Logo
image

এনএইচপিচিয়ে এৰিলে বান্ধৰ পানী, উত্তৰপাৰত হাহাকাৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক, ২ জুলাই : অসম তথা অৰুণাচলত অব্যাহত থকা ধাৰাষাৰ বৰষুণৰ ফলত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পৰা এৰি দিছে পানী৷ এন এইচ পি চিৰ গেট খুলি দিয়াত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত কাৰ্যতঃ বাঢ়নী পানীয়ে প্ৰলয়ৰ সূচনা কৰিছে৷ বান্ধটোৰ পৰা প্ৰতি ছেকেণ্ডত ১৬,০০০ ঘনমিটাৰ [কিউমেক] পানী এৰি দিয়াত সোৱণশিৰিৰ নৈ পৰীয়া এখনৰ পাছত এখন গাঁও মুহূৰ্ততে পানীত বুৰ যোৱাত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ প্ৰতি ছেকেণ্ডত ১৬,০০০ কিউবিক পানী বান্ধৰ পৰা ঘটনাই বিগত সকলো অভিলেখ ভংগ কৰিছে৷ কিয়নো বিগত সময়ছোৱাত সোৱণশিৰি বান্ধৰ পৰা সৰ্বাধিক ৭-৮ হাজাৰ কিউবিক পানীহে প্ৰতি ছেকেণ্ডত খুলি দিছিল এন এইচ পি চিয়ে৷ প্ৰথমবাৰলৈ বান্ধৰ পৰা বিশাল জলভাণ্ডাৰ নামনিলৈ এৰি দিয়াত নৈপৰীয়া লোকসকল আতংকিত হৈ পৰাৰ লগতে জিলা প্ৰশাসনকো চিন্তিত কৰি তুলিছে৷ এনে প্ৰেক্ষাপটত স্বাভাৱিকতেই এইবাৰৰ বানে দশকটোৰ ভিতৰতে বৃহৎ তথা প্ৰলয়ংকাৰী বান হোৱাৰ আশংকা কৰা হৈছে৷ অৰুণাচলত মুষলধাৰ বৰষুণ বৃদ্ধি পোৱাত জলবিদ্যুৎ প্ৰকল্পৰ ৰিৰ্জাভত পানীয়ে উপচি পৰিছে৷ যাৰ পৰিপ্ৰেক্ষিতত বান্ধৰ আটাইকেইখন ছুইচ গেট খুলি দিবলৈ বাধ্য হৈ পৰিছে কতৃৰ্পক্ষই৷ এন এইচ পি চিয়ে ধেমাজি আৰু লখিমপুৰ জিলা প্ৰশাসনে পানী এৰি দিয়া জাননী প্ৰেৰণ কৰাৰ পাছতো প্ৰশাসনে ৰাইজৰ মাজত সতৰ্কতা জাৰি নকৰাৰ অভিযোগ উঠিছে৷ যাৰ ফলত সোমবাৰে পুৱাৰে পৰা বাঢ়নী পানীয়ে উত্তৰ লখিমপুৰ-ধেমাজিৰ বিভিন্ন গাঁৱত প্ৰলয়ৰ সৃষ্টি কৰিছে৷ ঘৰৰ সা-সামগ্ৰী, জীৱ-জন্তু আদি নিৰাপদ স্থানলৈ আঁতৰাবলৈ সক্ষম নোহোৱাত সা-সম্পত্তি পানীত বুৰ যায়৷ লখিমপুৰৰ ঘূণাসূতিৰ লগতে বন্তিজান, খাগৰা কলখোৱা, মহাইজান আদি অঞ্চল প্লাবিত হৈ পৰিছে৷ আকস্মিক বানত ঘৰৰ পোহনীয়া গৰু-ছাগলীৰো এতিয়া খাদ্য সংকটৰ লগতে থাকিবলৈ ঠাই নোহোৱা হৈ পৰিছে৷

সোৱণশিৰিৰ বানে বুৰাইছে শ শ গাঁও

