Logo
image

গুৱাহাটী বিশ্ববিদ্যালয়ত মাৰ্কশ্বীট ছিণ্ডিকেট, আৰএছএছ নেতা ধৃত

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২৯ জুন : গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বীট কেলেংকাৰিৰ ঘটনাক লৈ ৰাজ্যজুৰি এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ ধনৰ বিনিময়ত বিশ্ববিদ্যালয়ৰ বাহিৰ-ভিতৰৰ অসাধু বিষয়া-কৰ্মচাৰী চক্ৰই মাৰ্কশ্বীটত ছাত্ৰ-ছাত্ৰীৰ নম্বৰ বৃদ্ধি কৰাৰ তথ্য পোহৰলৈ অহাৰ পাছতেই গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰচ’ৰাত হাহাকাৰ লাগিছে৷ বৰপেটাৰোডৰ গণেশ লাল চৌধুৰী মহাবিদ্যালয়ৰ আজিজুল হক নামৰ স্নাতক ষষ্ঠ ষান্মাসিকৰ এজন ছাত্ৰই জালিয়াতিৰে মাৰ্কশ্বীটত নম্বৰ বৃদ্ধি কৰাৰ ঘটনা উন্মোচন হোৱাৰ পাছতেই বৰপেটা আৰক্ষী আৰু চি আই ডিয়ে যৌথ তদন্ত অব্যাহত ৰাখিছে৷ খোদ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজেই সমগ্ৰ ঘটনাটোৰ তদন্ত নিৰীক্ষণত ৰখাৰ কথা সদৰী কৰিছে৷ তাৎপৰ্যপূৰ্ণভাৱে বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বীট জালিয়াতিৰ কাণ্ডত নাম সাঙোৰ খাই পৰিছে আৰএছএছ নেতাৰ৷ বৰপেটা আৰক্ষীয়ে শুকুৰবাৰে নিশা ধুবুৰী চহৰৰ মাজমজিয়াৰ পৰা মাৰ্কশ্বীট জালিয়াতি কাণ্ডত জড়িত আৰএছএছ নেতা তথা ধুবুৰী আইন মহাবিদ্যালয়ৰ কনিষ্ঠ সহায়ক শিৱতোষ মাহাতোক গ্ৰেপ্তাৰ কৰে৷ ধৃত শিৱতোষ মাহাতো বিজেপিৰ পিতৃ সংগঠন ৰাষ্ট˜ীয় স্বয়ং সেৱক সংঘ অৰ্থাৎ আৰএছএছৰ ধুবুৰী নগৰ সমিতিৰ সম্পাদক৷ লক্ষণীয়ভাৱে বিশ্ববিদ্যালয়ৰ  মাৰ্কশ্বীট কেলেংকাৰি ঘটনাত মাষ্টাৰ মাইণ্ডসহ মুঠ ৬ জন লোক আৰক্ষীৰ জালত পৰিছে৷ এই ঘটনাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাহিৰ-ভিতৰৰ বৃহৎ ‘নেক্সাছ’ জড়িত থকাৰ সন্দেহ কৰা হৈছে৷ এই স্পৰ্শকাতৰ বিষয়টোৰ সন্দৰ্ভত বৃহস্পতিবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব  শৰ্মাই বৰপেটাত সংবাদ মাধ্যমৰ আগত কয়–‘গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বীটত নম্বৰ বৃদ্ধিৰ ঘটনাটো বিগত জ্জ দিন ধৰি বিশ্লেষণ কৰি থকা হৈছে৷ বিশ্ববিদ্যালয়ৰ কম্পিউটাৰ চিষ্টেমক যিসকলক চলাবলৈ দিয়া হৈছে, তেওঁলোকেই ল’ৰা-ছোৱালীৰ পৰা ধন লৈ মাৰ্কশ্বীটত নম্বৰ বৃদ্ধি কৰি আহিছে৷ বৰপেটাতে এনে ৬-জ্জ টা ঘটনা পোহৰলৈ আহিছে আৰু এজন মুখ্য আৰোপীক গ্ৰেপ্তাৰ কৰিছে৷ মই আৰক্ষীক বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ লগতো কথা পাতিবলৈ ক’ম৷ বিশ্ববিদ্যালয়ৰ কম্পিউটাৰাইজ্‌ড ছীষ্টেমটো এনেকুৱা যে সাধাৰণ অপাৰেটৰ এজনেও মাৰ্কশ্বীটত নম্বৰ বঢ়াই দিব পাৰে৷ এনেদৰে কিমান নম্বৰ বঢ়াইছে হিচাপ নাই৷ জি এল চি কলেজৰ ঘটনাইহে সমস্ত কাণ্ড পোহৰলৈ আনিলে৷ আন আন বিশ্ববিদ্যালয়তো অনুৰূপ কাণ্ড সংঘটিত হৈ থাকিব পাৰে! আৰক্ষীয়ে এতিয়ালৈ ৬ জনক গ্ৰেপ্তাৰ কৰিছে৷ হয়তো তদন্তত আৰু বহু ল’ৰা-ছোৱালীৰ নাম পোহৰলৈ আহিব৷’ লক্ষণীয়ভাৱে বিশ্ববিদ্যালয়ৰ ভিতৰৰ পৰাই মাৰ্কশ্বীটত ধনৰ বিনিময়ত নম্বৰ বৃদ্ধিৰ দুষ্কাৰ্য পোহৰলৈ অহাত কাৰ্যতঃ কাঠগড়াত উঠিছে গুৱাহাটী বিশ্ববিদ্যালয় কতৃৰ্পক্ষও৷ মুখ্যমন্ত্ৰীৰ বক্তব্যৰ পাছতেই আৰক্ষীৰ তদন্তত সকলো ধৰণৰ সহযোগিতা আগবঢ়াব বুলি সদৰী কৰি শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ প্ৰতাপজ্যোতি সন্দিকৈয়ে কয়– ‘বিগত ৩ জুনতে এই বিষয়টোক লৈ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পাইছিল৷ বৰপেটা আৰক্ষীয়ে গোচৰটো তদন্তৰ বাবে লৈছিল৷ সেই দিনাই আমাৰ ফালৰ পৰা বৰপেটা আৰক্ষীক সকলো ধৰণৰ সহযোগিতাৰ কথা কৈছিলোঁ৷ পৰীক্ষা নিয়ন্ত্ৰককো তলব কৰি বিষয়টো জনাবলৈ কৈছিলোঁ৷ তেতিয়া তেওঁ বিশ্ববিদ্যালয়ৰ ছীষ্টেমত জালিয়াতি হোৱাৰ আশংকা নাই বুলি জনাইছিল৷ বিশ্ববিদ্যালয়ে তদন্তত চি আই ডিক সকলো প্ৰকাৰৰ সহায় কৰিব৷ বিশ্ববিদ্যালয়ৰ পৰীক্ষাৰ অনলাইন ব্যৱস্থাৰ দায়িত্বত থকা ‘আই ইউ এম এছ’ৰ লগত  চুক্তিৰ অন্ত পৰিব৷ ২০২২ চনৰ পৰা আমি নতুন ছীষ্টেমত আপলোড কৰিছোঁ৷’ ইফালে গুৱাহাটী বিশ্ববিদ্যালয় স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নেতৃত্বই সদৰী কৰা মতে, দীৰ্ঘদিনৰ পৰা বিশ্ববিদ্যালয়ৰ এটা চক্ৰই মাৰ্কশ্বীটত নম্বৰ বৃদ্ধি কৰাৰ কথা চৰ্চা হৈ আহিছে যদিও ইয়াৰ কোনো সঠিক প্ৰমাণ নথকাৰ বাবে চক্ৰটোক উৎখাত কৰিব পৰা হোৱা নাছিল৷ লক্ষণীয়ভাৱে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত ৩০০খন মহাবিদ্যালয় আছে৷ ইয়াৰ অধীনৰ ছাত্ৰ-ছাত্ৰীৰ সংখ্যা হৈছে প্ৰায় জ্জ লাখ৷ এইসকল ছাত্ৰ-ছাত্ৰীৰ একাংশক ষান্মাসিকত ‘বেক’  উঠাই দিয়াৰ নামত অসাধু চক্ৰটোৱে ধনৰ বিনিময়ত মাৰ্কশ্বীটত নম্বৰ বৃদ্ধি কৰি আহিছে৷ শুকুৰবাৰে বিশ্ববিদ্যালয় চৌহদলৈ যায় চিআইডিৰ এটা দল৷ দলটোৱে পৰীক্ষা নিয়ন্ত্ৰকৰ সৈতে কথা পতাৰ উপৰি কম্পিউটাৰ ব্যৱস্থা পৰিচালনা কৰা ‘আইইউএমএছ’ৰ  স্থানীয় মুৰব্বীজনক জেৰা কৰে৷ চিআইডিৰ দলটোৱে পৰীক্ষাৰ ষ্ট˜ংৰূম আৰু প্ৰশাসনিক ভৱনৰ একাংশত তালাচী চলায়৷ ইয়াৰ পূৰ্বেও চিআইডিয়ে আইইউএমছৰ মুৰব্বীজনক জেৰা কৰিছিল৷ [‘আমাৰ অসম’ৰ বৰপেটাৰ ষ্টাফ ৰিপ’ৰ্টাৰৰ সহযোগত]

