Logo
image

কেবিনেট বৈঠকৰ স্থান

২০২১ চনৰ পৰা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মন্ত্ৰীসভাৰ সভা সপ্তাহৰ এটা দিনত অনুষ্ঠিত কৰাৰ এক নিয়ম আৰম্ভ কৰিলে৷ মন্ত্ৰীসভাৰ জৰিয়তে ৰাজ্যৰ বিভিন্ন বিভাগৰ উন্নয়নৰ খতিয়ান লোৱা আৰু প্ৰস্তাৱ গ্ৰহণ কৰা কামবোৰ সম্পাদন কৰা হয় কেবিনেট বৈঠকত৷ মুখ্যমন্ত্ৰীৰ আগ্ৰহমৰ্মে কেবিনেটৰ সভাখন জিলাৰ সদৰ কাৰ্যালয়লৈ স্থানান্তৰ কৰাৰ এক পৰম্পৰা আৰম্ভ হ’ল৷ উজনি, নামনি অসম কিম্বা বৰাক উপত্যকাত কেবিনেট সভা অনুষ্ঠিত কৰি জনসাধাৰণক উন্নয়নৰ চমক দিয়া কেবিনেট সভাবোৰে নিশ্চিতভাৱে দৃষ্টি আকৰ্ষণ কৰিছে সাধাৰণ নাগৰিকৰ৷  ২৭ জুনত নামনি অসমৰ নলবাৰীত অনুষ্ঠিত হ’ল ১৪সংখ্যক কেবিনেট সভা আৰু সভাৰ অন্তত মুখ্যমন্ত্ৰীজনে নিজস্বভাৱে ঘোষণা কৰে নলবাৰীৰ উন্নয়নৰ লক্ষ্যৰে গ্ৰহণ কৰা কেইবাটাও প্ৰকল্প৷

ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ আগ্ৰহত গুৱাহাটীৰ বাহিৰত অনুষ্ঠিত হোৱা কেবিনেট সভাবোৰক লৈ বহুতো চৰ্চা দেখিবলৈ বা শুনিবলৈ পোৱা যায় সংবাদ মাধ্যমত৷ ইতিবাচক চৰ্চাবোৰৰ মতে জিলাসমূহৰ নাগৰিকসকলে অনুধাৱন কৰিব পাৰে চৰকাৰৰ দ্বাৰা গ্ৰহণ কৰা সিদ্ধান্তসমূহ৷ অতীতত দুই-তিনি মাহৰ মূৰত অনুষ্ঠিত কৰা কেবিনেটৰ সভাবোৰৰ সিদ্ধান্তবোৰ কাচিৎহে গম পাইছিল সাধাৰণ নাগৰিকে৷ বৰ্তমানৰ কেবিনেটৰ বাতৰিবোৰে নাগৰিকক জ্ঞাত কৰে চৰকাৰী সিদ্ধান্তৰ বিষয়ে৷ অতীতত কেবিনেটৰ সিদ্ধান্ত কি আছিল বা সিদ্ধান্তৰ প্ৰয়োগ হ’ল নে নাই তাৰ ব্যাখ্যা সম্ভৱ নাছিল নাগৰিকৰ কাৰণে৷ বিভিন্ন সময়ত বিভাগৰ ফাইলৰ মাজতে মৃতপ্ৰায় অৱস্থা পাইছিল কেবিনেটৰ সিদ্ধান্তই৷ ৰাজ্যৰ জিলাৰ সদৰত অনুষ্ঠিত কৰা কেবিনেটক লৈ হয় ঋণাত্মক চৰ্চা৷ যি সময়ত ধাৰৰ বোজাত থকা এখন চৰকাৰে প্ৰতিটো মাহতে ঋণ ল’বলৈ বাধ্য হৈছে, তেনে এক সময়ত মন্ত্ৰীসভাৰ সকলো সদস্য আৰু বৰমূৰীয়া বিষয়াসকলে চৰকাৰী ব্যয়ত কোনো এখন জিলালৈ ঢাপলি মেলাটো কিমান গ্ৰহণযোগ্য? জিলা এখনৰ সদৰ স্থানত কেবিনেট সভা অনুষ্ঠিত কৰাৰ পূৰ্বে প্ৰয়োজন হোৱা মেৰামতি, ৰং-বিৰং ইত্যাদি কামত ৰাজকোষৰ পৰা কোটি কোটি টকা ব্যয় হোৱাটো বাধ্যতামূলক৷ কেবিনেটৰ সভা মানেই সুৰক্ষাৰ কামত ব্যস্ত হ’ব লাগে গৃহ বিভাগৰ শীৰ্ষ বিষয়াসকল৷ এনেবোৰ প্ৰচেষ্টাৰ মূৰত এটা দিনৰ মাথো দুই-তিনি ঘণ্টাৰ এখন সভাৰ বাবদ স্তব্ধ হয় ৰাজধানীৰ সমুদায় কাম৷ সভাৰ পিছত প্ৰকাশিত হোৱা সিদ্ধান্তবোৰৰ মাজত জনসাধাৰণে বিচাৰি ফুৰে দৰিদ্ৰতা নিৰ্মূল কিম্বা নিবনুৱা সমস্যা সমাধানৰ প্ৰয়াসবোৰ৷ কোনোবা এখন জিলাত এখন ফ্লাই অভাৰ নিৰ্মাণৰ কেবিনেট সিদ্ধান্ততকৈ, জিলাখনত কিমানটা প্ৰধানমন্ত্ৰী আবাস বা কিমানজনে খোৱাপানীৰ সুবিধা পাব তাৰ ব্যাখ্যাই অধিক আকৃষ্ট কৰে নাগৰিকক৷

