰিছিল, কাৰণ প্ৰজাতন্ত্ৰৰ পৰম্পৰা দেশখনৰ আমঠুত আছে৷’ ৰাষ্ট˜পতিৰ পাছতে উপ-ৰাষ্ট˜পতি তথা ৰাজ্যসভাৰ অধ্যক্ষ জগদীপ ধানকাৰেও একে সুৰতেই জৰুৰীকালীন অৱস্থা জাৰি কৰাটোক ভাৰতীয় গণতন্ত্ৰৰ বাবে ক’লা অধ্যায় বুলি অভিহিত কৰে৷ অধ্যক্ষ ওম বিৰলাই কংগ্ৰেছ দলৰ নাম উল্লেখ কৰিলেও ৰাষ্ট˜পতিয়ে কিন্তু নিজৰ ভাষণত কংগ্ৰেছ দলৰ নাম উল্লেখ কৰা নাছিল৷ স্বাভাৱিকভাৱেই কংগ্ৰেছ দলে এই সমস্ত ঘটনাৱলীৰ সংসদৰ বাহিৰে-ভিতৰে তীব্ৰ বিৰোধিতা কৰিছে৷ 

জৰুৰীকালীন অৱস্থা জাৰি কৰাৰ আধা শতিকা অতিবাহিত হ’ল৷ এতিয়া তৃতীয়বাৰৰ বাবে একক সংখ্যাগৰিষ্ঠতা নাপালেও সহযোগী দলৰ স’তে চৰকাৰ গঠন কৰা বিজেপিয়ে নিজৰ তৃতীয়টো কাৰ্যকালৰ আৰম্ভণিতেই জৰুৰীকালীন অৱস্থাৰ মৃতদেহটো খান্দি উলিওৱাৰ বা সেই মৃতদেহৰ একো অৱশিষ্ট নাথাকিলেও জৰুৰীকালীন অৱস্থাৰ ভূতটোকে পুনৰ দেখুওৱাৰ প্ৰচেষ্টা চলাইছে কিয়? কোৱা বাহুল্য যে ইয়াৰ প্ৰধান উদ্দেশ্য গণতন্ত্ৰৰ প্ৰতি অচলা নিষ্ঠা প্ৰদৰ্শন কৰাটো নহয়, ইয়াৰ প্ৰধান উদ্দেশ্য হ’ল বিৰোধী দল কংগ্ৰেছক শ’লঠেকত পেলোৱা আৰু নিজকে গণতন্ত্ৰ আৰু সংবিধানৰ একনিষ্ঠ সেৱকৰূপে প্ৰতিষ্ঠা কৰা৷ 

হৈ যোৱা নিৰ্বাচনটোত কগ্ৰেছৰ আসন প্ৰায় দুগুণ বাঢ়ি ১০০ হ’ল, বিজেপিৰ আসন ৩০৩১ পৰা কমি ২৪০ হ’ল৷ বিজেপিয়ে নিজাকৈ সংখ্যাগৰিষ্ঠতা হেৰুৱালে৷ বিজেপিয়ে যিমান আসন হেৰুৱালে কংগ্ৰেছে প্ৰায় সিমান আসন নতুনকৈ অধিকাৰ কৰিলে৷ সংসদত মাত্ৰ ২খন আসনেৰে নিজৰ ৰাজনৈতিক যাত্ৰা আৰম্ভ কৰা বিজেপিয়ে ভালকৈ জানে যে তেওঁলোকে যদি ২খনৰ পৰা ৩০৩খন আসন পাব পাৰে আৰু ৪০০খন আসন পোৱাৰ আশা কৰিব পাৰে, তেনেহ’লে ইতিমধ্যে ৪০০তকৈ অধিক আসন অধিকাৰৰ অভিলেখ গঢ়ি থোৱা কংগ্ৰেছেও ভৱিষ্যতে পুনৰ ৩০০খন আসন পোৱাটো একেবাৰেই অসম্ভৱ নহয়৷ এই নিৰ্বাচনটোত কংগ্ৰেছে সংবিধানখনক এক মুখ্য অস্ত্ৰৰূপে ব্যৱহাৰ কৰিলে৷ অন্ততঃ কিছুমান সমষ্টিত কংগ্ৰেছে ভোটাৰক সফলতাৰে এই কথা বুজোৱাত সক্ষম হ’ল যে বিজেপিয়ে সংখ্যাৰ জোৰত সংবিধানখন সংশোধন কৰি নিজৰ নিগাজী শাসন প্ৰতিষ্ঠা কৰিব বিচাৰে, যিখন সংবিধানে অনুসূচিত জাতি-জনজাতি, পিছপৰা শ্ৰেণী, অ’বিচি, দলিত দুখীয়া শ্ৰেণীক বিশেষ অধিকাৰ দি তেওঁলোকক সামাজিক ন্যায় প্ৰদান কৰিছে, সেই সংবিধানখন সলনি কৰি বিজেপিও তেওঁলোকৰ অধিকাৰ কাঢ়ি নিব বিচাৰে৷ কংগ্ৰেছ তেওঁলোকৰ সেই অধিকাৰ ৰক্ষাৰ পক্ষত, কংগ্ৰেছ সংবিধান ৰক্ষাৰ পক্ষত৷ কংগ্ৰেছৰ এই নিৰ্বাচনী কৌশল সম্পূৰ্ণৰূপে নহ’লেও কিছু পৰিমাণে হ’লেও সফল হ’ল৷ সংসদত বিজেপি মিত্ৰজোঁটৰ আসন কমিল, কংগ্ৰেছ মিত্ৰজোঁটৰ আসন বাঢ়িল৷ এতিয়া সংসদত চৰকাৰী পক্ষৰ বিৰোধীতকৈ ৫০খন আসনহে বেছি আছে৷ সংসদত এতিয়া বিৰোধী পক্ষৰ সবল উপস্থিতি আছে৷ 

