Logo
image

নতুনলৈ বাট এৰি তিনি মহানায়কৰ বীৰোচিত প্ৰস্থান

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১ জুলাই: বিশ্ব ক্ৰিকেটত বিৰাট শূন্যতাৰ সৃষ্টি কৰি ক্ৰিকেটৰ হ্ৰস্বতম অধ্যায়টোৰ পৰা বিদায় ল’লে তিনি মহানায়কে৷ কেৰিবিয়ান সমুদ্ৰৰ পাৰত টি-২০ বিশ্বকাপ দেশৰ বুলি নিশ্চিত কৰাৰ পাছতে ক্ৰিকেটৰ দুই মহানায়ক বিৰাট কোহলি আৰু ৰোহিত শৰ্মাই অনুজ সতীৰ্থৰ কান্ধত টি-২০ৰ দায়িত্ব সঁপি দি অৱসৰ ঘোষণা কৰিলে৷  এই দুই মহানায়কৰ বিদায়ৰ পাছত অৱসৰৰ সিদ্ধান্ত সদৰি কৰিলে টীম ইণ্ডিয়াৰ বহু যুঁজৰ নায়ক ৰবীন্দ্ৰ জাদেজায়ো৷ দেওবাৰে জাদেজাই এটা ইনষ্টাগ্ৰাম পোষ্টত জনালে আন্তঃৰাষ্ট্ৰীয় টি-২০ৰ পৰা বিদায় লোৱাৰ কথা৷ অৱশ্যে তাৰো পূৰ্বে বিশ্বকাপৰ বিশাল মঞ্চত বিৰাট আৰু ৰোহিতে জনালে ক্ৰিকেটৰ হ্ৰস্বতম অধ্যায়টো দুয়ো এতিয়াৰ পৰা ৰিক্ত কৰাৰ কথা৷ 

বিৰাট কোহলিৰ অৱসৰ আছিল  প্ৰত্যাশিত৷ কিন্তু বিশ্বকাপ হাতত তুলি লোৱাৰ পাছতে যে ৰোহিত শৰ্মায়ো টি-২০ক চিৰবিদায় জনাব, সেই সন্দৰ্ভত কোনো নিশ্চিত কৰিছিল৷ কিন্তু বিশ্বকাপ হাতত লৈ, ইমান বৃহৎ মঞ্চত অৱসৰ ঘোষণা কৰাতকৈ শ্ৰেষ্ঠতম স্থান আৰু উচিত সময় পোৱা নাযাব বুলি কৰা ৰোহিত শৰ্মাৰ এই বক্তব্য দেশৰ অগণিত ক্ৰিকেটপ্ৰেমীয়ে সমৰ্থন জনাইছে৷ ৩৭বছৰীয়া কোহলি আৰু ৩৫ বছৰীয়া ৰোহিত, সন্দেহাতীতভাৱে কেৰিয়াৰৰ অপৰাহ্নত৷ কিন্তু দুয়োৰে বেটত এতিয়াও ৰানৰ প্লাৱন আছিল৷ অন্ততঃ এই টি-২০ বিশ্বকাপ যি আদ্যোপান্ত চাইছে সেই ক্ৰিকেট পিপাসুৱে উপলব্ধি কৰিব, অনায়সে আৰু দুটা বছৰ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত দপদপাই থাকিব পাৰিলেহেঁতেন ৰোহিত শৰ্মাই৷ ১৯৫ খন টি-২০ মেচত ৫টা শতৰান, ৩২টা অৰ্ধশতৰান–কেইজন ক্ৰিকেটাৰৰ নামৰ পাছত লিখা আছে? এই বিশ্বকাপত ৯২ৰানৰ সৰ্বোচ্ছ ইনিংছেৰে ৫২,৯২ আৰু ৫৭ ৰানৰ তিনিটা অৰ্ধশতৰান উপহাৰ দিয়া ৰোহিত শৰ্মাৰ টি-২০ৰ পৰা বিদায় নিসন্দেহে বিশ্ব ক্ৰিকেটৰ বাবে এক গভীৰ ক্ষতি৷ মুঠ ২৫৭ ৰানেৰে এই বিশ্বকাপত দ্বিতীয় সৰ্বাধিক স্ক’ৰাৰ হোৱা ৰোহিত শৰ্মাৰ নামত আছে টি-২০ৰ ৪২৩১ ৰান, যাৰ ১৪০.৮৯ ষ্ট্ৰাইক ৰেট যিকোনো বেটাৰৰ বাবেই ঈৰ্ষন্বীয়৷ 

শেহতীয়া আইপিএলত ৭৪১ ৰানেৰে সৰ্বোচ্ছ স্ক’ৰাৰ হোৱা বিৰাট কোহলিয়ে এই বিশ্বকাপত ফাইনেলৰ বাহিৰে আন মেচত ব্যৰ্থতাই প্ৰদৰ্শন কৰিছিল৷ কিন্তু বিগ মেচত উজলি উঠি শনিবাৰৰ ফাইনেলত ৫৯ বলত ৭৬ ৰানৰ যিটো ইনিংছ বিৰাটে উপহাৰ দিলে, সেয়াই টীম ইণ্ডিয়াৰ বিশ্বকাপ অৰ্জনৰ মূল পুঁজি হৈ পৰিল৷ মেচৰ শ্ৰেষ্ঠ হিচাপে হাতত ট্ৰফী লৈ অৱসৰ ঘোষণা কৰিলে বিৰাট কোহলিয়ে৷ তেওঁ ক’লে, তেওঁৰ বিশ্বকাপতে অৱসৰ ঘোষণা হৈ পৰিছিল ‘অ’পেন চিক্ৰেট’৷ কিন্তু হাতত বিশ্বকাপ লৈ টি-২০ক বিদায় জনাই যি সুখপ্ৰদ স্মৃতি জীৱনৰ পৰৱৰ্তী দিবলৈ সাঁচি ৰাখিব পাৰিব, তাতকৈ ক্ৰিকেটাৰৰ জীৱনত ডাঙৰ সুখ বিচাৰি পোৱা নাযাব৷ বিশ্বকাপতকৈ অৱসৰৰ বাবে ডাঙৰ মঞ্চ কাৰো বাবে নাথাকে, যদি হাতত কাপটোও থাকে সেয়া সোণৰ সুৱগাৰ দৰে৷ ১২৫খন আন্তঃৰাষ্ট্ৰীয় টি-২০ত ১৩৭.০৪ ষ্ট্ৰাইক ৰেটেৰে ৪১৮৮ৰান সংগ্ৰহ কৰা বিৰাটৰ বিদায়ত অৱধাৰিতভাৱে বিশ্বক্ৰিকেটত বিৰাট শূন্যতাৰ সৃষ্টি হ’ব৷ যি টি-২০ত ১টা শতক আৰু ৩৮টা অৰ্ধশতকেৰে ক্ৰিকেট জীৱন ভৰপুৰ কৰি শনিবাৰে ‘বেটন’ডাল আগবঢ়াই দিলে দেশৰ নতুন প্ৰজন্মৰ প্ৰতিভাধৰলৈ৷ একেদৰে ৭৪খন মেচত ৫১৫ৰান আৰু ৫৪টা টি-২০উইকেটেৰে বহু যুঁজৰ নায়ক অলৰাউণ্ডাৰ ৰবীন্দ্ৰ জাদেজাৰ স্থান পুৰাবলৈও উঠি আহিব লাগিব সমান প্ৰতিভাশালী পৰিৱৰ্তন৷