Logo
image

বানত কক্‌বকাইছে ৰাজ্যই

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৫ জুলাই : ৰাজ্যত নেৰানেপেৰা বৰষুণৰ পৰিস্থিতি কিছু শাম কাটিছে যদিও অপৰিৱৰ্তিত হৈ আছে বান পৰিস্থিতি৷ বানত কক্‌বকাইছে সমগ্ৰ ৰাজ্য৷ উজনি-নামনি-বৰাক উপত্যকা সৰ্বত্ৰ এতিয়া একেই পৰিস্থিতি৷ ফেনে-ফোটোকাৰে বাঢ়িয়েই আছে ব্ৰহ্মপুত্ৰ আৰু ইয়াৰ উপনৈসমূহ৷ বানপীড়িত জিলাৰ সংখ্যা আৰু এখন বৃদ্ধি পাইছে৷ ৰাজ্যিক দুৰ্যোগ প্ৰশমন বিভাগে সদৰী কৰা তথ্য অনুসৰি, বুধবাৰৰ দিনটোলৈকে  অসমত মুঠ ২৯ জিলাতেই বানপানী হৈছে৷ বানপীড়িত ৰাজহ চক্ৰৰ সংখ্যাও ৮৪টাৰ পৰা ১০৫টালৈ বৃদ্ধি পাইছে৷ ৰাজ্যৰ ক্ৰমে মাজুলী, শিৱসাগৰ, ডিব্ৰুগড়, চৰাইদেউ, বিশ্বনাথ, বঙাইগাঁও, কাছাৰ, চিৰাং, দৰং, ধেমাজি, গোৱালপাৰা, হাইলাকান্দি, হোজাই, যোৰহাট, কামৰূপ, কামৰূপ [মেট্ৰ’], কাৰ্বি আংলং, পশ্চিম কাৰ্বি আংলং, কৰিমগঞ্জ, লখিমপুৰ, মৰিগাঁও, নগাঁও, নলবাৰী, শোণিতপুৰ, দক্ষিণ শালমৰা আৰু তিনিচুকীয়া জিলা বানৰ কৱলত পৰিছে৷ এই ২৯ জিলাৰ ১০৫টা ৰাজহ চক্ৰ বানৰ কৱলত৷ সৰ্বমুঠ ২,৮০০খন গাঁও পানীৰ তলত আছে৷ ধুবুৰীত সৰ্বাধিক ২৬৮খন, লখিমপুৰত ২৩৪খন, মৰিগাঁৱত ১৯৪খন, গোৱালপাৰাত ১৯২খন, শিৱসাগৰত ১১৩খন, ধেমাজিত ১৬৯খন, ডিব্ৰুগড়ত ১৬২খন, দৰঙত ১২৯খন, কাছাৰত ১১৫খন, মাজুলীত ৫৭খন জিলা পানীৰ তলত আছে৷ চৰকাৰী তথ্য অনুসৰি, বানত ৩৯,৪৫১.৫১ হেক্টৰ কৃষিভূমি প্লাৱিত হৈছে৷ মুঠ ১৬,২৫,০৮জ্ঝ গৰাকী লোক ক্ষতিগ্ৰস্ত হৈছে৷ ইয়াৰ ভিতৰত ৬,৭৬,৪১১ গৰাকী পুৰুষ আৰু ৫,৭৬,২৬৫গৰাকী মহিলা, ৩,৭২,৪১৩টা শিশু আছে৷ বানৰ ফলত ৰাজ্যৰ ২৫,৭৪৪গৰাকী লোকে ৫১৫টা বান সাহায্য শিবিৰত আশ্ৰয় গ্ৰহণ কৰিছে৷ চৰকাৰৰ তৰফৰ পৰা বন্যাৰ্তৰ সহায়ৰ বাবে ২৫,২৪৬টা বিতৰণ কেন্দ্ৰ স্থাপন কৰা হৈছে৷ বানত মুঠ ১১,২০,১৬৫টা পশুধন ক্ষতি হৈছে৷ চৰকাৰী তথ্য মতে বানত এইপৰ্যন্ত ৩৯জন লোকৰ মৃত্যু ঘটিছে৷ কিন্তু বেচৰকাৰী তথ্য মতে এই সংখ্যা ৫০ৰো অধিক৷ বৃহস্পতিবাৰে কেন্দ্ৰীয় জলব’ৰ্ডে প্ৰকাশ কৰা বুলেটিন