Logo
image

অলিম্পিকৰ বাবে ভাৰতীয় দলৰ খৰচ ৩৩ কোটি ৬৮ লাখ টকা!

চাৰি বছৰ পূৰ্বে ২০২০ চনৰ টকিঅ’ অলিম্পিকত ভাৰতে পাইছিল মুঠতে সাতটা পদক, য’ত আছিল এটা স্বৰ্ণপদকৰ লগতে দুটা ৰূপ আৰু চাৰিটা ব্ৰঞ্জৰ পদক৷ অলিম্পিকত এয়া আছিল ভাৰতৰ শ্ৰেষ্ঠ প্ৰদৰ্শন৷ এইবাৰ ভাৰতৰ লক্ষ্য হৈছে অলিম্পিকত পদকৰ সংখ্যা দ্বি-অংকলৈ বৃদ্ধি কৰা৷ এই লক্ষ্যৰে পূৰ্বৰ তুলনাত ভাৰতৰ অলিম্পিকৰ প্ৰস্তুতিৰ বাবে আবণ্টিত ধনো বৃদ্ধি কৰিছে কেন্দ্ৰীয় চৰকাৰে৷ 

উল্লেখ্য, টকিঅ’ অলিম্পিকত ভাগ লোৱা ভাৰতীয় দলৰ বাবে খৰচ কৰা হৈছিল ১৩ কোটি ১৩ লাখ টকা৷  তাৰ বিপৰীতে ২৬ জুলাইৰ পৰা আৰম্ভ হ’বলগীয়া পেৰিছ অলিম্পিকৰ বাবে খৰচ কৰা হ’ব ৩৩ কোটি ৬৮ লাখ টকা, যিটো হ’ব টকিঅ’ অলিম্পিকৰ তুলনাত আঢ়ৈ গুণ অধিক৷ খেলুৱৈ, প্ৰশিক্ষক, কৰ্মকৰ্তাৰ যাতায়াত, থকা-খোৱা, প্ৰয়োজনীয় সা-সৰঞ্জাম ক্ৰয় কৰাৰ লগতে আন বিভিন্ন খৰচৰ বাবে কেন্দ্ৰীয় চৰকাৰক এই হিচাপ দিছে ভাৰতীয় অলিম্পিক সন্থাই৷ অলিম্পিক সন্থাই দাখিল কৰা এই বাজেট সন্দৰ্ভত ইতিমধ্যে প্ৰশ্ন উত্থাপন হৈছে৷



এতিয়ালৈকে ১৬টা ইভেণ্টত ১০২জন ভাৰতীয় খেলুৱৈয়ে পেৰিছ অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰিছে৷ সকলো মিলাই অলিম্পিকলৈ যাবলগীয়া ভাৰতীয় দলটোত  থাকিব পাৰে ১৯৫জন সদস্য আৰু সেইমতেই হিচাপ কৰিছে ভাৰতীয় অলিম্পিক সন্থাই৷ অলিম্পিকৰ বাবে ভাৰতীয় দলৰ প্ৰস্তুতিত হ’ব পৰা খৰচ ইয়াত ধৰা হোৱা নাই৷ ভাৰতীয় অলিম্পিক সন্থাই যি ৩৩ কোটি ৬৮ লাখ টকাৰ হিচাপ দাখিল কৰিছে, তাৰ ১৪ কোটি ৰখা হৈছে খেলুৱৈৰ বাবে৷ তেওঁলোকৰ শেষ পৰ্যায়ৰ প্ৰস্তুতি, প্ৰয়োজনীয় সা-সৰঞ্জাম ক্ৰয়, ব্যক্তিগত অথবা দলগত ইভেণ্টত পদক জয় কৰিলে দিবলগীয়া আৰ্থিক পুৰস্কাৰ এই সকলোবোৰ অন্তৰ্ভুক্ত কৰা হৈছে ১৪ কোটি টকাৰ ভিতৰত৷ ১৯৫জন সদস্যৰ বিমান ভাড়াৰ বাবদ ধৰা হৈছে ৩ কোটি ৪১ লাখ টকা৷ ১৯৫জন সদস্যৰ দৈনিক ভাট্টাৰ বাবদ ধৰা হৈছে ২ কোটি ৪লাখ টকা৷ দলটোৰ লগত যাবলগীয়া অফিচিয়েল, চৰকাৰী প্ৰতিনিধি আৰু ভাৰতীয় অলিম্পিক কমিটীৰ কাৰ্যনিৰ্বাহক কমিটীৰ  সদস্যৰ খৰচৰ বাবদ ধৰা হৈছে ১৮ কোটি ৯০ লাখ টকা৷ ভাৰতীয় অলিম্পিক কমিটীৰ কাৰ্যনিৰ্বাহক কমিটীৰ  সদস্য হৈছে ১২জন৷ তেওঁলোকৰ মাজত আছে সভাপতি পি টি ঊষাও৷ তেওঁলোকৰ যাতায়াত, পেৰিছত থকা-খোৱা, দৈনিক খৰচৰ লগতে আন বিভিন্ন খৰচৰ বাবদ ধৰা হৈছে ৮ কোটি ৪০ লাখ টকা৷ 

উদ্বোধনী, সামৰণী অনুষ্ঠান আৰু বিভিন্ন খেল চোৱাৰ বাবে টিকটৰ মূল্যৰ বাবদ খৰচ হ’ব পাৰে প্ৰায় এক কোটি ২০ লাখ টকা৷ সম্ভাব্য খৰচৰ বিষয়ে পি টি ঊষাই অলিম্পিক সন্থাৰ কাৰ্যনিৰ্বাহক কমিটীৰ সদস্যক অৱগত কৰাৰ পাছতে খৰচৰ পৰিমাণক লৈ সদস্যসকলৰ মাজতে প্ৰশ্ন উত্থাপন হৈছে৷ অলিম্পিক সন্থাৰ কোষাধ্যক্ষ সহদেৱ যাদৱে কাৰ্যনিৰ্বাহক কমিটীৰ জৰুৰী সভা আহ্বান কৰাৰ দাবী তুলিছে৷ খেলুৱৈ আৰু প্ৰশিক্ষকৰ তুলনাত দলৰ সৈতে যাবলগীয়া কৰ্মকৰ্তাসকলৰ বাবে অধিক খৰচৰ বিষয়টো লৈও অসন্তুষ্টিৰ সৃষ্টি হৈছে৷ কিয়নো খেলুৱৈৰ তুলনাত কৰ্মকৰ্তাৰ সংখ্যা তেনেই কম৷ স্বাভাৱিকতে পেৰিছ অলিম্পিকৰ বাবে পি টি ঊষাই দাখিল কৰা সম্ভাব্য খৰচক লৈ ভাৰতীয় অলিম্পিক সন্থাৰ একাংশ সদস্য সন্তুষ্ট নহয়৷