Logo
image

হাতত কেমেৰা লৈ বিধ্বস্ত ৰাস্তাৰ ধাৰাবিৱৰণী সাংসদ গৌৰৱৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৩ জুলাই : সংসদৰ ভিতৰত বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে আক্ৰমণাত্মক স্থিতি গ্ৰহণ কৰি অহা যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে এইবাৰ হাতত কেমেৰা লৈ অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ দুৰৱস্থা দেশবাসীৰ সন্মুখত দাঙি ধৰিলে৷ গৌৰৱ গগৈৰ এই গ্ৰাউণ্ড জিৰ’ ৰিপ’ৰ্টিং এতিয়া দেশৰ ৰাজনীতিত চৰ্চাৰ বিষয় হৈ পৰিছে৷ অসমৰ শেহতীয়া বান পৰিস্থিতিৰ বুজ ল’বলৈ অহা সাংসদ গগৈয়ে দুদিন পূৰ্বে যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত টিয়কত ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত থিয় হৈ কেন্দ্ৰীয় পথ পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীলৈ এটা ভিডিঅ’ বাৰ্তা প্ৰেৰণ কৰে৷ উল্লেখ্য, অসমৰ ৰাষ্ট্ৰীয় ঘাইপথৰ শোচনীয় অৱস্থাৰ বিষয়ে দীৰ্ঘদিন ধৰি বহু গুৰুতৰ অভিযোগ উত্থাপন হৈ আহিছে৷ ইয়াৰ পাছতো কিন্তু কেন্দ্ৰীয় চৰকাৰে এইক্ষেত্ৰত ন্যূনতমো গুৰুত্ব নাই৷ এনে সময়তে সাংসদ গগৈয়ে এক ভিডিঅ’ বাৰ্তাযোগে কেন্দ্ৰীয় মন্ত্ৰীজনক ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ একাংশৰ শোচনীয় অৱস্থাৰ ধাৰা বিৱৰণী দিয়ে৷


সাংসদ গগৈয়ে নিজৰ ভিডিঅ’ বাৰ্তাটোত কয়– নীতিন গাডকাৰীজী, মই যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে কৈ আছোঁ৷ আপোনাক সকলোৱে সন্মান কৰে৷ আপুনি দেশৰ বিভিন্ন ৰাষ্ট্ৰীয় ঘাইপথৰ নিৰ্মাণ বহু দ্ৰুতগতিত কৰিছে৷ কিন্তু আপোনাক মনত পেলাই দিব বিচাৰিছোঁ যে বিগত ৭/৮ বছৰ আপুনি দুবাৰ যোৰহাটলৈ আহিছে৷ টিয়ক-শিৱসাগৰৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা আপুনি দেখি আছে৷ ৭/৮ বছৰ ধৰি ইয়াত একো কামেই হোৱা নাই৷ এজনৰ পাছত এজনকৈ বিভিন্ন ঠিকাদাৰ আহে আৰু পাছত আঁতৰি যায়৷ আকৌ নিবিদা হয়৷ শেষত গৈ এই পথছোৱাত দুৰ্ঘটনা সংঘটিত হ’বলৈ ধৰে৷ এইখনেই প্ৰকৃত ছবি অসমৰ৷ মই আশা কৰিম যাতে আপোনাৰ প্ৰতিভাক আমি যোৰহাট লোকসভা সমষ্টিত দেখিবলৈ পাওঁ৷ টিয়ক-শিৱসাগৰৰ ৩৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ প্ৰতি আপুনি বিশেষভাৱে দৃষ্টি দিয়ক৷ সমগ্ৰ ৰাষ্ট্ৰী ঘাইপথছোৱাৰ এই অংশটোৱে আটাইতকৈ দুৰ্বল য’ত কাম হোৱা নাই৷ ইয়াৰ বাবে বিশেষ পেকেজ দিয়ক যাতে ঠিকাদাৰেও কাম কৰিব পাৰে আৰু চৰকাৰেও সুখত থাকিব পাৰে, সৰ্বোপৰি ৰাইজে যাতে সুবিধা লাভ কৰে৷