Logo
image

ভগৱানৰ ছবি লৈ সংসদত ৰাহুল, প্ৰত্যুত্তৰ মোদীৰ

‘আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ১ জুলাই : এইবাৰ ৰাহুল গান্ধী সংসদত অধিক পৰিপক্ক, অধিক প্ৰগলভ– কিন্তু ‘টু দ্য পইণ্ট’৷ একেৰাহে তৃতীয়বাৰ মোদী নেতৃত্বাধীন বিজেপিৰ বিৰুদ্ধে লোকসভা নিৰ্বাচনত পৰাজিত হোৱাৰ পাছত হয়তো ‘ঠেকি শিকিছে’ কংগ্ৰেছ সাংসদজনে, যি এইবাৰ বিৰোধী দলপতিৰো আনুষ্ঠানিক মৰ্যাদা লাভ কৰিছে৷ মোদী চৰকাৰৰ বিগত দুটা কাৰ্যকালত যে ৰাহুল গান্ধীয়ে চৰকাৰীপক্ষক আক্ৰমণ কৰা নাছিল, তেনে নহয়৷ কিন্তু তাৰ বহু আক্ৰমণ আছিল সোপাঢিলা, যি আক্ৰমণ প্ৰায়ে তাচ্চিল্য কৰি উৰাই দিছিল মোদী-অমিত শ্বাহৰ অধীনৰ বিজেপিৰ সাংসদে৷ অন্ততঃ ৰাহুল গান্ধীক প্ৰত্যাক্ৰমণৰ বাবে বহু সময়ত স্মৃতি ইৰাণীয়েই যথেষ্ট আছিল৷ পিছে এইবাৰ ৰাহুল গান্ধীৰ ভূমিকা যিদৰে ভিন্ন, আক্ৰমণো শাণিত৷ অন্ততঃ আজি সোমবাৰে ৰাহুল গান্ধীৰ আক্ৰমণত দুবাৰকৈ আসনৰ পৰা উঠি প্ৰধানমন্ত্ৰীয়ে বাধা দিয়াৰ চেষ্টা চলালে, সচৰাচৰ যি ঘটনা সদনত দেখা নাযায়৷ সকলো বক্তব্য শুনাৰ পাছত একেবাৰে শেষত নিজৰ বক্তব্যত তেনে আক্ৰমণৰ প্ৰত্যুত্তৰ দিয়ে প্ৰধানমন্ত্ৰীয়ে৷ কিন্তু সোমবাৰে ৰাহুলে হিন্দু ধৰ্মৰ অন্তৰ্নিহিত অৰ্থ কি আৰু বিজেপিয়ে কিদৰে সেই ধৰ্মক ভুলভাৱে ব্যৱহাৰ কৰিছে, সেই বিষয়টো মুকলিকৈ উত্থাপন কৰি বিজেপি নেতৃত্বাধীন চৰকাৰখনক যিদৰে আক্ৰমণ কৰিলে, সেয়া সহ্য কৰিব নোৱাৰি সদনত জ্বলি-পকি উঠিল প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰী৷ মোদীৰ উপৰি আসনৰ পৰা জপিয়াই উঠি গৃহমন্ত্ৰী অমিত শ্বাহেও ৰাহুল গান্ধীক বাধা দিবলৈ চেষ্টা চলালে৷ ৰাহুল গান্ধীৰ বক্তব্যৰ ভুল ব্যাখ্যা কৰি তেওঁ সমগ্ৰ হিন্দু ধৰ্মাৱলম্বীক অপমান কৰা বুলি ভিন্ন ৰূপ দিবলৈ চেষ্টা চলালে গৃহমন্ত্ৰীয়ে৷ ৰাজহুৱা ক্ষমাও দাবী কৰিলে তেওঁ৷ কিন্তু নিজ দলৰ নিৰংকুশ সংখ্যাগৰিষ্ঠতা নথকাত পূৰ্বৰ দৰে গ্ৰাহ্য নহ’ল অমিত শ্বাহৰ দাবী৷ সংসদৰ কাৰ্যক্ৰমণিকাৰ অন্তত সংবাদ মেল পাতিও ৰাহুল গান্ধীৰ বক্তব্যৰ বিৰোধিতা কৰিলে মোদী চৰকাৰে৷ 

