Logo
image

বলীউডৰ ধনী গায়িকা কোন?

বলীউডৰ সংগীত জগতখন তোলপাৰ লগাই থকা মহিলা কণ্ঠশিল্পী বুলিলেই সম্প্ৰতি মনলৈ আহে শ্ৰেয়া ঘোষাল, নেহা কক্কৰ, সুনীধি চৌহান, মোনালী ঠাকুৰ আদিৰ নাম৷ বলীউডৰ সূত্ৰমতে সম্প্ৰতি জনপ্ৰিয়তাৰ শীৰ্ষত আছে শ্ৰেয়া, নেহা, সুনিধিৰ নাম৷ 



জনপ্ৰিয়তাৰ ক্ষেত্ৰত প্ৰথমেই নাম ল’ব লাগিব শ্ৰেয়া ঘোষালৰ নাম৷ বলীউডৰ নেপথ্য গায়িকাৰ ক্ষেত্ৰত অতি জনপ্ৰিয় গায়িকা হিচাপে বাঙালী গায়িকা শ্ৰেয়া ঘোষাল এক নম্বৰত আছে৷ জানিব পৰা মতে শ্ৰেয়াৰ মুঠ সম্পত্তিৰ পৰিমাণ ১৮০ৰ পৰা ১৮৫ কোটি টকা৷ সম্পত্তিৰ নিৰিখত তালিকাত শ্ৰেয়াৰ পাছতে আছে সুনীধি চৌহানৰ নাম৷ সুনীধিৰ মুঠ সম্পত্তিৰ পৰিমাণ ১০০ কোটি টকা৷ সুনীধিৰ পাছতে ধনী গায়িকা হিচাপে তালিকাত আছে নেহা কক্কৰ৷ তেওঁৰ সম্পত্তিৰ পৰিমাণ ৪০ কোটি টকা৷ 

আশ্চৰ্যকৰ কথা যে শ্ৰেয়া, সুনীধি তথা নেহাক চেৰ পেলাই বলীউডৰ ধনী গায়িকা হিচাপে তালিকাৰ প্ৰথম স্থানত আছে লাইম লাইটত নথকা তুলসী কুমাৰৰ নাম৷ বলীউডৰ সূত্ৰমতে তুলসীৰ মুঠ সম্পত্তিৰ পৰিমাণ ২০০ কোটি টকা৷ উল্লেখ্য তুলসী হ’ল জনপ্ৰিয় সংগীত পৰিচালক-প্ৰযোজক গুলছান কুমাৰৰ কন্যা৷ ২০০৬ চনত হিন্দী ছবিত গান গাবলৈ  আৰম্ভ কৰে তুলসীয়ে৷ চুপ চুপ কে, হমকো দিৱানা কৰ গয়ে, অকছৰ টম, ভুল ভুলাইয়া, পাঠশালা, আশিকী-২, দবং-২, ৰেডী, বয়, সাহো, বাঘি-৩, সিংঘম আদি ছবিত গীত গাইছে তুলসীয়ে৷