অনুযায়ী ডিব্ৰুগড়, নিমাতিঘাট, তেজপুৰ, গুৱাহাটী, গোৱালপাৰা, ধুবুৰীত ব্ৰহ্মপুত্ৰ নদী বিপদসীমাৰ ওপৰেদি বৈ আছে৷ একেদৰে লখিমপুৰত ৰঙানদী, সোৱণশিৰি, শিৱসাগৰত দিখৌ-দিচাং, গোলাঘাটত ধনশিৰি, শোণিতপুৰত জীয়া ভৰালী, নগাঁৱত কপিলী, কামৰূপত পুঠিমাৰী, নলবাৰীত পাগলাদিয়া, বৰপেটাত মানাহ, কোক্‌ৰাঝাৰত গৌৰাং আৰু ধুবুৰীত সোণকোষ নৈ বিপদসীমাৰ ওপৰেদি বৈ আছে৷ বানৰ মাজতে ৰাজ্যৰ স্থানে স্থানে আশ্ৰয় সাহায্য বঞ্চিত বানপীড়িতৰ ক্ষোভৰ উদ্‌গীৰণ ঘটিছে৷

মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পাছতে হাতীমূৰা মথাউৰিত জি অ’ বেগ

‘আমাৰ অসম’ৰ কলিয়াবৰৰ প্ৰতিবেদক : কলিয়াবৰৰ হাতীমূৰাৰ কলংমুখৰ মথাউৰি বানে খহাই ভয়াৱহ বান পৰিস্থিতিৰ সৃষ্টি কৰাৰ পাছতেই কালিৰে পৰা মথাউৰিৰ ক’ফাৰ বান্ধত জি অ’ বেগ পেলোৱাৰ কাম আৰম্ভ কৰিছে বিভাগে৷ মথাউৰি ভঙাৰ নিশাই মুখ্যমন্ত্ৰী ঘটনাস্থলীত উপস্থিত হৈ ক’ফাৰ বান্ধত জি অ’ বেগ পেলোৱাৰ নিৰ্দেশ বিভাগীয় মহলক দিয়াৰ পাছতেই প্ৰায় পঞ্চাশজন কৰ্মচাৰীয়ে এই কামত জড়িত হৈ এতিয়ালৈকে প্ৰায় ১৪০টা জি অ’ বেগ পেলোৱা বুলি জানিব পৰা গৈছে৷ বিভাগীয় সূত্ৰই প্ৰকাশ কৰা মতে মুঠ তিনিহাজাৰ জি অ’ বেগৰ প্ৰয়োজন হ’ব৷ ইফালে বানে ক্ষতিগ্ৰস্ত কৰা জখলাবন্ধাৰ নিকটৱৰ্তী শেনচোৱা গাঁও, ঢেকীয়াল গাঁও আৰু কতিয়ৰিগাঁৱৰ ৰাইজে জখলাবন্ধা উচ্ছতৰ মাধ্যমিক বিদ্যালয়ত আশ্ৰয়গ্ৰহণ কৰা বানাক্ৰান্ত ৰাইজৰ ওচৰত অভাৱ-অভিযোগৰ বুজ ল’বলৈ আজি পুৱাই উপস্থিত হয় স্থানীয় বিধায়ক কেশৱ মহন্ত৷ তদুপৰি, আশ্ৰয় শিবিৰত থকা লোকসকলৰ লগতে গাঁৱে গাঁৱে গৈ বানপীড়িত ৰাইজৰ সমস্যাৰ বুজ লয় মন্ত্ৰীজনে৷ মহকুমা প্ৰশাসনেও বানপীড়িত ৰাইজক পানী বটলৰ লগতে খাদ্য-সামগ্ৰী বিতৰণ কৰে৷ ইফালে কলিয়াবৰৰ হাতীমূৰা কাণ্ডই সৰ্বসাধাৰণ ৰাইজক অতিষ্ঠ কৰাৰ সময়তে একাংশ ক্ষুব্ধ লোকে সংশ্লিষ্ট বিভাগৰ বিষয়া-অভিযন্তাৰ বিৰুদ্ধে ক্ষোভ উজাৰি কয় যে, সকলোৰে দৃষ্টিনিৱদ্ধ আছিল শ্লুইচ গেইটত৷ কিন্তু, ভাগিল মথাউৰি৷ কিয় আৰু