Logo
image

মণিপুৰক লৈ মুখ খুলিলেও মোদীৰ ভাষণ বৰ্জন বিৰোধীৰ

আমাৰ অসম’ৰ বিশেষ প্ৰতিবেদন, ৪ জুলাই : বিৰোধী দলৰ সাংসদৰ উপৰ্যুপৰি আক্ৰমণত অৱশেষত সংসদত মণিপুৰক লৈ মৌনব্ৰত ভাঙিলে প্ৰধানমন্ত্ৰী মোদীয়ে৷ ২০২৩ চনৰ ৩ মে’ত আৰম্ভ হোৱা মণিপুৰৰ গোষ্ঠীসংঘৰ্ষ সন্দৰ্ভত বিগত ১৪ মাহত মোদীয়ে মাথোঁ সংসদত যোৱা বছৰ ২৪ চেকেণ্ড কথা কৈছিল৷ উচ্ছতম ন্যায়ালয়ৰ ধমকিত সেই লোকসভা অধিৱেশনত সংসদৰ বাহিৰত কেইমিনিটমান উল্লেখ কৰিছিল মণিপুৰৰ অগ্নিগৰ্ভা প্ৰসংগ৷ তাৰ বাহিৰে মোদী মণিপুৰক লৈ মৌন৷ এইবাৰ লোকসভাত মোদীক মণিপুৰৰ প্ৰসংগক লৈ বিৰোধীয়ে কৰা আক্ৰমণৰ পাছত বুধবাৰে ৰাজ্যসভাতো তেওঁ বিৰোধীৰ আক্ৰমণৰ সন্মুখীন হৈছিল একে বিষয়ত৷ সোমবাৰে লোকসভাত মোদীৰ ভূমিকাৰ কঠোৰ সমালোচনা কৰিছিল মণিপুৰৰ কংগ্ৰেছ সাংসদ এ বিমল আকোইজামে৷ প্ৰসংগতঃ, মণিপুৰত বিজেপি চৰকাৰ থকা স্বত্ত্বেও এইবাৰ লোকসভা নিৰ্বাচনত দুয়োটা সমষ্টিতে বিজয়ী হৈছিল কংগ্ৰেছ৷ 


বুধবাৰে ৰাজ্যসভাত বিৰোধীৰ আক্ৰমণত নতি স্বীকাৰ কৰি মণিপুৰক লৈ মোদীয়ে মুখ খুলিলে৷ কিন্তু এই ঘটনাৰ বাবে বিৰোধীক দোষাৰোপ কৰাত বিৰোধী দলে মোদীৰ ভাষণ বৰ্জন কৰি সদন ত্যাগ কৰে৷ ফলত তেওঁ বিৰোধীশূন্য সদনতে ভাষণ দিয়ে৷ তেওঁ কয়– ‘মণিপুৰক লৈ যি জুইত ঘূতাহুতি দিছে, তেওঁলোকে জানি ৰাখক, মণিপুৰে এদিন তেওঁলোকক প্ৰত্যাখ্যান কৰিব৷ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে মণিপুৰৰ পৰিস্থিতি স্বাভাৱিক কৰাৰ চেষ্টা চলাইছে৷ নিৰন্তৰ সেই চেষ্টাই ফলো ধৰিছে৷ লাহে লাহে মণিপুৰ শান্ত হৈছে৷ স্বাভাৱিক অৱস্থালৈ ৰাজ্যখন উভতি আহিছে৷’ মোদীৰ বক্তব্য মিথ্যা মিথ্যা বুলি বিৰোধীয়ে আপত্তি কৰে আৰু ৰাজ্যসভাৰ বিৰোধী নেতা মল্লিকাৰ্জুন খৰ্গেক মণিপুৰ সন্দৰ্ভত বক্তব্য আগবঢ়াবলৈ দিবলৈ বিৰোধীয়ে সন্মিলিত দাবী তোলে৷ সেই দাবী গ্ৰাহ্য নোহোৱাত বিৰোধীয়ে ‘ৱাক আউট’ কৰে৷ পাছত বিবৃতি দি বিৰোধীয়ে কয় যে, এবছৰৰ পাছত মোদীয়ে মণিপুৰক লৈ মুখ খুলিলেও সকলো অসত্য কথাৰেই দেশক আভুৱা ভাৰিলে৷ উল্লেখ্য, মণিপুৰত কংগ্ৰেছৰ শাসনত দহবাৰ ৰাষ্ট˜পতি শাসন জাৰি কৰাৰ প্ৰসংগ তুলি সাম্প্ৰতিক অশান্তি, হত্যা, যৌন নিৰ্যাতনক ঢাকি ৰখাৰ চেষ্টা কৰে৷

অপপ্ৰচাৰে টলাব নোৱাৰে ৰাহুল গান্ধীক : ববিতা শৰ্মা

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তা : বিৰোধী দলপতি ৰাহুল গান্ধীয়ে সোমবাৰে সংসদত ৰাষ্ট্ৰপতিৰ অভিভাষণৰ ধন্যবাদসূচক প্ৰস্তাৱৰ সময়ত প্ৰদান কৰা ভাষণক লৈ অপপ্ৰচাৰত নামি পৰিছে বিজেপি দল৷ মঙলবাৰে ৰাজীৱ ভৱনত এক সংবাদমেল অনুষ্ঠিত কৰি এই অভিযোগ কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ জ্যেষ্ঠ নেত্ৰী ববিতা শৰ্মাই বিজেপিৰ এনে কাৰ্যক গৰিহণা দি কয় যে ৰাহুল গান্ধীয়ে সত্য কথা কোৱা বাবেই ভীতিগ্ৰস্ত হৈ শাসনাধিষ্ঠিত দলটোৱে অপপ্ৰচাৰ চলাইছে৷ কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয়– ‘ৰাহুল গান্ধীয়ে সংসদত যি কথা কৈছে সেয়া সকলোৱে জানে যে হিন্দু ধৰ্মত হিংসাৰ কোনো স্থান নাই৷ তেওঁ আৰু কৈছে যে যেতিয়াৰে পৰা বিজেপি দল শাসনলৈ আহিছে তেতিয়াৰে পৰা আমাৰ দেশত হিংসা আৰু বিদ্বেষময় এক পৰিৱেশৰ সৃষ্টি হৈছে৷ লগতে যিসমূহ ৰাজ্যত বিজেপিৰ শাসন চলে সেই ৰাজ্যসমূহতো এনে পৰিৱেশৰ উদ্ভৱ হৈ আহিছে৷ এয়া সত্য কথা’  ৰাহুল গান্ধীয়ে কোৱা কথা যদিহে বিজেপিয়ে মিছা বুলি ক’ব খোজে তেন্তে আৰএছএছৰ মুৰব্বী মোহন ভাগৱতে মণিপুৰত হোৱা হিংসা-বিদ্বেষৰ ঘটনাক লৈ মোদী চৰকাৰক কিয় গুৰুত্ব দিবলৈ আহ৩ান জনাবলগীয়া হৈছিল বুলিও প্ৰশ্ন কৰে৷ ববিতা শৰ্মাই আৰু কয়– ‘গুজৰাটৰ গোধৰাত যেতিয়া সাম্প্ৰদায়িক ঘটনা সংঘটিত হৈছিল তেতিয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হৈ থকা নৰেন্দ্ৰ মোদীক তদানীন্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীয়ে ৰাজধৰ্ম পালন কৰিবলৈ সোঁৱৰাই দিবলগীয়া হৈছিল৷ এই ঘটনাসমূহে বাৰম্বাৰ ইয়াকে প্ৰমাণ কৰে যে মোদীৰ ৰাজনীতি তথা মোদী নেতৃত্বাধীন বিজেপিৰ ৰাজনীতি হৈছে হিংসা-বিদ্বেষেৰে ভৰপূৰ ৰাজনীতি৷’ সত্য কেতিয়াও লুকাই নাথাকে বুলি উল্লেখ কৰি কংগ্ৰেছ নেত্ৰীগৰাকীয়ে কয় যে বিজেপিয়ে ৰাহুল গান্ধীক লৈ অপপ্ৰচাৰত লিপ্ত হোৱাৰ পৰিৱৰ্তে বিদ্বেষ আৰু বিভাজনৰ ৰাজনীতি পৰিহাৰ কৰি শান্তি আৰু ভাতৃত্ববোধৰ ৰাজনীতিৰে দেশৰ জনসাধাৰণক সকাহ প্ৰদান কৰা উচিত৷ কিন্তু তাকে নকৰি বিজেপিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ নেতাৰ পৰা আৰম্ভ কৰি অসমৰ নেতাসকলেও সংবাদ মাধ্যমৰ আগত সততেই বিভাজনকামী মন্তব্যহে কৰি আহিছে বুলিও কংগ্ৰেছ নেত্ৰীগৰাকীয়ে অভিযোগ কৰে৷ তেওঁ কয়–‘বিভাজনকামী ৰাজনৈতিক মন্তব্যই দেশৰ কোনো উন্নয়ন নকৰে৷ এনে মন্তব্যই দেশখনক অস্থিৰ কৰি তোলে৷ তাৰ পাছতো বাৰম্বাৰ বিজেপিৰ নেতাসকলে ক্ষমতাৰ বাবে এনে কৰি অহাতো অতিশয় দুৰ্ভাগ্যজনক৷ ‘সংসদত ৰাহুল গান্ধীয়ে আগবঢ়োৱা ভাষণৰ কিছু অংশ সদনৰ ৰেকৰ্ডৰ পৰা প্ৰত্যাহাৰ কৰাক লৈয়ো বিজেপি চৰকাৰক সমালোচনা কৰে কংগ্ৰেছ নেত্ৰী ববিতা শৰ্মাই৷ তেওঁ কয়– ‘চৰকাৰৰ হেঁচাত সদনৰ ৰেকৰ্ডৰ পৰা ৰাহুল গান্ধীৰ মন্তব্যৰ কিছু অংশ প্ৰত্যাহাৰ কৰা হৈছে৷ কিন্তু ৰাহুল গান্ধীয়ে কোৱা সকলো কথা সমগ্ৰ দেশে শুনিছে, সমগ্ৰ বিশ্বই শুনিছে৷ গতিকে বিজেপি আৰু মোদী চৰকাৰৰ ভয়-ভাবুকিয়ে ৰাহুল গান্ধী আৰু কংগ্ৰেছ দলক মুঠেই সন্ত্ৰস্ত কৰিব নোৱাৰে৷ ৰাহুল গান্ধীক লৈ অপপ্ৰচাৰ চলাই লাভ নাই, ৰাহুল গান্ধীয়ে সদায় সত্যটো কৈয়েই যাব৷’ আনহাতে সংবাদমেলত উপস্থিত থাকি অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মিডিয়া বিভাগৰ অধ্যক্ষ বেদব্ৰত বৰাই ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি নিয়ন্ত্ৰণত চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে বুলিও অভিযোগ কৰে৷ তেওঁ কয় যে মথাউৰি সময়মতে মেৰামতি-নিৰ্মাণ নকৰাৰ বাবেই আজি ৰাজ্যৰ ভিন্নপ্ৰান্তত ৰাইজে জীয়াতু ভুগিবলগীয়া হৈছে৷ হাজাৰ হাজাৰ কোটি টকাৰ ঋণ লৈয়ো চৰকাৰে মথাউৰিসমূহ ভালদৰে কিয় নিৰ্মাণ কৰিব নোৱাৰিলে বুলিও প্ৰশ্ন কৰে বৰাই৷ চৰকাৰে লোৱা ঋণৰ বিনিময়তো সাধাৰণ জনতাই প্ৰাণ দিবলগীয়া হৈছে বুলি অভিযোগ কৰি কংগ্ৰেছ নেতাগৰাকীয়ে কলিয়াবৰত মন্ত্ৰী কেশৱ মহন্তৰ ঠিকাদাৰ ভাতৃয়ে নিৰ্মাণ কৰা মথাউৰি কি কাৰণত বাৰে বাৰে ভাগে তাৰ তদন্ত কৰিবলৈকো চৰকাৰক দাবী জনায়৷ সংবাদমেলত কংগ্ৰেছৰ উপ-সভাপতি গুণকান্ত গগৈ, সাধাৰণ সম্পাদক বিপুল গগৈ আৰু মিডিয়া বিভাগৰ সাধাৰণ সম্পাদক গোপাল শৰ্মায়ো অংশগ্ৰহণ কৰে৷