Logo
image

মহানগৰীৰ পদপথত বন্ধ হ'ব ব্যৱসায়ঃ চানমাৰি উৰণসেতুৰ নিৰ্মাণ সম্পূৰ্ণ হ'লেই আঁতৰ কৰা হ'ব খাওঁগলি!

'আমাৰ অসম'ৰ মহানগৰ সংবাদ,২৯ জুনঃ গুৱাহাটী মহানগৰীৰ পদপথৰ ব্যৱসায়ীক উদ্দেশ্যি গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই শনিবাৰে সংবাদ মাধ্যমৰ সন্মুখত বিশেষ ঘোষণা কৰে।



তেওঁ কয়, "এতিয়াৰে পৰা মহানগৰীৰ পথৰ য'তে-ত'তে কৰিব নোৱাৰিব পদপথৰ ব্যৱসায়। গুৱাহাটী পৌৰ নিগমৰ নিৰ্ধাৰিত ভেণ্ডিং জ'নতহে কৰিব পাৰিব ব্যৱসায়। টাউন ভেণ্ডিং কমিটীয়ে অতি শীঘ্ৰে ৮১ টা ভেণ্ডি জ'ন ঘোষণা কৰিব। সেই নিৰ্ধাৰিত ভেণ্ডিং জ'নতহে পদপথৰ ব্যৱসায়ীসকলে ব্যৱসায় কৰিব পাৰিব। এই কমিটীৰ অধ্যক্ষৰ দায়িত্বত আছে গুৱাহাটী পৌৰ নিগমৰ আয়ুক্ত। সেইদৰে মহানগৰীৰ বিদ্যালয়, মন্দিৰ, নামঘৰ, ক্লাব আদিৰ সন্মুখত কৰিব নোৱাৰিব পদপথৰ ব্যৱসায়৷আমি অতি শীঘ্ৰে মহানগৰীৰ ১০-১৫ টা স্থানত ন-ভেণ্ডিং জ'নৰ ফলক লগাম। মহানগৰবাসীৰ যাতায়ত সুবিধাৰ প্ৰতি লক্ষ্য ৰাখি আমি পদক্ষেপ গ্ৰহণ কৰিম। তদুপৰি মহানগৰীৰ পদপথ এৰি একাংশ ফল-মূল, ফাষ্টফুডৰ ব্যৱসায়ীয়ে ৰাজপথ দখল কৰি আছে। সেয়েহে তেওঁলোকক ৰাইজৰ সুবিধাৰ্থে আঁতৰাই দিয়া হ'ব। সেইদৰে নিবনুৱা সমস্যা সমাধানৰ বাবে পদপথৰ ব্যৱসায়ীসকলৰ সুবিধাৰ্থে থাকিব ৮১ টা ভেণ্ডিং জ'ন। চানমাৰি উৰণসেতুৰ নিৰ্মাণ সম্পূৰ্ণ হ'লেই আঁতৰ কৰা  চানমাৰিৰ খাওঁগলি।" উল্লেখ‍্য, দীঘলীপুখুৰীৰ পাৰৰ খাওঁগলি আঁতৰ কৰাৰ ইংগিত দিয়ে মেয়ৰ শৰণীয়াই।