ধুবুৰীৰ আৰএছএছ নেতাক গ্ৰেপ্তাৰ

‘আমাৰ অসম’ৰ ধুবুৰীৰ প্ৰতিবেদক : গুৱাহাটী বিশ্ববিদ্যালয়ৰ মাৰ্কশ্বীট জালিয়াতিৰ ঘটনাক  লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ স্থিতিৰ পাছত এতিয়া তীব্ৰ অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে৷ জানিব পৰা মতে, মাৰ্কশ্বীট কেলেংকাৰিৰ ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত বৰপেটাৰ পৰা মূল মাষ্টাৰ মাইণ্ডক গ্ৰেপ্তাৰ কৰাৰ পাছত শুকুৰবাৰে বৰপেটা আৰক্ষীৰ এটা দলে ধুবুৰী আৰক্ষীৰ সহযোগত এজন কম্পিউটাৰ শিক্ষকক আটক কৰে৷ ধুবুৰী আইন মহাবিদ্যালয়ৰ শিৱতোষ মাহাতো নামৰ কম্পিউটাৰ শিক্ষক জনক  গ্ৰেপ্তাৰ কৰাৰ কাৰণ বা কোনো ধৰণৰ তথ্য দিয়াৰ পৰা বিৰত আছে আৰক্ষী৷ ধৃত শিৱতোষ মাহাতো ধুবুৰী নগৰ আৰএছএছৰ সম্পাদক৷