কেনেকৈ? কলিয়াবৰ বিজ্ঞান সমিতিৰ সম্পাদক ভূপেন শৰ্মাই কয় যে, ৬০বছৰে বন্ধ হৈ থকা এখন নৈ পুনৰুজ্জীৱনৰ বাবে যি তৎপৰতা আৰু নিষ্ঠাৰ প্ৰয়োজন আছিল সেয়া শেষ মুহূৰ্তলৈকে দেখা নোপোৱাতো অতিশয় দুৰ্ভাগ্যজনক৷ তেওঁ লগতে কয় মথাউৰি য’ত ভাগিছে, সেইখিনিয়েই কলংমুখৰ দ ঠাই৷ তাত বিশেষকৈ প্ৰয়োজন আছিল ধাৰাবাহিক নিৰীক্ষণৰ৷ যিটোত জলসম্পদ বিভাগে গুৰুত্ব দিয়া নাছিল৷ এই নিৰীক্ষণ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীৰ নহৈ বিষয়াপৰ্যায়ৰ হোৱা উচিত আছিল৷ শ্লুইচ গেট সামৰি অস্থায়ী বান্ধ থকা বাবেই মথাউৰি নিৰাপদ বুলি ভবাটো চৰম মুৰ্খামি বুলিও অভিহিত কৰে৷ তেওঁ লগতে আৰু কয় যোৱা ২১জুনৰ পৰাই শ্লুইচ গেট খোলাৰ নামত অনেক বিষয়া-কৰ্মচাৰীয়ে এলেকাতো নিৰীক্ষণ কৰি আছিল যদিও কিয় খহনীয়াৰ উৎস চকুত পৰা নাছিল বুলি প্ৰশ্ন কৰে৷  শ্লুইচ গেট সুৰক্ষাৰ বাবে দুয়োকাষে কিয় শৈলবান্ধ দিয়া নহ’ল?  উৰ্ধতন কতৃৰ্পক্ষই ডিপিআৰত কি চাই অনুমোদন দিছিল বুলিও প্ৰশ্ন কৰা শুনা গ’ল৷ কেৱল মুখ্যমন্ত্ৰীক দেখুৱাবলৈ ক’ফাৰ বান্ধ কাটি শ্লুইচ গেটেৰে পানী বোৱাই দেখুওৱাৰ ল’ৰা-ধেমালিৰ বাবে বিভাগীয় মন্ত্ৰী, স্থানীয় বিধায়ক, উচ্ছপদস্থ বিষয়া সকলো দোষী সাব্যস্ত হোৱা উচিত৷ এই ল’ৰা-ধেমালিৰ অংশীদাৰ মুখ্যমন্ত্ৰী বুলিও তেওঁ ক’ব খোজে৷

কলং বোৱতী কৰাৰ পৰিকল্পনা বাতিল হ’ব নেকি

‘আমাৰ অসম’ৰ নগাঁৱৰ ষ্টাফ ৰিপ’ৰ্টাৰ : ব্ৰহ্মপুত্ৰৰ বুকুৰ পৰা ওলাই নগাঁও চহৰৰ মাজেদি বৈ গৈ পুনৰ বৰলুইতৰ বুকুত বিলীন হৈ যোৱা কলং নৈ পুনৰ বোৱতী কৰাৰ বাবে উঠি অহা দাবী পুৰণ কৰা সম্ভৱ হ’ব নে? এইবাৰ কলঙে বাৰিষা পুনৰ ৰুদ্ৰৰূপ লোৱাত সেই প্ৰশ্ন অনেকৰ মুখত৷ কলঙে পুনৰ কন্দুৱাইছে কলিয়াবৰবাসীক৷ এসময়ত প্ৰাণৱন্ত কলঙক নগাঁওবাসীৰ সুৰক্ষাৰ স্বাৰ্থত বিগত শতিকাৰ ৬০১ দশকতে মুখত ভেটা দি বন্ধ কৰা হৈছিল৷ বুকুত বলুকা পৰি, দল-ঘাঁহ গজি নিশকতীয়া হৈ পৰা কলং নৈক পুনৰুজ্জীৱিত কৰাৰ বাবে অসমৰ একাংশ বুদ্ধিজীৱী-সংগঠনে কৰা আহ৩ানৰ প্ৰতি