Logo
image

মাজুলীক বিবাহোৎসৱৰ স্থান কৰাৰ পৰামৰ্শ সুধা মূৰ্তিৰ

‘আমাৰ অসম’ৰ গুৱাহাটীৰ প্ৰতিবেদক ,৫ জুলাই : একপ্ৰকাৰ বিশ্ব ঐতিহ্যক্ষেত্ৰ মাজুলীৰ ব্ৰেণ্ড এম্বেছাদৰ ৰূপে ৰাজ্যসভাত আত্মপ্ৰকাশ কৰিলে বিশিষ্ট লেখিকা, সমাজসেৱিকা তথা প্ৰখ্যাত ছফ্‌টৱেৰ কোম্পানী ইনফ’ছিছৰ সহ-প্ৰতিষ্ঠাপক সুধা মূৰ্তিয়ে৷ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূয়ে প্ৰদান কৰা অভিভাষণৰ চৰ্চাত অংশ গ্ৰহণ কৰি বুধবাৰে সাংসদ সুধা মূৰ্তিয়ে সংসদত দিয়া জীৱনৰ প্ৰথমটো ভাষণত ‘বিবাহৰ গন্তব্যস্থল’ হিচাপে মাজুলীক বাছি লোৱাৰ বাবে দেশবাসীক আহ্বান জনায়৷ দেশৰ ধনাধ্য ব্যক্তি, চেলিব্ৰিটীয়ে বিদেশত বিবাহ অনুষ্ঠান আয়োজনৰ ধুম উঠাৰ সময়তে অসমৰ বিশ্ব ঐতিহ্য নদীদ্বীপ মাজুলীক ‘বিবাহৰ গন্তব্যস্থল’ হিচাপে বাছনি কৰাৰ বাবে ইনফ’ছিচৰ সহঃ প্ৰতিষ্ঠাপক তথা ