Logo
image

তিহাৰতেই দিন কটাব লাগিব মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৩০ জুন : চিবিআইৰ ৩ দিনীয়া জিম্মাৰ অন্ত পৰাৰ অন্তত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আদালতে ১৪ দিনৰ বাবে কাৰাগাৰলৈ প্ৰেৰণ কৰিছে৷ শনিবাৰে পুনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰা কেজৰিৱালে কমেও অহা ১২ জুলাইলৈ তিহাৰ কাৰাগাৰত কটাবলগীয়া হ’ব৷ অৱশ্যে ১৪ দিনৰ পাছতে কেজৰিৱালে কাৰামুক্তি লাভৰ তেনে কোনো উজ্জ্বল সম্ভাৱনা নাই৷ কিয়নো একেই আৱকাৰী নীতি কেলেংকাৰি গোচৰত তেওঁক ইয়াৰ পূৰ্বে ইডিয়ে গ্ৰেপ্তাৰ কৰি ৰাখিছে আৰু সেই গোচৰতো কেজৰিৱালক আদালতে জামিন দিয়া নাই৷ তাৰ উপৰি এতিয়া কেজৰিৱালৰ বিৰুদ্ধে যোগ হৈছে চিবিআইৰ নতুনকৈ তৰা গোচৰ৷ অহা ১২ জুলাইত ২ বজাত চিবিআইৰ গোচৰৰ ক্ষেত্ৰত নতুন দিল্লীৰ ৰাউছ এভিনিউ আদালতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে শুনানি গ্ৰহণ কৰিব৷ সেই শুনানিৰ অন্তত তেওঁক পুনৰ কাৰাগাৰলৈ নিক্ষেপ কৰাৰে আশংকা আছে৷ কাৰণ, চিবিআয়ে অৰবিন্দ কেজৰিৱালক প্ৰভাৱশালী হিচাপে উল্লেখ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে৷ মুখ্যমন্ত্ৰীৰ পৰা পদত্যাগ নকৰা কেজৰিৱালে জামিন লাভ কৰিলে এই গোচৰৰ ক্ষেত্ৰত প্ৰভাৱ বিস্তাৰ কৰিব পৰা ক্ষমতাৰ বিষয়ে চিবিআয়ে যুক্তি দিলে আদালতে সেই যুক্তি মানি ল’ব পাৰে৷ এই মুহূৰ্তত কেজৰিৱালৰ জামিনৰ ক্ষেত্ৰত ডিঙিৰ কাঁইট হৈছে তেওঁ এৰি নিদিয়া মুখ্যমন্ত্ৰীৰ পদ৷ ইয়াৰ পূৰ্বে উচ্ছতম ন্যায়ালয়ে এই কেলেংকাৰিৰ আন এটা গোচৰৰ প্ৰসংগত মুখ্যমন্ত্ৰীৰ পদ খামুছি ধৰি থকা কেজৰিৱালৰ ক্ষমতাৰ প্ৰতি ইমান খক কিয় বুলি পৰ্যবেক্ষণত মন্তব্য কৰিছিল৷ সাধাৰণতে ফৌজদাৰী গোচৰত গ্ৰেপ্তাৰ হোৱাৰ লগে লগে নৈতিক দায়িত্ব লৈ যিকোনো মন্ত্ৰীয়ে মন্ত্ৰিত্বৰ পদৰ পৰা পদত্যাগ কৰে৷ কেজৰিৱালে ২১ মাৰ্চৰ পৰা গ্ৰেপ্তাৰ হৈ থাকিও মুখ্যমন্ত্ৰীৰ পদ এৰি নিদি অহংকাৰী মনোবৃত্তি প্ৰদৰ্শন কৰাটো আদালতে সহজভাৱে গ্ৰহণ কৰা নাই৷ যোৱা চ্ছ জুনত চিবিআয়ে কেজৰিৱালক গ্ৰেপ্তাৰ কৰিছিল৷ একে আবকাৰী নীতি কেলেংকাৰি গোচৰত কাৰাবন্দী হৈ থকা কেজৰিৱালক ২৫ জুনত চিবিআয়ে তিহাৰ কাৰাগাৰতে জেৰা কৰিছিল৷ সেইদিনা ৰাউছ এভিনিউ আদালতৰ জামিনৰ ৰায় নাকচ কৰি তেওঁক দিল্লী উচ্ছ ন্যায়ালয়ে পুনৰ কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল৷

