Logo
image

‘আমাৰ অসম’ৰ কাৰ্যবাহী সম্পাদক গৌতম শৰ্মালৈ দিপিআৰচি সাংবাদিকতা বঁটা

‘আমাৰ অসম’ৰ মহানগৰ সংবাদ, ৪ জুলাই : ‘আমাৰ অসম’ৰ কাৰ্যবাহী সম্পাদক তথা আকাশবাণীৰ স্বীকৃতিপ্ৰাপ্ত গীতিকাৰ-কণ্ঠশিল্পী, সংগীত পৰিচালক গৌতম শৰ্মা, বিশিষ্ট সুৰকাৰ-সংগীত পৰিচালক জে পি দাস আৰু বিশিষ্ট চৰ্মৰোগ বিশেষজ্ঞ ডাঃ পংকজ অধিকাৰীলৈ আগবঢ়োৱা হৈছে ২০২৪ চনৰ দিপিআৰচি বঁটা৷ বুধবাৰে গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত সংবাদমেলত এই কথা ঘোষণা কৰি দিপিআৰচিৰ অধ্যক্ষ তথা মুখ্য পৰিচালন সঞ্চালক, সাংবাদিক দিগন্ত দাসে কয়– ‘অহা ৮ জুলাইত দিপিআৰচিয়ে দ্বাদশ  বছৰ সম্পূৰ্ণ কৰিব৷ দিপিআৰচিয়ে প্ৰতি বছৰে প্ৰতিষ্ঠা দিৱসৰ লগত সংগতি ৰাখি অসমৰ সংবাদ, চিকিৎসা আৰু কলা-সংস্কৃতিৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে তিনিজনকৈ বিশিষ্ট ব্যক্তিক দিপিআৰচি বঁটা প্ৰদান কৰি আহিছে৷ এই বঁটা প্ৰদানৰ বাবে গঠিত নিৰ্বাচক মণ্ডলীয়ে কৰা বাছনিৰ ভিত্তিত ২০২৪ বৰ্ষৰ দিপিআৰচি সাংবাদিকতা বঁটা আগবঢ়োৱা হৈছে বিশিষ্ট সাংবাদিক তথা ‘আমাৰ অসম’ কাকতৰ কাৰ্যবাহী সম্পাদক, বিশিষ্ট গীতিকাৰ-সুৰকাৰ-কণ্ঠশিল্পী গৌতম শৰ্মালৈ৷ দিপিআৰচি কলা-সংস্কৃতি বঁটা আগবঢ়োৱা হৈছে বিশিষ্ট সুৰকাৰ-কণ্ঠশিল্পী তথা সংগীত পৰিচালক জে পি দাসলৈ৷ বিশিষ্ট চৰ্মৰোগ বিশেষজ্ঞ ডাঃ পংকজ অধিকাৰীলৈ আগবঢ়োৱা হৈছে দিপিআৰচি চিকিৎসা সেৱা বঁটা৷ ২০ জুলাইত নলবাৰীৰ জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া দিপিআৰচিৰ প্ৰতিষ্ঠা দিৱসৰ বিশেষ অনুষ্ঠানত এই বঁটাসমূহ প্ৰদান কৰা হ’ব৷ এই অনুষ্ঠানতে নাট্যকাৰ-পৰিচালক ঋতুপৰ্ণ দাস সম্পাদিত দিপিআৰচিৰ বাৰ্ষিক মুখপত্ৰ ‘ফিনিক্স’ উন্মোচন কৰা হ’ব আৰু জনপ্ৰিয় শিল্পী দ্বীপেন বৰুৱাই সঙ্গীতানুষ্ঠান পৰিৱেশন কৰিব৷ অনুষ্ঠানত বিশিষ্ট শিল্পী নকুল দাস, তৃষা দাসে লোকগীত, জ্যোতিশ্ৰী আৰ ইউ বৈশ্য আৰু কংকন তালুকদাৰে মূকাভিনয়, নলবাৰীৰ স্থানীয় শিল্পীসকলে দলীয় নৃত্য পৰিৱেশন কৰিব৷ অসমৰ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক ক্ষেত্ৰৰ কেইবাজনো বিশিষ্ট ব্যক্তিয়ে সেইদিনাৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিব৷’ বুধবাৰৰ সংবাদমেলত দিপি আৰ চিৰ সঞ্চালকদ্বয় কৌশিক বৰঠাকুৰ আৰু অংশুমান দাসৰ উপৰি সমন্বয়ক ঋতুপৰ্ণ দাস উপস্থিত থাকে৷ উল্লেখ্য, এতিয়ালৈকে ক্ৰমে প্ৰশান্ত ৰাজগুৰু, সমুদ্ৰগুপ্ত কাশ্যপ, প্ৰণয় বৰদলৈ, মৃণাল তালুকদাৰ, ৰামানুজ দত্ত চৌধুৰী, জাৰিৰ হুছেইন, মনোজ কুমাৰ গোস্বামী, ৱাছবিৰ হুছেইন আৰু প্ৰশান্তজ্যোতি বৰুৱাৰ পাছত এইবাৰ দিপিআৰচি সাংবাদিকতা বঁটা লাভ কৰিছে গৌতম