ৰাহুল গান্ধীৰ ‘হিন্দু’ মন্তব্যৰ ফলতে সোমবাৰে সংসদত খং-ক্ষোভৰ বিস্ফোৰণ ঘটিল মোদী-শ্বাহৰ৷ মোদী-শ্বাহ নেতৃত্বাধীন বিজেপিৰ প্ৰকৃত স্বৰূপ উদঙাই ৰাহুল গান্ধীয়ে লোকসভাত ক’লে– ‘যি নিজকে হিন্দু বুলি কয়, তেওঁলোকে কেৱল হিংসাৰ কথা কয়৷ ঘৃণাৰ কথা কয় আৰু অসত্য কথা কয়৷’ ৰাহুল গান্ধীৰ এই বক্তব্যৰ লগে লগে চৰকাৰী পক্ষৰ সাংসদে তীব্ৰ হুলস্থূলৰ সৃষ্টি কৰে৷ ৰাহুল গান্ধীৰ পৰা ক্ষমাভিক্ষা দাবী কৰে৷ প্ৰত্যাক্ৰমণৰ নেতৃত্ব দি আসনৰ পৰা জাঁপ মাৰি উঠি প্ৰধানমন্ত্ৰীয়ে কয়– ‘সমগ্ৰ হিন্দু সম্প্ৰদায়ক হিংসাশ্ৰয়ী বুলি অপযশ দিয়া খুবেই বিপজ্জনক৷’ ৰাহুলৰ পোনপটীয়া বক্তব্যক প্ৰধানমন্ত্ৰীয়ে এইদৰেই ৰাজনৈতিক সভাৰ দৰে অন্য ৰূপ দিবলৈ ব্যৰ্থ প্ৰয়াস চলায়৷ বিজেপিৰ বিৰুদ্ধে কৰা আক্ৰমণৰ মাজলৈ টানি আনে সমগ্ৰ হিন্দু ধৰ্মাৱলম্বীক৷ সোমবাৰে ৰাহুল গান্ধীয়ে হাতত শিৱ, হজৰত মহম্মদ, গুৰু নানক আৰু যীশুখ্ৰীষ্টৰ ছবি লৈ সংসদলৈ গৈছিল৷ শিৱৰ ছবি দেখুৱাই তেওঁ কৈছিল– ‘আপুনি যদি শিৱৰ ছবি চায়, তেন্তে  বুজিব, হিন্দুৱে কেতিয়াও হিংসা, ঘৃণা, আতংক বিয়পাব নোৱাৰে৷ কিন্তু বিজেপিয়ে প্ৰতিক্ষণতে হিংসা, ঘৃণা, আতংক বিয়পাই থাকে৷’ শিৱৰ অভয় মুদ্ৰাৰ কথা উল্লেখ কৰি তেওঁ হিন্দু ধৰ্মৰ মৰ্মাৰ্থ বুজোৱাৰ চেষ্টা কৰে৷ ৰাহুলে পুনৰ কয়– ‘কেৱল মোদী, বিজেপি, আৰ এছ এছেই হিন্দু নহয়৷ এইখন দেশত কোটি কোটি হিন্দু আছে৷’ ৰাহুলৰ এই বক্তব্যক  বিপথে পৰিচালিত কৰি গৃহমন্ত্ৰী অমিত শ্বাহে কংগ্ৰেছ নেতাজনে দেশৰ হিন্দু ধৰ্মাৱলম্বীক অপমান কৰা বুলি অভিযোগ কৰে৷ পিছে অমিত শ্বাহৰ এই ভুৱা অভিযোগত ক্ষান্ত নহৈ ৰাহুল গান্ধীয়ে অগ্নিবীৰ নামৰ ব্যৱস্থাৰ জৰিয়তে দেশত ‘ইউজ এণ্ড থ্ৰো’ শ্ৰমিক তৈয়াৰ কৰা বুলি অভিযোগ কৰে৷ ৰাহুল গান্ধীয়ে কয়, অগ্নিবীৰ সৃষ্টি কৰি মোদী চৰকাৰে দেশৰ সেনাবাহিনীৰ মাজত বিভেদৰ সৃষ্টি কৰিছে৷ কিয়নো অগ্নিবীৰে পেন্সন নাপায়, দেশৰ হৈ মৃত্যু হ’লেও শ্বহীদৰ সন্মান নাপায়৷ ৰাহুলৰ এই বক্তব্যত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙকে ধৰি ট্ৰেজাৰী পক্ষই তীব্ৰ হুলস্থূলৰ সৃষ্টি কৰে৷ উল্লেখ্য, মোদী চৰকাৰে ১৭-২১ বছৰীয়া  তৰুণক অগ্নিবীৰ নামে সেনাত ভৰ্তি কৰি চ্ছ্ৰ বছৰৰ বাবে কামৰ সুযোগ দিছে৷ ম্যাদ শেষ হ’লে ২৫ শতাংশক আৰু ১৫ বছৰৰ বাবে সেনাত ৰখাৰ সম্ভাৱনা আছে৷ ৰাহুল গান্ধীয়ে সোমবাৰে আনকি অধ্যক্ষকো আক্ৰমণ কৰি সোধে, তেওঁ কিয় মোদীক দেখিলে নতশিৰ হয়? ৰাহুলৰ এই প্ৰশ্নই অধ্যক্ষ ওম বিৰলাক স্তম্ভিত কৰি তোলে৷