Logo
image

দলত ৰোহিতসহ ৩ ভাৰতীয় ক্ৰিকেটাৰ

 নতুন দিল্লী, ৩০ জুন : ক্ৰিকেট অষ্ট্ৰেলিয়াই [চি এ]  টি-টুৱেণ্টী বিশ্বকাপৰ শ্ৰেষ্ঠ একাদশ  বাছি উলিয়াইছে৷ এই দলত ভাৰতৰ তিনিজন, আফগানিস্তান আৰু অষ্ট্ৰেলিয়াৰ দুজনকৈ আৰু দক্ষিণ আফ্ৰিকা, আমেৰিকা আৰু বাংলাদেশৰ এজনকৈ খেলুৱৈয়ে স্থান লাভ কৰিছে৷ টি-টুৱেণ্টী বিশ্বকাপ ২০২৪১ ফাইনেলৰ  পূৰ্বেই প্ৰতিযোগিতাখনৰ শ্ৰেষ্ঠ একাদশ ঘোষণা কৰে ক্ৰিকেট অষ্ট্ৰেলিয়াই৷ ক্ৰিকেট অষ্ট্ৰেলিয়াই ঘোষণা কৰা শ্ৰেষ্ঠ দলত অ’পেনাৰ হিচাপে স্থান লাভ কৰিছে ভাৰতীয় দলৰ অধিনায়ক ৰোহিত শৰ্মাই৷ শনিবাৰৰ ফাইনেলৰ আগলৈকে ৰোহিতে প্ৰতিযোগিতাখনৰ সাতটা ইনিংছত ২৪৮ ৰান সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে৷ অ’পেনাৰ হিচাপে স্থান লাভ কৰা আনজন খেলুৱৈ হ’ল অষ্ট্ৰেলিয়াৰ তাৰকা ট্ৰেভিছ হেড৷ প্ৰতিযোগিতাখনৰ সাতখন মেচত হেডৰ সংগ্ৰহ ২৫৫৷ শনিবাৰৰ ফাইনেলৰ আগলৈকে প্ৰতিযোগিতাখনত সৰ্বাধিক ৰান কৰা সকলৰ তালিকাত হেডৰ স্থান দ্বিতীয়৷ অৱশ্যে, টি-টুৱেণ্টী বিশ্বকাপত ভাৰতীয় দলক সঠিক দিশত আগুৱাই নিলেও ক্ৰিকেট অষ্ট্ৰেলিয়াৰ শ্ৰেষ্ঠ একাদশত নেতৃত্ব লাভ নকৰিলে ৰোহিতে৷ দলটোৰ অধিনায়ক হিচাপে স্থান লাভ কৰিছে আফগানিস্তানৰ ৰছিদ খানে৷ উইকেটৰক্ষক হিচাপে অষ্ট্ৰেলিয়া দলত স্থান নহ’ল ভাৰতৰ ঋষভ পণ্টৰ৷ এই দায়িত্ব লাভ কৰিছে ৱেষ্ট ইণ্ডিজৰ নিকোলাছ পুৰানে৷ সাতটা ইনিংছত পুৰানৰ সংগ্ৰহ ২২৮ ৰান৷ বেটিং ক্ৰমৰ চাৰি নম্বৰত স্থান লাভ কৰিছে আমেৰিকাৰ এৰন জোনছে৷ দলত অলৰাউণ্ডাৰ হিচাপে আছে মাৰ্কাছ ষ্টইনিছ আৰু হাৰ্দিক পাণ্ডিয়া৷ প্ৰতিযোগিতাখনত হাৰ্দিকে ফাইনেলৰ আগলৈকে  ১৩৯ ৰান কৰাৰ লগতে আঠটা উইকেট হস্তগত কৰিছে৷ বলিং লাইন আপত আছে দুজন স্পিনাৰ ৰছিদৰ লগতে বাংলাদেশৰ ৰিছাদ হোছেইন৷ বেগী বলাৰ হিচাপে আছে যশপ্ৰীত বুমৰা আৰু ফজলহক ফাৰুকি৷ দক্ষিণ আফ্ৰিকাৰ বলাৰ এনৰিচ নৰ্কিয়াও আছে দলত৷ ভাৰতৰ কুলদীপ যাদৱ আৰু অৰ্শদীপ সিঙৰ স্থান নহ’ল ক্ৰিকেট অষ্ট্ৰেলিয়াৰ শ্ৰেষ্ঠ একাদশত৷ সম্পূৰ্ণ দলটোঃৰোহিত শৰ্মা, ট্ৰেভিছ হেড, নিকোলাছ পুৰান, এৰন জোনছ, মাৰ্কাছ ষ্টইনিছ, হাৰ্দিক পাণ্ডিয়া, ৰছিদ খান [অধিনায়ক], ৰিছাদ হোছেইন, এনৰিচ নৰ্কিয়া, যশপ্ৰীত বুমৰা আৰু ফজলহক ফাৰুকি৷