সঁহাৰি জনাই চৰকাৰে ২০২১চনত পুনৰ কলং উজ্জীৱিত কৰাৰ প্ৰকল্পৰ আৰম্ভণি ঘটাইছিল৷ কলিয়াবৰৰ হাতীমূৰাত শ্লুইছ গেট বহুৱাই কলং নৈক নিয়ন্ত্ৰিতৰূপত বোৱতী কৰাৰ প্ৰকল্পৰ ঠিকা লাভ কৰিছিল গুৱাহাটীৰ ঠিকাদাৰ ৰাজীৱ আহমেদৰ জেড ইঞ্জিনিয়াৰিং নামৰ প্ৰতিষ্ঠানটোৱে৷ পিছে প্ৰকল্পটো সম্পূৰ্ণ হোৱাৰ এবছৰ ওকলি নৌযাওঁতেই যোৱা ২জুলাইত মথাউৰি ভাঙি মধ্য অসমলৈ ভাবুকি কঢ়িয়াইছে কলং নৈয়ে৷ ভঙা মথাউৰিৰে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী কলং নৈৰে বৈ প্লাৱিত কৰিছে কলিয়াবৰৰ কেইবাখনো গাঁও৷ ২০১৭চনৰ আগষ্টত কলং নৈয়ে কৰা মহাপ্ৰলয়ৰ ফলত ক্ষতিগ্ৰস্ত হোৱা কলিয়াবৰীয়া ৰাইজে এতিয়া কলং নৈক বোৱতী কৰাৰ পৰিকল্পনাক কোনো কাৰণতেই সমৰ্থন কৰা নাই৷ কলং বোৱতী কৰাৰ বাবে চৰকাৰক দাবী কৰা প্ৰকৃতিপ্ৰেমীৰ বিৰুদ্ধেও ক্ষোভ উজাৰিছে কলিয়াবৰৰ ৰাইজে৷ কলিয়াবৰৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী কেশৱ মহন্ত আৰু জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকাকো কলঙৰ মুখ স্থায়ীভাৱে বন্ধ কৰাৰ বাবেহে কলিয়াবৰৰ ৰাইজে দাবী কৰিছে৷ নগাঁও চহৰৰ ৰাইজেও কলং পুনৰ বোৱতী কৰাৰ সিদ্ধান্তক বাতিল কৰাৰ বাবে সামাজিক মাধ্যমত দাবী জনাইছে৷ সেয়ে এতিয়া কলং নৈক বোৱতী কৰাৰ পৰিকল্পনা বাতিল কৰাৰ আশংকা দেখা গৈছে৷ ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পালেই হাতীমূৰাত কলং নৈৰ মুখখন প্ৰাৰম্ভিক অৱস্থাত অস্থায়ীভাৱে বন্ধ কৰা হ’ব বুলিও মুখ্যমন্ত্ৰীয়ে সংবাদ মাধ্যমক জনাইছে৷ কিন্তু বাৰিষা যোৱাৰ লগে লগেই কলং নৈৰ মুখখন স্থায়ীভাৱে বন্ধ কৰাৰ বাবেও জলসম্পদ বিভাগে স্থায়ীভাৱে পদক্ষেপ লোৱাৰ সম্ভাৱনা আছে৷ কলিয়াবৰৰ ৰাইজেও ব্ৰহ্মপুত্ৰৰ সৈতে ল’ৰা-ধেমালি নেখেলিবলৈ চৰকাৰক আহ৩ান জনাইছে৷ সেয়ে মধ্য অসমৰ সুৰক্ষাৰ স্বাৰ্থত কলং নৈৰ মুখ পুনৰ স্থায়ীভাৱে বন্ধ কৰাৰ সম্ভাৱনাই অধিক৷

কেন্দ্ৰৰ পৰা ২০ হাজাৰ কোটি টকা দাবী ইউডিএফৰ