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, লখিমপুৰ : অৰুণাচল প্ৰদেশৰ লগতে লখিমপুৰ জিলাত বিগত কেইবাদিন ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত জিলাখনৰ শ শ গাঁও বানৰ কৱলত পৰিছে৷ লখিমপুৰৰ চৌদিশে এতিয়া বানৰ সংহাৰ চলিছে৷ ইফালে ভূতৰ ওপৰত দানহ পৰাদি নীপকোৱে ৰঙানদীত আৰু এন এইচ পি চিয়ে সোৱণশিৰি নদীত পানী এৰি দিয়াৰ ফলত নামনিত এনে জলপ্ৰলয়ৰ সূচনা হৈছে৷ সোৱণশিৰি পানীয়ে সোমবাৰে পুৱাৰে পৰা মাজুলী, লখিমপুৰ আদিত প্ৰৱল বানৰ সৃষ্টি কৰাত ইয়াৰ জনসাধাৰণৰ লগতে পশুধন আৰু পোহনীয়া জীৱ-জন্তুসমূহ মহা সংকটত পৰিছে৷ সোৱণশিৰিৰ বাঢ়নী পানীয়ে তেলাহী মৌজাৰ ভীমপৰা মথাউৰিৰ তেলিয়া পথাৰত মথাউৰি বিপন্ন কৰি তোলাত নদীপৰীয়া লোকসকল আতংকিত হৈ পৰিছে৷ উল্লেখনীয় কথা যে এন এইচ পি চিৰ পৰামৰ্শদাতা এ এন মহম্মদে আজি সদৰি কৰা অনুসৰি বিগত ১০বছৰৰ পাছত এইবাৰ সোৱণশিৰি নদীত প্ৰতি ছেকেণ্ডত ১২হাজাৰ কিউবিক পানী বৈ যোৱাৰ ফলতে নামনিত বানৰ সূচনা হৈছে৷ সূত্ৰটোৱে দাবী কৰা অনুসৰি প্ৰতিবছৰে সোৱণশিৰিৰ বুকুৰে কেৱল ৭-৮কিউবিক পানীহে প্ৰতি ছেকেণ্ডত বয় যদিও এইবাৰ এক দশকৰ পাছত এনেদৰে প্ৰতি ছেকেণ্ডত ১২হাজাৰ কিউবিক পানী বৈ গৈছে৷ ইফালে সোৱণশিৰিৰ বুকুৰে এনে বৃহৎ পানী বৈ যোৱা সন্দৰ্ভত ধেমাজি জিলা প্ৰশাসনে আগতীয়াকৈ ৰাইজক কোনো সংকেত নিদিয়াত ৰাইজ বিপদত পৰিছে৷ প্ৰাপ্ত তথ্য অনুসৰি গোগামুখৰ চাউলধোৱাত থকা সোৱণশিৰিৰ পকী দলঙত আৰু গেৰুকামুখৰ পকী দলঙত দুটাকৈ চাইৰেণ আছে যদিও এন এইচ পি চি কতৃৰ্পক্ষই হওঁক বা প্ৰশাসনেই হওঁক কোনোৱে এই  সংকেত নিদিয়াত নদীপৰীয়া লোকসকল নিমিষতে বানৰ কৱলত পৰিবলগা হৈছে৷ তেনেদৰে, এন এইচ পি চিয়ে ৮খন গেটেৰে এই বৃহৎ জলৰাশি এৰি দিয়াৰ ফলত লখিমপুৰৰ বৃহৎ বৃহৎ অঞ্চল বিশেষকৈ ঘূঁনাসুতি, মহাইজান, ঘাগৰ কলাখোৱা, ৰন্তিজান, কুঁহিমাৰী, পটিয়া, ১১মাইল আদি ঠাইসমূহত আজি পুৱাৰে পৰা প্ৰৱল বানৰ কৱলত পৰিছে অৰ্ধশতাধিক গাঁও৷ এই গাঁওসমূহৰ সৰহসংখ্যক পৰিয়ালৰ ঘৰত পানী সোমোৱাৰ লগতে কোনো কোনো ঠাইত ঘৰৰ মুধচপৰ্যন্ত পানী উঠিছে৷ এই ঘৰসমূহৰ ভিতৰে-বাহিৰে প্ৰচণ্ড সোঁতৰ সৃষ্টি হোৱাত ইয়াৰ জনসাধাৰণৰ লগতে পশুধনসমূহ জলবন্দী হৈ পৰিছে৷ একাংশ লোকে ওখ ঠাইত আশ্ৰয় লোৱাৰ লগতে পশুধনসমূহ নিৰাপদ স্থানলৈ স্থানান্তৰ কৰিছে যদিও এই