শৰ্মাই৷ কলা-সংস্কৃতি শিতানত ইতিপূৰ্বে দিপিআৰচি বঁটা লাভ কৰিছে অৰূপ মান্না, ধনেশ্বৰ শইকীয়া, উমাকান্ত বৈৰাগী, গুণীন্দ্ৰ ওজা, তৰুণ শইকীয়া, প্ৰভাত শৰ্মা, নীলপৱন বৰুৱা, সুদক্ষিণা শৰ্মা আৰু হেমন্ত দত্তই৷ আনহাতে, এতিয়ালৈকে চিকিৎসা সেৱা শিতানত দিপিআৰচি বঁটা লাভ কৰিছে ডাঃ হৰ্ষ ভট্টাচাৰ্য, ডাঃ প্ৰদীপ কুমাৰ বৰুৱা, ডাঃ সুভাষ খান্না, ডাঃ ৰমেশ চন্দ্ৰ ডেকা, ডাঃ ইলিয়াছ আলী, ডাঃ অমল চন্দ্ৰ কটকী, ডাঃ নোমল চন্দ্ৰ বৰা, ডাঃ ৰমেন তালুকদাৰ আৰু ডাঃ নাৰায়ণ বৰদলৈয়ে৷ ইফালে, বুধবাৰৰ সংবাদমেলত দিপিআৰচিৰ মুৰব্বী দিগন্ত দাসে কয়– ‘উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমখন ফিজিঅ’থেৰাপি সংসদৰ আয়োজন কৰিছে দিগন্তজ ফিজিঅ’থেৰাপি এণ্ড ৰিহেবিলিটেছন চেণ্টাৰ, চমুকৈ দিপিআৰচিয়ে৷ মৰিগাঁও জিলাৰ মায়ঙত থকা ৰিজ’ৰ্ট মিষ্টিক মায়ঙত ৭ জুলাইত ‘দিপিআৰচি ফিজিঅ’থেৰাপি সংসদ’ অনুষ্ঠিত হ’ব৷ এই সংসদত ভাগ ল’ব নতুন দিল্লীস্থিত এইম্‌ছৰ অৱসৰপ্ৰাপ্ত মুখ্য ফিজিঅ’থেৰাপিষ্ট ডাঃ বিশ্ব প্ৰকাশ গুপ্তা, অসমৰ প্ৰসিদ্ধ অস্থিৰোগ বিশেষজ্ঞ ডাঃ প্ৰদীপ কুমাৰ বৰুৱা আৰু বিশিষ্ট স্নায়ুৰোগ বিশেষজ্ঞ ডাঃ নিতু কুমাৰ দাসে৷ অনুষ্ঠানত গীতিকাৰ, কণ্ঠশিল্পী ৰাহুল গৌতম শৰ্মাই সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰিব৷ উত্তৰ-পূৱৰ ভিতৰতে প্ৰথম অত্যাধুনিক সা-সঁজুলিৰে ৰাষ্ট্ৰীয় মানৰ ফিজিঅ’থেৰাপি সেৱা আগবঢ়োৱা, স্বেচ্ছাসেবী সংস্থা ‘আঁচল’ৰ অধীনস্থ প্ৰতিষ্ঠান দিগন্তজ ফিজিঅ’থেৰাপি এণ্ড ৰিহেবিলিটেছন চেণ্টাৰ, চমুকৈ দিপিআৰচিয়ে ৮ জুলাইত সফলতাৰে এটা যুগ অৰ্থাৎ দ্বাদশ বছৰ সম্পূৰ্ণ কৰিব৷ ইয়াৰ লগে লগে দিপিআৰচি, বৰপেটা কেন্দ্ৰই সম্পূৰ্ণ কৰিব প্ৰতিষ্ঠাৰ ষষ্ঠ বছৰ৷ ২০১২ চনৰ ৮ জুলাইত যাত্ৰা আৰম্ভ কৰি বিগত ১২বছৰে দিপিআৰচিয়ে এতিয়ালৈকে ত্ৰিশ সহস্ৰাধিক লোকক উন্নত ফিজিঅ’থেৰাপি চিকিৎসা সেৱা আগবঢ়াই সুস্থিৰ আৰু শান্তিৰ জীৱন যাপনত সহযোগিতাৰ হাত আগবঢ়াই আহিছে৷ ইয়াৰোপৰি গুৱাহাটী আৰু বৰপেটা দুয়োটা কেন্দ্ৰতে দাৰিদ্ৰ্য সীমাৰেখাৰ তলৰ লোকসকলক বিনামূলীয়াকৈ চিকিৎসা সেৱা আগবঢ়োৱাৰ উপৰি বছৰৰ বিভিন্ন সময়ত ৰাজ্যৰ বিভিন্ন স্থানত স্বাস্থ্য পৰীক্ষা শিবিৰ আদি অনুষ্ঠিত কৰি আহিছে৷ দিপিআৰচিয়ে বাধাগ্ৰস্ত শিশুসকলৰ চিকিৎসাৰ বাবে দিচিআৰএছ নামৰ ভগ্নী-প্ৰতিষ্ঠানো আৰম্ভ কৰিছিল, যি দিপিআৰচিৰ লগতে প্ৰতিষ্ঠাৰ ১২টা বছৰ সম্পূৰ্ণ কৰিছে৷’ এযুগ সম্পূৰ্ণ কৰা দিপিআৰচিৰ প্ৰতিষ্ঠা দিৱস আৰু বঁটা প্ৰদান অনুষ্ঠানকে ধৰি সকলো কাৰ্যসূচীত সকলো শ্ৰেণীৰ লোকৰ সহায়-সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে দিপিআৰচি কতৃৰ্পক্ষই৷