Logo
image

কোনে ভাইৰেল কৰিছিল 'মহাবীৰ লাচিত'ৰ বিতৰ্কিত পোষ্টাৰখন?: কি ক'লে যতীন বৰাই?

'আমাৰ অসম'ৰ মহানগৰ সংবাদ,৪ জুলাইঃ পুনৰ বিতৰ্কৰ মাজত সোমাই পৰিছে অভিনেতা যতীন বৰা। এইবাৰ অসমীয়া ছবি বা ৰাজনৈতিক কোনো মন্তব্যৰ বাবে নহয়, নাটকৰ এখন পোষ্টাৰৰ বাবে বিতৰ্কৰ মাজত অভিনেতা যতীন বৰা। বিগত ৬ টা বছৰ বিৰতিৰ অন্তত ভ্ৰাম্যমাণৰ মঞ্চত খলকনি তুলিবলৈ সাজু হোৱা অভিনেতাজনে আৰম্ভণিতে সন্মুখীন হৈছে বিতৰ্কৰ। মহাবীৰ লাচিত বৰফুকনক অপমান কৰাৰ অভিযোগ উত্থাপন হৈছে অভিনেতাজনৰ বিৰুদ্ধে। ইতিহাস থিয়েটাৰৰ 'মহাবীৰ লাচিত'  নাটকৰ পোষ্টাৰ এখন আপলোড কৰাৰ পাছত সামাজিক মাধ্যমত অভিনেতাজনক উদ্দেশ্যি কটু মন্তব্য কৰিছে বিভিন্নজনে। এই বিতৰ্কৰ পাছত বৃহস্পতিবাৰে গুৱাহাটীৰ ৰাজগড়স্থিত মা ষ্টুডিঅ'ত এখন সংবাদমেল সম্বোধন কৰে অভিনেতা যতীন বৰাই৷



তেওঁ কয়, "সুদীৰ্ঘ ৬ টা বছৰৰ পাছত মই থিয়েটাৰলৈ আহিছোঁ। ২০২৪-২৫ বৰ্ষৰ ইতিহাস থিয়েটাৰৰ 'মহাবীৰ লাচিত' নামৰ যিখন নাটক সেই নাটকখনৰ সাজসজ্জাকলৈ বিভিন্নজনে বিভিন্ন ধৰণৰ মন্তব্য প্ৰকাশ কৰিছে। কষ্টিউম ডিজাইনাৰ চাওঁ চেং ৰাজকোঁৱৰ নিৰ্দেশনা অনুসৰি মই সেই সাজসজ্জা পৰিধান কৰিছিলোঁ। আমাৰ এটাই উদ্দেশ্য মহাবীৰ লাচিত বৰফুকনৰ বীৰত্বৰ গাঁথা নতুন প্ৰজন্মৰ মাজত প্ৰচাৰ আৰু প্ৰসাৰ কৰা। যিখন আলোকচিত্ৰক লৈ চৰ্চা হৈছে সেই পোষ্টাৰখনত বিভিন্নজনে ভুলবোৰ আঙুলিয়াই দিছে। মই যতীন বৰাই আজি প্ৰতিশ্ৰুতি দিছোঁ ইয়াৰ পাছত আমি যিবোৰ নাটক কৰিম বা যিবোৰ পোষ্টাৰ ওলাব তাৰ আগমুহূৰ্তত আমি অবিজ্ঞ ব্যক্তি বা দল- সংগঠন আমন্ত্ৰণ জনাই তেওঁলোকৰ নিৰ্দেশ আৰু পৰামৰ্শ মতে আমি কাম কৰিম। অবিজ্ঞ ব্যক্তিৰ পৰামৰ্শ পাছতহে আমি নাটকখন প্ৰদৰ্শন কৰিম।"

লগতে পোষ্টাৰখনত হোৱা ভুলৰ সন্দৰ্ভত অভিনেতাজনে কয়,"ৰাইজে যিবোৰ ভুল আঙুলিয়াই দিছে সেইবোৰ শুধৰণি কৰিম। ৰাইজে বেয়া পোৱা কাম এটা মই কেতিয়াও কৰিব নোৱাৰোঁ। আহোম জনগোষ্ঠীৰ যিসকল লোক আছে বা যিসকল বিজ্ঞ ব্যক্তি আছে তেওঁলোকক আমি আমন্ত্ৰণ কৰিম আৰু তেওঁলোকৰ নিৰ্দেশ আৰু পৰামৰ্শ মতে আমি নাটকখন মঞ্চস্থ কৰিম। যিখন পোষ্টাৰ ভাইৰেল হ'ল সেইখন অফিচিয়েল পোষ্টাৰ নাছিল।"

লগতে সাজসজ্জাক লৈ ডিজাইনাৰ চাওঁ চেং ৰাজকোঁৱৰে কয়, "যিখন পোষ্টাৰক লৈ বিতৰ্ক হ'ল সেইখন পোষ্টাৰ প্ৰ'ম পোষ্টাৰ আছিল। যিখন পোষ্টাৰ সামাজিক মাধ্যমত ওলাই গৈছে সেইখন আন অফিচিয়েল পোষ্টাৰ আছিল। আমি বহু কেইজোৰ পোছাক পিন্ধাই পোষ্টাৰ বনাইছিলোঁ৷ কিন্তু কেৱল এখন ফটোহে ভাইৰেল হ'ল। ২০১৬ চনৰ পৰা আহোম জনগোষ্ঠীৰ সাজ পোছাকলৈ কাম কৰি আছোঁ। গহনা, পাগুৰিৰ উপস্থাপন বিজ্ঞজনৰ সৈতে আলোচনা কৰি ৰাজহুৱাভাৱে লৈ যোৱাৰ ব্যৱস্থা কৰিম। এতিয়াও আমাৰ আখৰা আৰম্ভ হোৱা নাই। আগন্তুক ৯টা মাহত নাটকখন শুদ্ধ ৰূপত উপস্থাপনৰ বাবে আমাৰ হাতত যিখিনি সমল থাকিব সেইখিনি শুদ্ধ ৰূপত উপস্থাপন কৰিবলৈ আমাক সহযোগ কৰিব বুলি আশা কৰিলোঁ।" 

ইফালে সংগীত শিল্পী অজয় ফুকনে কয় যে অনাগত দিনত যদি এনেধৰণৰ কিবা অভিযোগ থাকে তেন্তে অভিযোগসমূহ দিবৰ বাবে এক হোৱাটছআপ নম্বৰ মুকলি কৰিছে ইতিহাসগোষ্ঠীয়ে। ৬৯০১৪৩৭১৮৫ এই নম্বৰৰ যোগেৰে অভিযোগ সমূহ জনাব পাৰিব ৰাইজে।