Logo
image

সংবিধান সলাই হিন্দু ৰাষ্ট্ৰ ঘোষণা কৰক ভাৰতক

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১ জুলাই: সংবিধান সলনি কৰি হিন্দু ৰাষ্ট্ৰৰ গঠন দাবীত গুৱাহাটী সত্ৰাধিকাৰৰ পৌৰহিত্যত অনুষ্ঠিত হয় এখন ৰাজ্যিক অভিৱৰ্তন৷ একাংশ উগ্ৰ হিন্দুত্ববাদী সংগঠনে ভাৰতক হিন্দু ৰাষ্ট্ৰ ঘোষণাৰ দাবী জনাই অহাৰ সময়তে দেওবাৰে গুৱাহাটীৰ অসম সাহিত্য সভাৰ লক্ষীৰাম বৰুৱা সদনত মাজুলীৰ শ্ৰীশ্ৰী দক্ষিণপাট গৃহশ্ৰমী সত্ৰৰ সত্ৰাধিকাৰ জৰ্নাদন দেৱগোস্বামীৰ সঞ্চালনাত অনুষ্ঠিত হয় হিন্দু ৰাজ্যৰ দাবীত ৰাজ্যিক অভিৱৰ্তন৷ দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত এই অভিৱৰ্তনত সত্ৰাধিকাৰৰ পৰা আৰম্ভ কৰি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য, প্ৰাক্তন প্ৰশাসনিক বিষয়া, মন্দিৰৰ দলৈকে ধৰি একাংশ হিন্দুত্ববাদী নেতা-সমৰ্থক উপস্থিত থাকে৷ এই বৈঠকতে ভাৰতীয় সংস্কৃতিৰ আধাৰত নতুনকৈ সংবিধান ৰচনা কৰি গৃহীত কৰাৰ দাবীত অন্দোলনৰ প্ৰস্তাৱ গ্ৰহণ কৰে৷ তদুপৰি ভাৰতক হিন্দু ৰাষ্ট্ৰ গঠনৰ লক্ষ্যৰে সত্ৰাধিকাৰ জনাৰ্দন দেৱগোস্বামীক সভাপতি আৰু বলেন বৈশ্যক সাধাৰণ সম্পাদক হিচাপে লৈ ‘হিন্দুৰাষ্ট্ৰ দাবী সমিতি’ নামেৰে নতুন এটা সংগঠনৰ জন্ম দিয়ে৷ অভিৱৰ্তনত দেশত হিন্দীৰ পৰিৱৰ্তে সংস্কৃতক ৰাষ্ট্ৰ ভাষা ঘোষণা কৰাৰ লগতে ‘বন্দে মাতৰম’ক ৰাষ্ট্ৰগীত হিচাপে স্বীকৃতি দিয়াৰ বাবেও প্ৰস্তাৱ গ্ৰহণ কৰে৷ উল্লেখ্য, অভিৱৰ্তনত ৰাজ্যৰ প্ৰায় কুৰিখন সত্ৰৰ সত্ৰাধিকাৰৰ উপৰি কুমাৰ ভাস্কৰ বাৰ্মা সংস্কৃত আৰু পুৰাতন বিশ্ববিদ্যালয়ত উপাচাৰ্য প্ৰহ্লাদ যোশী, ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীৰ প্ৰাক্তন ৰাজ্যিক সমন্বয়ক হিতেশ দেৱশৰ্মা, প্ৰাক্তন আৰক্ষী বিষয়া তথা হাজোৰ হয়গ্ৰীৱ মাধৱ  মন্দিৰৰ দলৈ শিৱ প্ৰসাদ শৰ্মা, মৰিগাঁৱৰ লায়তি সত্ৰৰ সত্ৰাধিকাৰ সুনীল গোস্বামী, দেৱাশীষ বৰুৱাই হিন্দু ৰাষ্ট্ৰৰ সমৰ্থনত নিজ নিজ যুক্তি দাঙি ধৰে৷ লক্ষণীয়ভাৱে বিভিন্ন ধৰ্মৰ মিলন ভূমি অসমত মুলুকত অসম সাহিত্য সভাৰ দৰে সাৰ্বজনীন ঐতিহাসিক এটা অনুষ্ঠানৰ প্ৰেক্ষাগৃহত হিন্দু ৰাষ্ট্ৰৰ দাবী জনোৱা সাম্প্ৰদায়িক সাংগঠনৰ অভিৱৰ্তন পতাৰ অনুমতি দিয়াক লৈ বিতৰ্কৰ সৃষ্টি হৈছে৷ অসম সাহিত্য সভা এতিয়া হিন্দুত্ববাদীৰ নাকপাশত বন্দী হৈ পৰিল নেকি বুলিও চৰ্চা চলিছে৷ আনকি অসম সাহিত্য সভাৰ মূল তোৰণ ঢাকি হিন্দু ৰাষ্ট্ৰৰ দাবীৰ ৰাজ্যিক অভিৱৰ্তনৰ আদৰণি বেনাৰ লগোৱাক লৈয়ো সাহিত্যনুৰাগীৰ মাজত প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা দেখা গৈছে৷