Logo
image

এয়া আকাশবাণী গুৱাহাটী...

আমাৰ অসম’ৰ মহানগৰ সংবাদ, ২ জুলাই : এয়া আকাশবাণী...৷ প্ৰতিটো পুৱাই আপুনি, মই সাৱলীল কণ্ঠৰে শুনিবলৈ পোৱা ‘আকাশবাণী গুৱাহাটী’য়ে এখোজ দুখোজ কৈ ৭৬ বছৰ সম্পূৰ্ণ কৰিলে৷ সোমবাৰে আকাশবাণী গুৱাহাটীয়ে [গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ] খোজ থ’লে ৭৭ বছৰত৷ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে অনাতাঁৰ প্ৰচাৰৰ বাট কাটি ১৯৪৮ চনৰ পহিলা জুলাইত ‘আকাশবাণী শ্বিলং-গুৱাহাটী’ কেন্দ্ৰৰ প্ৰচাৰ আৰম্ভ হৈছিল৷ পৰৱৰ্তী সময়ত মেঘালয়ৰ শ্বিলঙৰ পৰা অসমৰ ৰাজধানী গুৱাহাটীলৈ অহাৰ পাছত আকাশবাণী গুৱাহাটী হিচাপে প্ৰচাৰণ আৰম্ভ হয়৷ অসমৰ জনজীৱনৰ অবিচ্ছেদ্য অঙ্গ হিচাপে বিবেচিত এই কেন্দ্ৰটোৱে ৭৭ বছৰীয়া প্ৰতিষ্ঠা দিৱস উপলক্ষে সোণসেৰিয়া যাত্ৰাৰ কথা সুঁৱৰিবলৈ সোমবাৰে গুৱাহাটীৰ মাছখোৱাস্থিত প্ৰাগজ্যোতি সাংস্কৃতিক প্ৰকল্পৰ প্ৰেক্ষাগৃহত বিবিধ অনুষ্ঠানৰ আয়োজন কৰে৷  আকাশবাণী গুৱাহাটীৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱসৰ লগতে অনাতাঁৰ কেন্দ্ৰটোৰ আঞ্চলিক বাতৰি বিভাগৰ ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱস মাছখোৱাৰ প্ৰাগজ্যোতি আই টি এ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়৷ অনুষ্ঠান বন্তি প্ৰজ্বলনেৰে উদ্বোধন কৰে আকাশবাণীৰ উত্তৰ-পূবৰ অতিৰিক্ত সঞ্চালকপ্ৰধান আশিস ভাটনাগৰে৷ ভাষণত ভাটনাগৰে কয় যে আকাশবাণী জনগণৰ কণ্ঠ হৈ আছে৷ বিগত সময়ৰ দৰেই আকাশবাণীয়ে নিজৰ গৰিমা অক্ষুণ্ণ ৰাখিছে৷ উদ্বোধনী অনুষ্ঠানৰ পাছতেই আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ উদ্যোগত  ‘Growth Saga of North East’ শীৰ্ষক আলোচনাৰ অনুষ্ঠান অনুষ্ঠিত হয়৷ এই অনুষ্ঠানত ভাৰতীয় আৰক্ষী সেৱাৰ অৱসৰপ্ৰাপ্ত বিষয়া, অসম আৰক্ষীৰ গৃহৰক্ষী আৰু অসামৰিক প্ৰতিৰক্ষা বিভাগৰ প্ৰাক্তন সঞ্চালক প্ৰধান প্ৰদীপ কুমাৰ, নেডফিৰ সঞ্চালক এছ কে বৰুৱা, এইমছ গুৱাহাটীৰ কাৰ্যবাহী সঞ্চালক ডাঃ অশোক পুৰাণিক আৰু লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰিবেশ আৰু বহনক্ষমতা শাখাৰ মুৰব্বী সিদ্ধাৰ্থ ফুকনে অংশগ্ৰহণ কৰে৷ অনুষ্ঠানটো সঞ্চালনা কৰে পি আই বি গুৱাহাটীৰ অতিৰিক্ত সঞ্চালক প্ৰধান জেন নেমচুৱে৷ বিগত কেইটামান বছৰত উত্তৰ পূবৰ চিকিৎসা, নিৰাপত্তা, অসামৰিক বিমান পৰিবহনকে ধৰি বিভিন্ন খণ্ডৰ বিকাশৰ পৰ্যালোচনা কৰা হয়৷ ইয়াৰ পাছতেই আঞ্চলিক বাতৰি বিভাগৰ স্মৰণিকা ‘আকাশীবাৰ্তা’ উন্মোচন কৰে পি আই বি গুৱাহাটীৰ সঞ্চালকপ্ৰধান কে সতীশ নাম্বুুদিৰিপাদে৷ এই অনুষ্ঠানৰ পাছতে বাতৰি বিভাগৰ ন-পুৰণি সদস্য সকলৰ অন্তৰংগ আলাপ অনুষ্ঠানৰ আয়োজন কৰা হয়৷ আকাশবাণী গুৱাহাটীৰ ৭৭সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে সন্ধিয়া অনুষ্ঠিত ‘সুৰৰ শৰাই’ উদ্বোধন কৰে আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ বিষয়া, বিশিষ্ট সুৰকাৰ-সংগীত পৰিচালক জে পি দাসে৷ ‘সুৰৰ শৰাই’ত বিদু্যৎ কুমাৰ মিশ্ৰৰ বেহেলাবাদন, মিৰাণ্ডা চৌধুৰীৰ লোকগীত আৰু জনাদৃত শিল্পী পুলক বেনাৰ্জী আৰু ডলী ঘোষ সাধ্যৰ সৈতে আলাপ আৰু তেওঁলোকৰ গীতৰ অনুষ্ঠান পৰিৱেশিত হয়৷ শিল্পী দুগৰাকীৰ সৈতে মঞ্চত আলাপত অংশগ্ৰহণ কৰে ঋতুপৰ্ণ দাসে৷ সমগ্ৰ অনুষ্ঠানটিৰ আঁত ধৰে ইন্দ্ৰজিৎ দাসে৷ এই অনুষ্ঠানত বাতৰি বিভাগৰ কেইবাগৰাকীও প্ৰাক্তন সদস্যই মত বিনিময় কৰে৷ অনুষ্ঠানত আকাশবাণী গুৱাহাটীৰ কেইবাগৰাকীও অৱসৰপ্ৰাপ্ত বিষয়া উপস্থিত থাকে৷