Logo
image

সমৰ্থ প’ৰ্টেল শেষ পৰ্যায়তো অসমৰ্থ, শিক্ষাৰ্থীৰ হাহাকাৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ২৯ জুন : স্নাতক শ্ৰেণীত নামভৰ্তিৰ বাবে শিক্ষা বিভাগে প্ৰস্তুত কৰি উলিওৱা পৰ্টেল ‘সমৰ্থ’ শেষ পৰ্যায়তো অসমৰ্থ৷ ফলত ৰাজ্যৰ কলেজে কলেজে শিক্ষাৰ্থী-অভিভাৱকৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ নামভৰ্তিৰ বাবে আবেদন কৰা শিক্ষাৰ্থীয়ে বিষয়ৰ বিকল্প বাছনি, কলেজ বাছনি আদিৰ ক্ষেত্ৰত সীমাহীন সমস্যাৰ সন্মুখীন হোৱাৰ বিষয়ে সংবাদ মাধ্যমত সবিস্তাৰে বাতৰি  প্ৰকাশ পাইছে নিৰন্তৰভাৱে৷ তৎস্বত্বেও ‘সমৰ্থ’ৰ ত্ৰুটি অস্বীকাৰ কৰিও জিলাই জিলাই বিশেষজ্ঞ নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছিল শিক্ষা বিভাগে৷ কিন্তু শেষ পৰ্যন্ত তেনে কোনো বিশেষজ্ঞ নিযুক্তি দিয়া পৰিলক্ষিত নহ’ল৷ উল্লেখ্য, এজন মাত্ৰ সহকাৰী অধ্যাপকে পৰিচালনা কৰি আছে সমৰ্থ পৰ্টেলটো যাৰ কোনো কাৰিকৰী জ্ঞান নাই৷ গুৱাহাটী মহাবিদ্যালয়ৰ ইংৰাজী বিষয়ৰ সহকাৰী অধ্যাপক প্ৰাঞ্জল প্ৰতীম বৰুৱাক নিয়োগ কৰা  হৈছে ‘সমৰ্থ’ পৰিকল্পনাৰ বাবে৷ উচ্ছ শিক্ষা বিভাগে বৰুৱাক বিশেষ কৰ্তব্যৰত বিষয়া [অএছডি] ৰূপে নিযুক্তি দিছে৷ শিক্ষা সঞ্চালক, উপ-সঞ্চালক আদিয়েও অ’এছডি জনৰ কথামতে নামভৰ্তিৰ কাম পৰিচালনা কৰে৷ সমৰ্থৰ জৰিয়তে দুটা পৰ্যায়ত নামভৰ্তি প্ৰক্ৰিয়া সম্পন্ন হৈছে যদিও দুয়োটা পৰ্যায়ত নামভৰ্তিৰ হাৰ অতি কম৷ বাধ্য হৈ শিক্ষা বিভাগে ২৯, ৩০ জুন আৰু ৰ জুলাইত স্প’ট নামভৰ্তিৰ নিৰ্দেশ দিছে৷ এই সময়ছোৱাত কোনো মহাবিদ্যালয়ত যদি আসন খালী থাকে তেনেহ’লে নিজৰ মহাবিদ্যালয়ৰ নীতি নিৰ্দেশনাৰ ভিত্তিত আবেদন কৰা শিক্ষাৰ্থীৰ নামভৰ্তি কৰিব পাৰিব৷ আজি পৰ্যন্ত ‘সমৰ্থ’ৰ জৰিয়তে আবেদন নকৰা ছাত্ৰ-ছাত্ৰীৰ বাবে স্পট এডমিশ্বনৰ সুবিধা দিব বুলি শিক্ষা বিভাগৰ নীতি নিৰ্দেশনাত প্ৰকাশ পাইছে৷ পূৰ্বে সমৰ্থত  পঞ্জীয়ন কৰিব নোৱাৰা ছাত্ৰ-ছাত্ৰীয়েও স্পট এডমিশ্বন ল’ব পাৰিব যদিও তেওঁলোকে ‘সমৰ্থ’ত নাম পঞ্জীয়ন কৰিব লাগিব৷ অৱশ্যে শিক্ষা বিভাগে সকলো কলেজক ‘সমৰ্থ’ত নাম পঞ্জীয়নৰ বাবে একোটা ‘হেল্প ডেস্ক’ মুকলি কৰি ছাত্ৰ-ছাত্ৰীক সহায় কৰিবলৈ নিৰ্দেশ দিছে৷ কিন্তু ৰাজ্যৰ সকলো কলেজতে ২৯, ৩০ জুন আৰু  ১ জুলাইত স্পট এডমিশ্বনৰ দিন নিৰ্ধাৰণ কৰাত একাংশ শিক্ষাৰ্থী অভিভাৱক ক্ষুন্ন হৈ পৰিছে৷ এনে কৰাৰ ফলত কলেজ বাছনিৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীৰ সমস্যা হ’ব বুলি অভিভাৱকসকলে অভিযোগ কৰিছে৷