বিজেপিয়ে সেয়েহে আৰম্ভণিতেই কংগ্ৰেছৰ সংবিধানৰ ৰক্ষকৰূপে নিজকে প্ৰতিষ্ঠা কৰি লাভ কৰিব বিচৰা ৰাজনৈতিক অগ্ৰগতিক প্ৰতিহত কৰিব বিচাৰিছে৷ এইবাৰ নিৰ্বাচনত বিজেপিয়ে ৰাম মন্দিৰ, হিন্দুত্ব, মুছলমানবিদ্বেষ, হিন্দু ৰাষ্ট˜বাদেৰে নিজৰ আগৰ আসনকেইখনকেই ধৰি ৰাখিব নোৱাৰিলে৷  তেওঁলোকে সংবিধান সলাই হিন্দু ৰাষ্ট˜ প্ৰতিষ্ঠা কৰিব বুলি বিয়পি পৰা ধাৰণাটোৱে হিন্দু ভোট বঢ়োৱাৰ সলনি হ্ৰাসহে কৰিলে৷ সংবিধান ৰক্ষাক সঁচাকৈয়েই এটা নিৰ্বাচনী ইছ্যুত পৰিণত কৰাত কংগ্ৰেছ কিছু হ’লেও সফল হ’ল৷ বিজেপিয়ে ভবাৰ দৰে হিন্দু ৰাষ্ট˜ প্ৰতিষ্ঠাৰ নামত গণতন্ত্ৰ-প্ৰজাতন্ত্ৰ বিসৰ্জন দিবলৈ বিজেপিৰ সমৰ্থকৰ মাজতেই বহুজন এতিয়াও প্ৰস্তুত নহয় বুলি এইবাৰৰ নিৰ্বাচনত প্ৰমাণ হ’ল৷ গতিকে ৰাজনীতিৰ সহজাত কৌশল অৱলম্বন কৰি এতিয়া বিজেপিয়ে প্ৰমাণ কৰিব বিচাৰিছে যে কংগ্ৰেছ সংবিধানবিৰোধী, গণতন্ত্ৰবিৰোধী, কাৰণ আধা শতিকা আগতে কংগ্ৰেছে ভাৰতত জৰুৰীকালীন অৱস্থা জাৰি কৰি গণতন্ত্ৰক হত্যা কৰিছিল৷ বিৰোধী কংগ্ৰেছ দলে  যিখন সংবিধানক তেওঁলোকৰ ৰাজনৈতিক শক্তিৰূপে প্ৰতিষ্ঠা কৰিছে, সেইখন সংবিধানকেই আধা শতিকা আগতে কংগ্ৰেছে হত্যা কৰিব বিচাৰিছিল বুলি প্ৰমাণ কৰি কংগ্ৰেছৰ শক্তি হ্ৰাস কৰাৰ প্ৰচেষ্টা চলিছে৷ নিৰ্বাচনৰ সময়ৰ সমস্ত কাহিনীটোকেই সংসদৰ অধিৱেশনৰ আৰম্ভণিতেই ওলোটা কৰি বিজেপিয়ে নিজকে সংবিধানৰ ৰক্ষক আৰু কংগ্ৰেছক সংবিধানৰ হত্যাকাৰী বুলি প্ৰমাণ কৰিব বিচাৰিছে৷ 