পশুধনসমূহ খাদ্যৰ সংকটত পৰিছে৷ আনহাতে, নাওবৈচাত শিঙৰা নদী, বোকানদীৰ লগতে মেনেহাৰ বাঢ়নী পানীয়ে এক বিস্তীৰ্ণ অঞ্চল বুৰাই পেলাইছে৷  বাঢ়নী পানীয়ে নাওবৈচা ৰাজহ চক্ৰৰ প্ৰায় ডেৰকুৰি গাঁও জলমগ্ন কৰি পেলাইছে৷ একেদৰে এন এইচ পি চিয়ে সোৱণশিৰিত পানী এৰি দিয়াৰ ফলত ঘূনাসুতি গাঁও পঞ্চায়তৰ অন্তৰ্গত কলিয়নি, চন্দ্ৰপুৰ, বালিভেটা, নাহৰণি, উৰিয়ামতলা, মাধৱপুৰ, শগুণখোৱা, বৰচাপৰি আদি ৰাজহ গাঁওসমূহ জলমগ্ন কৰি তোলাত এই গাঁওসমূহত অবৰ্ণনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে৷ তেনেদৰে ডিক্ৰং নদীত অৰুণাচলৰ পাৰে প্ৰকল্পই পানী এৰি দিয়াৰ ফলতো বিহপুৰীয়া ৰাজহ চক্ৰৰ বিভিন্ন অঞ্চল জলমগ্ন হৈ পৰিছে৷ আকৌ জিলাখনৰ পিছলা নদীয়ে ধলপুৰ মৌজাৰ পশ্চিম প্ৰান্তত শ শ গাঁও বুৰাই পেলোৱাৰ লগতে হাজাৰ হাজাৰ হেক্টৰ কৃষিভূমি বানৰ কৱলত পৰিছে৷ তাৎপৰ্যপূৰ্ণ কথা যে ধাৰাসাৰ বৰষুণৰ ফলত উত্তৰ লখিমপুৰ পৌৰসভাৰ অন্তৰ্গত প্ৰায়বোৰ ৱাৰ্ডতে কৃত্ৰিম বানৰ সৃষ্টি কৰাত জনজীৱন ব্যাহত হৈ পৰিছে৷ শেহতীয়াকৈ পোৱা তথ্য অনুসৰি সোৱণশিৰিৰ বলিয়া বানে কাষৰীয়া গাঁওসমূহৰ বিভিন্ন বয়-বস্তুৰ লগতে পোহনীয়া পশু-পক্ষীসমূহ উটুৱাই নিয়াত কৃষিজীৱি লোকসকল কিংকৰ্তব্যবিমূঢ় হৈ পৰিছে৷ লক্ষণীয় কথা যে জিলাখনৰ প্ৰায়বোৰ নদীয়েই এতিয়া বিপদসীমাৰ ওপৰেৰে বাঢ়ি থকাত ৰাইজৰ মাজত আতংকৰ সৃষ্টি হৈছে৷


১৭ ঘণ্টাৰ ভিতৰত ভূটানে কুৰিশ্বু বান্ধৰ পানী এৰিলে ১৮বাৰ

‘আমাৰ অসম’ৰ সৰুক্ষেত্ৰীৰ প্ৰতিবেদক : ৰাজ্যৰ উজনি প্ৰান্তৰ বিভিন্ন প্ৰান্তত বানৰ বিভীষিকাই জনজীৱন বিপৰ্যস্ত কৰি তোলাৰ সময়তে নামনি অসমৰ বৰপেটা জিলাত বান পৰিস্থিতি ভয়াৱহ হৈ পৰাৰ আশংকাই খেদি ফুৰিছে ৰাইজক৷ যোৱা কিছুদিন ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত জিলাখনৰ মাজেৰে অথবা জিলাখনক স্পৰ্শ কৰি প্ৰবাহিত হৈ থকা আটাইবোৰ নদীৰ জলপৃষ্ঠ বৃদ্ধি পাইছে৷ তদুপৰি, ভূটান চৰকাৰে যোৱা পৰহি নিশাৰ পৰাই কুৰিশ্বু বান্ধৰ পানী ধাৰাবাহিকভাৱে এৰি দিছে৷ দেওবাৰে দিনৰ ২বজালৈকে ভূটান চৰকাৰে কুৰিশ্বু বান্ধৰ পানী সাতবাৰকৈ এৰি দিয়াৰ পাছত আবেলি তিনি বজাৰ পৰা সোমবাৰে পুৱা ৮বজালৈকে প্ৰতি এঘণ্টাৰ মূৰে মূৰে ভূটান চৰকাৰে ১৮বাৰকৈ কুৰিশ্বু বান্ধৰ পানী এৰি দিছে৷ বৰপেটা জিলা দুৰ্যোগ প্ৰশমন বিভাগৰ এক সূত্ৰই সদৰি কৰা মতে, ভূটানে কুৰিশ্বু বান্ধৰ পানী কালি বিয়লি তিনি বজাত ৯৭৪.