কেজৰিৱালৰ গ্ৰেপ্তাৰৰ প্ৰতিবাদত মহানগৰীত আপৰ বিক্ষোভ 

সমগ্ৰ দেশৰ লগতে গুৱাহাটীতো শনিবাৰে আম আদমী পাৰ্টিয়ে কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷ দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টিৰ ৰাষ্ট্ৰীয় আহ৩ায়ক অৰবিন্দ কেজৰিৱালক দিল্লী চৰকাৰৰ আবকাৰী নীতি সন্দৰ্ভত অনিয়ম সংঘটিত কৰাৰ অভিযোগ আৰু অবৈধভাৱে ধনৰ সৰবৰাহ কৰাৰ ভুৱা গোচৰত ইডি আৰু চিবিআইৰ জৰিয়তে গ্ৰেপ্তাৰ কৰি কাৰাগাৰত আৱদ্ধ কৰি ৰখাৰ বিৰুদ্ধে  আম আদমী পাৰ্টিয়ে প্ৰতিবাদ সাব্যস্ত কৰে৷ গুৱাহাটীৰ বশিষ্ঠস্থিত প্ৰদেশ বিজেপিৰ কাৰ্যালয় বাজপেয়ী ভৱনৰ সন্মুখত আপৰ বহুসংখ্যক নেতা তথা স্বেচ্ছাসেৱকে বিক্ষোভ প্ৰদৰ্শন কৰে৷ প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আপৰ ৰাজ্যিক আহ৩ায়ক ডাঃ ভবেন চৌধুৰীয়ে কয়- ‘‘ কোনো তথ্য প্ৰমাণ অবিহনে এটা ভুৱা গোচৰত আমাৰ দলৰ নেতা তথা দিল্লীৰ মুখ্যমন্ত্ৰীক কাৰাবন্দী কৰি ৰাখিছে৷ বিজেপিয়ে দলৰ ৰাজনৈতিক হাথিয়াৰ হিচাপে ইডি আৰু চিবিআইক ব্যৱহাৰ কৰিছে৷ শাসক দলে ইডি চিবিআইৰ জৰিয়তে বিৰোধী শক্তিৰ কণ্ঠ ৰোধ কৰাৰ অপচেষ্টাত লিপ্ত হৈছে৷ আমি ইয়াৰ বিৰুদ্ধে আজি দেশজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ৷ ‘‘ বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰা আপৰ প্ৰতিবাদকাৰী সকলক আৰক্ষীয়ে বাধা দিয়াৰ মাজতে বহুসংখ্যক আপৰ কৰ্মীয়ে ‘কেজৰিৱালক মুক্তি দিয়ক’, মোদী চৰকাৰৰ স্বৈৰতন্ত্ৰ নিপাত যাওক’, ‘ তানাছাহী নেহী চলেগা’ আদি শ্লোগান দি উত্তাল পৰিবেশৰ সৃষ্টি কৰে৷ বিক্ষোভ কাৰ্যসূচীত অংশগ্ৰহণ কৰা দলৰ জ্যেষ্ঠ নেত্ৰী অনুৰূপা ডেকাৰজাই কয়, ‘‘ বিগত তিনি মাহ ধৰি আমাৰ দলৰ ৰাষ্ট্ৰীয় আহ৩ায়ক কেজৰিৱালক অন্যায়ভাৱে কাৰাবন্দী কৰি ৰাখিছে৷ দিল্লীৰ ৰাউছ এভেনিউ আদালতে অবৈধ ভাৱে ধন সৰবৰাহৰ কোনো তথ্য প্ৰমাণ নোপোৱাৰ বাবে কেজৰিৱালৰ জামিনৰ নিৰ্দেশ দিছিল৷ কিন্তু ইডিয়ে উচ্ছ ন্যায়ালয়ৰ কাষ চপাত আদালতে কেজৰিৱালৰ জামিনৰ ক্ষেত্ৰত স্থগিতাদেশ দিয়ে৷ তাৰ পাছতে সম্পূৰ্ণ ষড়যন্ত্ৰমূলক ভাৱে জে’লৰ ভিতৰতে চিবিআয়ে কেজৰিৱালক গ্ৰেপ্তাৰ কৰে৷ দুৰ্নীতিৰ কোনো প্ৰমাণ নথকা স্বত্ত্বেও এনেদৰে দেশৰ জনপ্ৰিয় নেতা তথা এগৰাকী নিৰপৰাধী ব্যক্তিক বিজেপিৰ নিৰ্দেশত ইডি, চিবিআয়ে নিৰ্যাতন চলাইছে৷ দেশত বিজেপিৰ মন্ত্ৰীসকলে শ শ টকাৰ কেলেংকাৰী কৰিছে৷ কিন্তু ষড়যন্ত্ৰৰ বলি হৈছে অৰবিন্দ কেজৰিৱাল৷ আমি কেজৰিৱালৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছো আৰু আশা কৰিছোঁ যে শীঘ্ৰেই প্ৰিয় নেতাগৰাকী জে’লৰ পৰা মুকলি হৈ আহিব৷”