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তা : এআইইউডিএফৰ সভাপতি মৌলানা বদৰুদ্দিন আজমলে বুধবাৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা আৰু লোকসভাৰ সাংসদ তথা বিৰোধী দলপতি ৰাহুল গান্ধীলৈ সাম্প্ৰতিক অসমৰ বানৰ সমস্যাক লৈ পৃথকে পত্ৰ প্ৰেৰণ কৰে৷  মুখ্যমন্ত্ৰীলৈ লিখা পত্ৰখনত তেওঁ উল্লেখ কৰে যে– বান-খহনীয়াই আকৌ এবাৰ অসমত সংহাৰী ৰূপ ধাৰণ কৰিছে আৰু ১৯খন জিলাত ব্যাপক হাৰত প্ৰভাৱিত কৰিছে য’ত ৰাইজৰ খাদ্য, আশ্ৰয় আৰু চিকিৎসা জৰুৰী হৈ পৰিছে৷ নেৰানেপেৰা বৰষুণৰ ফলত ব্ৰহ্মপুত্ৰ আৰু উপ-নৈসমূহৰ জলপৃষ্ঠ বৃদ্ধি হৈ পৰিস্থিতি অধিক অৱনতি ঘটিছে৷ বানে ৰাজ্যৰ জ্জ লাখ লোকক প্ৰভাৱিত কৰিছে৷ ৰ,২৭৫ খন গাঁও বানৰ কবলত পৰিছে৷ কেইবাজেনা লোকৰ বানত মৃত্যু হৈছে আৰু জনতাৰ কোটি কোটি টকাৰ সম্পত্তি বিনষ্ট হোৱাৰ লগতে চ্ছ,১৯৯.১৮ হেক্টৰ কৃষিভূমি বিনষ্ট ধবংস হোৱাৰ ওপৰিও শ শ জীৱ-জন্তুৰ মৃত্যু হৈছে৷ বৃহৎসংখ্যক জনতা মথাউৰি, আলিবাট আৰু দলং আদিত আশ্ৰয় লৈছে যদিও খবৰ পোৱা মতে তেওঁলোকে প্ৰয়োজনীয় সাহায্য লাভ কৰা নাই৷  উক্ত লোকসকলে নিশ্চিত মৃত্যুৰ ভয়ত দিন-ৰাতি একাকাৰ কৰিছে৷ পত্ৰখনত আজমলে ৰাজ্যৰ ভুক্তভোগী বন্যাৰ্তৰ বাবে নিৰ্দিষ্ট আঁচনি প্ৰস্তুত কৰি খাদ্য, পানী, ঔষধ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰী যোগান ধৰিবলৈ আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা ২০ হাজাৰ কোটি টকাৰ অনুদান আনি প্ৰতিবছৰে হোৱা ৰাজ্যৰ বানৰ এক স্থায়ী সমাধান কৰাৰ বাবে পত্ৰখনত আজমলে দাবী জনাইছে৷ আনহাতে সংসদৰ বিৰোধী দলপতি সাংসদ ৰাহুল গান্ধীলৈ লিখা পত্ৰখনত সম্প্ৰতি অসমৰ ভয়াৱহ বান-খহনীয়া পৰিস্থিতিৰ কথা উল্লেখ কৰি সংসদত কেন্দ্ৰীয় চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰি অসমৰ বান আৰু খহনীয়াৰ ফলত উদ্ভৱ হোৱা বৰ্তমানৰ কৰুণ পৰিস্থিতিত প্ৰয়োজনীয় সহায় আৰু ত্ৰাণ সামগ্ৰী যোগান ধৰিবলৈ তথা ২০ হাজাৰ কোটি টকাৰ পেকেজ আৱণ্টন দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাবী জনাবলৈ অনুৰোধ জনায়৷