৯৬কিউবিক মিটাৰ, ৪ বজাত ৯৮৬.৩৬কিউবিক মিটাৰ, সন্ধিয়া ৫ বজাত ৮৯২.৭৯কিউবিক মিটাৰ, সন্ধিয়া ৬বজাত ৮৪৭.৯২কিউবিক মিটাৰ, সন্ধিয়া ৭ বজাত ৮০৮.৯৩কিউবিক মিটাৰ, ৮বজাত ৭৭৭.৮৩কিউবিক মিটাৰ, নিশা ৯বজাত ৭৬৭.৫৮কিউবিক মিটাৰ, নিশা ১০বজাত ৭২৮.৬০কিউবিক মিটাৰ, নিশা ১১বজাত ৭৬৫.৮০কিউবিক মিটাৰ, নিশা ১২বজাত ৭২৯.৩৬কিউবিক মিটাৰ, নিশা ৰবজাত ৭৫৩.৮৪কিউবিক মিটাৰ, নিশা ২বজাত ৭৭৮.১৪কিউবিক মিটাৰ, পুৱতি নিশা ৩বজাত ৮০০.৯০কিউবিক মিটাৰ, পুৱা ৪ বজাত ৮১৬.৬৯কিউবিক মিটাৰ, ৫বজাত ৮৩৫.৬০কিউবিক মিটাৰ, ৬বজাত ৯২০.৮৯কিউবিক মিটাৰ, ৭ বজাত ৯৫৫.৯৬কিউবিক মিটাৰ আৰু ৮ বজাত ৯৭০.৩৬কিউবিক মিটাৰ এৰি দিছে৷ ভূটানে কুৰিশ্বু বান্ধৰ পানী এইদৰে সঘনাই এৰি দিয়া কথাই উদ্বিগ্ন কৰি তুলিছে বৰপেটা জিলাবাসীক৷ বৰপেটা জিলাবাসীৰ বাবে আন এক চিন্তাৰ কাৰণ হৈছে যে, ভূটানত বৰ্তমানো অব্যাহত আছে বৰষুণ৷ ইপিনে, ব্ৰহ্মপুত্ৰকে ধৰি বৰপেটা জিলাৰ ৬খন নদীৰ জলস্তৰ বিপদসীমা অতিক্ৰম কৰিছে৷ দুৰ্যোগ প্ৰশমন বিভাগৰ সূত্ৰটোৱে সদৰি কৰা মতে, সম্প্ৰতি ব্ৰহ্মপুত্ৰ নদী বিপদসীমাৰ ০.২০মিটাৰ ওপৰেৰে বৈ আছে৷ একেদৰে নখান্দা নদী বিপদসীমাৰ ০.৩৪মিটাৰ ওপৰেৰে, মৰাচাউলখোৱা বিপদসীমাৰ ০.৫৩মিটাৰ ওপৰেৰে, ভেলেঙী নদী বিপদসীমাৰ ০.২১মিটাৰ ওপৰেৰে, পহুমাৰা নদী বিপদসীমাৰ ০.০৪মিটাৰ ওপৰেৰে আৰু কালদিয়া ০.৬৪মিটাৰ ওপৰেৰে বৈ আছে৷ আনহাতে, বেকী নদী বিপদসীমাৰ প্ৰায় সমানে সমানে বৈ আছে৷ ইপিনে, বৰপেটা জিলা প্ৰশাসনে সম্ভাব্য বান পৰিস্থিতিক লৈ সতৰ্ক জাৰি কৰিছে৷ জিলা প্ৰশাসনৰ এক সূত্ৰই জানিবলৈ দিয়া অনুসৰি, অহা ৩৬ ৰ পৰা ৪৮ঘণ্টাৰ ভিতৰত ব্ৰহ্মপুত্ৰ, কালদিয়া, পহুমাৰা, নখান্দা আৰু মৰা চাউলখোৱা নদীৰ বাঢ়নী পানীয়ে জিলাখনৰ বৰপেটা, বৰনগৰ, কলগাছিয়া, বাঘবৰ, সৰুপেটা, বজালী আৰু সৰ্থেবাৰী ৰাজহ চক্ৰ এলেকাত বান সৃষ্টি কৰাৰ সম্ভাৱনা আছে৷ বান পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবপৰাকৈ সকলোকে সাজু থাকিবলৈ আহ্বান জনাইছে বৰপেটা জিলা প্ৰশাসনে৷