জৰুৰীকালীন অৱস্থা ভাৰতৰ ইতিহাসৰ, বিশেষকৈ গণতান্ত্ৰিক ভাৰতৰ ইতিহাসৰ এক ক’লা অধ্যায়, ইন্দিৰা গান্ধীৰ স্বৈৰতান্ত্ৰিক প্ৰৱণতাৰ চূড়ান্ত প্ৰকাশ৷ ভাৰতৰ গণতান্ত্ৰিক ৰাষ্ট˜ব্যৱস্থাৰ এক বিৰাট বিফলতা৷ একে সময়তে সেই জৰুৰীকালীন অৱস্থাৰ বিৰুদ্ধে কৰা সংগ্ৰাম ভাৰতৰ ইতিহাসৰ এক গৌৰৱোজ্জ্বল অধ্যায়৷ বিবদমান ৰাম জনমভূমি-বাবৰি মছজিদৰ ধবংস আৰু তাৰ পাছত সমগ্ৰ দেশজুৰি হোৱা সাম্প্ৰদায়িক সংঘৰ্ষও আছিল ভাৰতৰ গণতান্ত্ৰিক ৰাষ্ট˜ব্যৱস্থাৰ, সংবিধানৰ শাসন প্ৰৱৰ্তনৰ ক্ষেত্ৰত এক বিৰাট বিফলতা৷ ভাৰতৰ ৰাষ্ট˜ব্যৱস্থাৰ বিফলতাৰ, শাসকৰ স্বৈৰতান্ত্ৰিক প্ৰৱণতাৰ আন বহু উদাহৰণ আছে৷ এই অভিযোগৰ পৰা বিজেপি-কংগ্ৰেছ কোনেও হাত সাৰিব নোৱাৰে৷ 

আশাৰ বতৰা এয়ে যে পৰম শক্তিশালী বুলি ভবা বিজেপিৰ পৰা ভাৰতৰ ৰাইজে এইবাৰ ৬৩খন আসন কাঢ়ি আনি আনক দিলে৷ বিৰোধী কংগ্ৰেছক ধৰাশায়ী কৰিবৰ বাবে হ’লেও বিজেপিয়ে ১৮সংখ্যক সংসদৰ আৰম্ভণি সংবিধান আৰু গণতন্ত্ৰৰ ওপৰত হোৱাৰ আক্ৰমণৰ আলোচনাৰে, সংবিধান ৰক্ষাৰ আলোচনাৰে আৰম্ভ কৰিবলগীয়া হৈছে৷ গণতন্ত্ৰ নিঃসন্দেহে মানুহে আজিলৈ গঢ়ি তোলা আটাইতকৈ শ্ৰেষ্ঠ শাসন ব্যৱস্থা৷ ৰাজতন্ত্ৰ, ফেচিষ্ট শাসন, কমিউনিষ্ট শাসনৰ নিৰ্মমতা দেখাৰ পাছত ইয়াৰ বহু খঁুত সত্ত্বেও গণতন্ত্ৰ আটাইতকৈ উত্তম ব্যৱস্থা আৰু ইয়াৰ উত্তৰণৰ বহু সম্ভাৱনা আছে৷ অৰ্থনৈতিক আৰু সামাজিক ন্যায় প্ৰদানৰ ক্ষেত্ৰত ইয়াৰ বহু সম্ভাৱনা আছে৷ ভাৰতৰ সংসদত যদি গণতন্ত্ৰ আৰু সংবিধান মূল আলোচনাৰ বিষয় হৈছে, সেয়া প্ৰকাৰান্তৰে গণতন্ত্ৰৰেই বিজয়৷