খুমটাইত বাঢ়নী পানীত উদ্ধাৰ সন্ধানহীনৰ মৃতদেহ

‘আমাৰ অসম’ৰ নুমলীগড়ৰ প্ৰতিবেদক প্ৰতিবেদক: দ্ৰুতগতিত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পোৱাত কাষৰীয়া উপনৈসমূহ ফেনে-ফোটোকাৰে ওফন্দি উঠিছে৷ ফলত বিগত চাৰিদিনত গোলাঘাট জিলাৰ নৈপৰীয়া ৰাইজৰ হাহাকাৰ অৱস্থা৷ যদিও পূৰ্বৰ তুলনাত জলপৃষ্ঠ হ্ৰাস পাইছে তথাপি বন্যাৰ্ত লোকসকল শংকামুক্ত নহয়৷ এতিয়াও সকলোতে সাগৰসদৃশ পৰিস্থিতি৷ ২জুলাইৰ সন্ধ্যা প্ৰায় জ্জ বজাৰ পৰা গোলাঘাট জিলাৰ খুমটাই ৰাজহ চক্ৰ কাৰ্যালয়ৰ অন্তৰ্গত ৰঙামাটি মৌজাৰ বাদুলিপাৰৰ সমীপৰ লেবলেপি গুটিবাৰীত মাছ ধৰিবলৈ গৈ বীৰেন ভূঞা নামৰ এজন বিবাহিত পুৰুষ সন্ধানহীন হৈ আছিল৷ অস্থায়ী বাসস্থানৰ কাষতে অৰ্থাৎ ইটাভাতাই খন্দা পুখুৰীত মাছ ধৰাৰ উদ্দেশ্যে জাল পাতিবলৈ গৈছিল৷ জাল পাতি ঘূৰি আহি থকাৰ অৱস্থাৰ পৰাই ভূঞাই তেওঁৰ পত্নীক ভাত বাঢ়িবলৈ কয় আৰু তাৰ পিছৰ পৰাই ভূঞা নিখোঁজ৷ পত্নীয়ে জনোৱা মতে, তেতিয়া প্ৰায় জ্জ-৩০ বাজিছিল৷ লগে লগে স্থানীয় লোকে গাঁওপ্ৰধান আৰু বাদুলিপাৰ গাঁৱৰক্ষী বাহিনীক ঘটনা সম্পৰ্কে অৱগত কৰাত তাৎক্ষণিকভাৱে ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত বিচাৰ-খোচাৰ কৰাত নিখোঁজ ব্যক্তিজনৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম ন’হল৷ মাত্ৰ ব্যক্তিজনে পতা জালখনহে উদ্ধাৰ হয়৷ ঘটনা সম্পৰ্কে গাঁওৰক্ষী বাহিনীয়ে খুমটাই চক্ৰ বিষয়া আৰু দেৰগাঁও থানাত ঘটনাৰ সম্পৰ্কে অৱগত কৰাত পুৱাৰে পৰা চক্ৰ বিষয়া, দেৰগাঁও আৰক্ষী-প্ৰশাসন, গাঁওৰক্ষী বাহিনী, চক্ৰ সংগঠক, গাঁওপ্ৰধানৰ উপস্থিতিত এছ ডি আৰ এফে অভিযান চলাই যদিও সন্ধানহীন ব্যক্তিজনৰ কোনো সম্ভেদ লাভ কৰিবলৈ সক্ষম হোৱা নাছিল৷ বীৰেন ভূঞা স্থানীয় এটা ইটা ভাতাৰ অস্থায়ী কৰ্মচাৰী আছিল৷ আজি সেই স্থানতে বীৰেন ভূঞাৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে৷ ইতিমধ্যে আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ ব্যৱস্থা কৰিছে৷