নলবাৰীত অনুষ্ঠিত হোৱা কেবিনেট সভাত নিবনুৱা সমস্যা সমাধানৰ বাবে ৩৫,০০০ শিক্ষক নিযুক্তি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে যদিও ৰাজ্যৰ ৩২ লাখ নিবনুৱাৰ ভৱিষ্যৎ কি হ’ব তাৰ ওপৰত নহ’ল একো আলোচনা৷ ভাৰতৰ দক্ষিণৰ কৰ্ণাটক, তামিলনাডু আদি ৰাজ্যই উদ্যোগ বাণিজ্য ক্ষেত্ৰসমূহত বিনিয়োগ হোৱা মূলধনৰ পৰিমাণ অনুসৰি নিয়োগৰ সংখ্যা নিদ্ধৰ্াৰণ কৰি দিছে৷ অসমত থকা ব্যক্তিগত খণ্ডৰ উদ্যোগসমূহত শিক্ষিত নিবনুৱাৰ নিশ্চিত নিয়োগৰ বাবে তেনে এক নীতি ঘোষণা কৰাটো উচিত৷ খোৱাপানী যোগানৰ লক্ষ্যৰে নিৰ্মাণ কৰা প্ৰকল্পবোৰৰ পানীৰ টেপবোৰৰ পৰা পানী নিগৰিছে নে নাই তাৰো বিশ্লেষণৰ প্ৰয়োজন৷  ৰাজ্যৰ উচ্ছ শিক্ষাৰ বাবে থকা মহাবিদ্যালয়বোৰত নামভৰ্তিৰ বাবে ব্যৱহাৰ কৰা সমৰ্থ প’ৰ্টেলৰ পৰা জ্বলাকলা খোৱা ছাত্ৰ-ছাত্ৰীৰ অভিভাৱক সকলৰ লগতে শিক্ষা সেতু এপৰ নামত ছন্দ হেৰুওৱা শিক্ষকসকলৰ কথা কেবিনেটত উত্থাপন কিয় নহ’ল তাৰো ব্যাখ্যাৰ প্ৰয়োজন৷

ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ঘোষণা কৰিছে যে মাহৰ এখন কেবিনেট সভা জিলাৰ সদৰ স্থানত অনুষ্ঠিত হ’ব৷ এইক্ষেত্ৰত সদৰ স্থানৰ পৰিৱৰ্তে গ্ৰামাঞ্চলৰ কোনোবা এটা পঞ্চায়ত কাৰ্যালয়ত এখন কেবিনেট সভা অনুষ্ঠিত কৰিলে অধিক আকৃষ্ট হ’ব ৰাজ্যৰ নাগৰিক৷ সদৰ স্থানৰ শীততাপ নিয়ন্ত্ৰিত কোঠাৰ পৰিৱৰ্তে পঞ্চায়তৰ ফেনৰ তলত বহি গ্ৰহণ কৰা সিদ্ধান্তবোৰৰ প্ৰতি দৃষ্টি আকৰ্ষণ হ’ব নাগৰিকৰ৷ সদৰ স্থানৰ সভালৈ গুৱাহাটীৰ কোনোবা পঞ্চতাৰকা হোটেলৰ খাদ্য আমদানি কৰাতকৈ পঞ্চায়তৰ সভাখনত খাদ্য প্ৰস্তুতৰ দায়িত্ব স্থানীয় বিদ্যালয়ত মধ্যাহ্ন ভোজন প্ৰস্তুত কৰা দুই-তিনিগৰাকী ৰান্ধনীক অৰ্পণ কৰিলে নাগৰিকৰ মাজত সন্মানিত হ’ব ৰান্ধনীকেইগৰাকী৷ মুঠতে গতানুগতিক কৰ্মৰ পৰা ফালৰি কাটি আহি অগতানুগতিকভাৱে অনুষ্ঠিত কৰা মন্ত্ৰীসভাৰ সভাই নিশ্চিতভাৱে প্ৰমাণিত কৰিব জনপ্ৰতিনিধিৰ দক্ষতা৷ শেষত পুনৰ দোহাৰিছো – এখন কেবিনেট সভা অনুষ্ঠিত হওক এখন পঞ্চায়তত৷ ফেনৰ তলত কাঠৰ চকী-মেজত বহি থলুৱা মহিলাই যোগান ধৰা খাদ্যৰ তৃপ্তিৰে কেবিনেটে সিদ্ধান্ত লওক অসমৰ ভৱিষ্যতৰ প্ৰস্তাৱ৷