Logo
image

ৰাজনৈতিক নেতাক লাজত পেলালে বলীউডৰ অভিনেতাই

আমাৰ অসম, ১৬ মাৰ্চঃ কথা দিলে কথা ৰাখে মানুহজনে৷ কাৰণ তেওঁ ৰাজনৈতিক নেতা নহয়৷ ৰাজনৈতিক নেতাৰ দৰে অবান্তৰ, অবাস্তৱ কথা তেওঁ অন্ততঃ এতিয়ালৈকে কোৱা নাই৷ মানুহক সহায় কৰি ভাল পায় তেওঁ৷ বিনিময়ত একো নিবিচাৰে৷ সাংবাদিকৰ উপৰ্যুপৰি প্ৰশ্নত তেওঁ স্পষ্ট কৰি দিছে যে ৰাজনীতিৰ প্ৰতি তেওঁৰ এধানমানো চখ নাই৷ মানুহক সহায় কৰি ভাল পায় বাবেই তেওঁ সাধ্য অনুসৰি সহায় কৰিবলৈ চেষ্টা কৰে৷ মানুহজনৰ নাম চনু চুড৷ বলীউডৰ অভিনেতা৷ আগতে যিসকলে চনু চুডৰ নাম শুনা নাছিল, সেইসকলে কৰ’না আৰু লকডাউনৰ সময়ৰ পৰা এই নামটো জনা হ’ল৷ কিয়নো সেই সংকটৰ সময়ছোৱাত আৰ্ত জনতাৰ কাষত থিয় হৈছিল চনু চুড৷ কোনোবা ক’ৰবাত আবদ্ধ হৈ আছে, ঘৰলৈ পঠিয়াব লাগে– চনু চুডে পঠিয়াইছিল, নিজৰ খৰচত৷ কোনোবাই খাবলৈ পোৱা নাই, চনু চুডে খাদ্য দিছিল৷ কোনোবাই আশ্ৰয় পোৱা নাই চনুৱে থকাৰ ব্যৱস্থা কৰি দিছিল৷ কোনোবাই পিন্ধিবলৈ পোৱা নাই, চনুৱে কাপোৰ দিছিল৷ আনকি দিল্লী-মুম্বাইত আবদ্ধ হৈ থকা অসমৰ বহু লোককো নিজৰ খৰচত ঘৰলৈ পঠিওৱাৰ দিহা কৰিছিল চনু চুডে৷ বিনিময়ত কাৰো পৰা একো বিচৰা নাই অভিনেতাজনে– অন্ততঃ এতিয়ালৈকে৷ চনুৰ এই কাম-কাজে অধিকাংশ ৰাজনৈতিক নেতাকে চাগে লাজত পেলায়৷ কাৰণ নেতাসকলৰ অধিকাংশৰে কথা আৰু কামৰ মাজত কোনো সংগতি নাই৷ ক’ব লাগে বাবেই কয়৷ ভোটৰ সময়ত আকাশৰ তৰাটো আনি দিম বুলিও কয়– ঠিক প্ৰেমিকে প্ৰেমিকাক কোৱাৰ দৰে৷ কিন্তু বাস্তৱত সকলো ফুটুকাৰ ফেন৷ নেতাৰ এই ভণ্ডামিৰ বিপৰীতে চনু অসহায় জনতাৰ মাজত আশাৰ প্ৰতীক৷ এইজন চনু চুডে এইবাৰ নতুন প্ৰতিশ্ৰুতি দিছে– টুইটাৰৰ জৰিয়তে৷ তেওঁ ৰাজহুৱাভাৱে ঘোষণা কৰিছে যে চলিত বছৰৰ ভিতৰতে তেওঁ এক লাখ লোকক চাকৰি দিব৷ কেৱল সেয়ে নহয়, পাঁচ বছৰৰ ভিতৰত দহ কোটি মানুহক সহায় কৰাৰ প্ৰতিশ্ৰুতি দিছে বলীউডৰ অভিনেতাজনে৷ চৰকাৰে ৰাখক বা নাৰাখক, ৰাজনৈতিক দল আৰু নেতাই ৰাখক বা নাৰাখক– ৰাইজে বিশ্বাস কৰে যে চনু চুড়ে কথা দিলে কথা ৰাখে৷ সেইবাবেই হয়তো বহুক্ষেত্ৰত চনু এক বিৰল ব্যতিক্ৰম...৷