লংকাত সলিল সমাধি ১৩ বছৰীয়া ছাত্ৰীৰ

‘আমাৰ অসম’ৰ লংকাৰ প্ৰতিবেদক : লংকাৰ পূব ডাবলং অঞ্চলত আজি বিয়লি সংঘটিত এক মৰ্মান্তিক ঘটনাই শোকৰ ছাঁ পেলাইছে সমগ্ৰ অঞ্চলটোতে৷ অঞ্চলটোত, বান্ধৱীৰ সৈতে পুখুৰীত গা ধুবলৈ গৈ সলিল সমাধি ঘটে এগৰাকী ১৩ বছৰীয়া ছাত্ৰীৰ৷ মৃত ছাত্ৰী গৰাকীৰ নাম ফিৰদৌছী খানম৷  ছাত্ৰী গৰাকীৰ ঘৰ পশ্চিম ডাবলং অঞ্চলত৷ গৰমৰ বন্ধৰ বাবে ঘৰৰ ওচৰতে থকা ককাক ৰহুল আমিনৰ ঘৰলৈ ফুৰিবলৈ আহিছিল নাতিনী ফিৰদৌছী খানম৷ বিয়লি ককাকৰ ঘৰৰ ওচৰতে থকা পুখৰী এটাত গা ধুবলৈ গৈছিল কাষেৰে একে শ্ৰেণীত পঢ়া বান্ধৱী ইয়াছমিনৰ সৈতে৷ বৰষুণৰ পানীৰে ভৰি থকা পুখৰীত গা ধুই থাকোঁতেই পানীৰ মাজলৈ সোমাই পৰে ফিৰদৌছী খানম৷ লগে লগে আনগৰাকী বান্ধৱী ইয়াছমিন পুখৰীৰ পৰা উঠি চিঞৰি চিঞৰি ঘৰৰ মানুহক মাতে৷ ঘৰৰ মানুহে আহি পুখৰীত বহু বিচাৰ-খোচাৰ কৰে যদিও কোনো সম্ভেদ উলিয়াব নোৱাৰি লংকা আৰক্ষী থানাত খবৰ দিয়ে৷ সেই অনুযায়ী লংকা আৰক্ষী থানাৰ আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ নগাঁৱৰ এছ ডি আৰ এফ দলক মাতি পঠিয়ায়৷  পাছত এছ ডি আৰ এফৰ দল উপস্থিত হৈ পুখুৰীৰ মাজৰ পৰা উদ্ধাৰ কৰে ছাত্ৰীগৰাকীৰ মৃতদেহ৷ আকস্মিকভাৱে ককাকৰ ঘৰলৈ ফুৰিবলৈ আহি অকালতে ১৩ বছৰীয়া ছাত্ৰীগৰাকীয়ে প্ৰাণ হেৰুৱাবলগীয়া হোৱা ঘটনাক কেন্দ্ৰ কৰি অঞ্চলজুৰি শোকৰ ছাঁ পৰিছে৷

পাণ্ডুৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন মুখ্যমন্ত্ৰীৰ

‘আমাৰ অসম’ৰ মহানগৰৰ বিশেষ প্ৰতিবেদক : গুৱাহাটী মহানগৰীত সোমবাৰে নিশা ব্ৰহ্মপুত্ৰই বিপদসীমা অতিক্ৰম কৰাৰ পাছতে মহানগৰীৰ আন কেবাটাও অঞ্চল জলমগ্ন হোৱাৰ লগতে পাণ্ডুৰ এক বিস্তীৰ্ণ অঞ্চল বানৰ কৱলত পৰিছিল৷ বৃহস্পতিবাৰে পুৱাৰ ভাগত মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই  বৃহত্তৰ পাণ্ডুৰ বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লয়৷ মুখ্যমন্ত্ৰীক সংগ দিয়ে অসম চৰকাৰৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা, পৰ্যটন বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, কামৰূপ মহানগৰ জিলাৰ জিলা আয়ুক্ত সুমিত চাত্তৱান, জলসম্পদ বিভাগৰ মধ্য অসম চক্ৰৰ অধীক্ষক অভিযন্তা বিপুল ভট্টাচাৰ্য, কামৰূপ মহানগৰ সংমণ্ডলৰ কাৰ্যবাহী অভিযন্তা দ্বীপেন শৰ্মা, মধ্য গুৱাহাটী আৰু নিউ গুৱাহাটী উপ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তা তপন কলিতাকে ধৰি কেবাজনো অভিযন্তা, গুৱাহাটী মহানগৰউন্নয়ন প্ৰাধিকৰণ [ জি এম ডি এ ] ৰ কেবাজনো বিষয়া - অভিযন্তাই৷ আনহাতে মুখ্যমন্ত্ৰীয়ে আদাবাৰী তিনিআলি সংযোগী পাণ্ডুপৰ্ট ৰোডৰ পৰা শিৱমন্দিৰ শ্লুইচগেট, বি বি চি কলনী আৰু পাণ্ডুনাথ দেৱালয়ৰ শ্লুইচগেট আদি অঞ্চল পৰিদৰ্শন কৰি দুৰ্গত ৰাইজৰ সমস্যাৰাজি নিৰাময়ৰ দিশত প্ৰশাসনে লোৱা পদক্ষেপসমূহৰো বুজ লয়৷ পৰিদৰ্শন কালত মুখ্যমন্ত্ৰীয়ে পাণ্ডুপ’ৰ্ট পথৰ কাষত থকা নলাত জমা হৈ থকা পানীখিনি উলিয়াই পঠিওৱাৰ বাবেও যথোপযুক্ত ব্যবস্থা গ্ৰহণ কৰিবলৈ গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণক নিৰ্দেশ প্ৰদান কৰে৷ ইয়াৰ পিছতে তেওঁ পাণ্ডুপ’ৰ্ট ৰোডৰ বি বি চি কলনিত থকা শ্লুইচগেট আৰু পাণ্ডুনাথ দেৱালয়ৰ শ্লুইচগেট পৰিদৰ্শন কৰে৷ পাণ্ডুনাথ দেৱালয়ৰ শ্লুইচগেটখনত গাৰ্ডবাল নথকাৰ বাবে ব্ৰহ্মপুত্ৰৰ বাঢ়নীপানী সোমাই কিছু অঞ্চল প্লাবিত কৰি তোলে বাবে মুখ্যমন্ত্ৰীয়ে যিমান পাৰে সোনকালে গাৰ্ডৱালখন নিৰ্মাণ কৰিবলৈ জলসম্পদ বিভাগক নিৰ্দেশ দিয়ে৷ পাছত সাংবাদিকৰ সৈতে হোৱা কথোপকথনৰ সময়ত মুখ্যমন্ত্ৰীয়ে কয় যে এই অঞ্চলসমূহৰ বানপানী সমস্যা সমাধানৰ বাবে যথোচিত পদক্ষেপ গ্ৰহণ কৰা হ’ব৷ শ্লুইচগেটকে ধৰি বানপানীৰ কাৰকসমূহ সমাধান কৰাৰ বাবে জলসম্পদ বিভাগ আৰু গুৱাহাটী মহানগৰ উন্নয়ন প্ৰাধিকৰণক নিৰ্দেশনা প্ৰদান কৰা হৈছে৷ আজিৰে পৰা ব্ৰহ্মপুত্ৰৰ জ্বলন্তৰ হ্ৰাস পোৱাৰ সম্ভাবনা ব্যক্ত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে পানী কমিলেই বান পৰিস্থিতিৰ উন্নতি হব বুলি সদৰি কৰে৷