Logo
image

বানত উটি যোৱা হাতী পোৱালিক উদ্ধাৰ কৰিলে সাহসী যুৱকে

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ১ জুলাই : ৰাজ্যৰ চৌদিশে এতিয়া প্ৰলয়ংকাৰী বানৰ তাণ্ডৱ৷ ভূটানৰ পৰা বৈ অহা পানীৰ ঢলৰ বাবে আই নদীৰ জলপৃষ্ঠ ফেনে ফোটোকাৰে ওফন্দি উঠাই নহয়, প্ৰৱল সোঁতৰ সৃষ্টি হৈছে৷ কালৰূপ ধাৰণ কৰা  আই নদীৰ সোঁতে দেওবাৰে উটুৱাই নিয়ে জাক হেৰুওৱা এটি বন্য হাতীৰ পোৱালীক৷ অৱশ্যে এজন যুৱকৰ সহযোগত বন বিভাগ আৰু ৰাইজে নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয় হাতীৰ পোৱালীটোক৷ চিৰাঙৰ বেংতল টুক্ৰাঝাৰত পানীত উটি অহা পোৱালীটো প্ৰথমে প্ৰত্যক্ষ কৰে স্থানীয় এজন যুৱকে৷ ইয়াৰ পাছতেই খবৰ দিয়া হয় বন বিভাগক৷ কিছু সময়ৰ পাছতেই উক্ত স্থানত উপস্থিত হয় বন বিভাগৰ এটা দল৷ লক্ষণীয়ভাৱে ইয়াৰ পূৰ্বেই এজন যুৱকে পানীলৈ নামি গৈ কাষৰ জাব্ৰাং দলঙৰ ওপৰৰ পৰা ৰাইজে উদ্ধাৰৰ বাবে তললৈ নিষেপ কৰা ৰছীয়ে বান্ধি পেলাই হাতী পোৱালীটোক৷ বহু সময় কষ্ট কৰি যুৱকজনে হাতী পোৱালীটো দলঙৰ ঠিক তললৈ অনাত সফল হয়৷ ইয়াৰ পাছত বন বিভাগে পুনৰ আন এডাল ৰছী দলঙৰ পৰা তললৈ পেলাই দিয়াত দুয়োডাল ৰছীৰ সহায়ত উদ্ধাৰকাৰী যুৱকজনে হাতী পোৱালীটো টানি টানি বান্ধি দিয়াত বনকৰ্মী আৰু স্থানীয় ৰাইজে দলঙৰ পৰা ৰছী টানি ওপৰলৈ উঠাই আনে হাতী পোৱালীটো৷ পৰৱৰ্তী সময়ত বন বিভাগে মাতৃৰ পৰা বিচ্ছিন্ন হাতী পোৱালীটো ৰুণিখাটা বন শিবিৰলৈ লৈ যায়৷ বৰ্তমান বন বিভাগৰ শুশ্ৰূষাত আছে পোৱালীটো৷ শীঘ্ৰে পোৱালীটো বন্যপ্ৰাণী পুনৰ্বাসন শিবিৰলৈ স্থানান্তৰ কৰিব বুলি জানিবলৈ দিছে বন বিভাগে৷ বানত উঠি অহা এটা হাতী পোৱালীক জীৱন দান কৰিবলৈ সহায়ৰ হাত আগবঢ়োৱাত স্থানীয় ৰাইজৰ শলাগ লৈছে বন বিভাগে৷ যুৱকজনে পানীৰ তীব্ৰ সোঁতকো নেওচি হাতী পোৱালীটোক উদ্ধাৰৰ চেষ্টা চলোৱা দৃশ্যৰ ভিডিঅ’ এতিয়া সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে৷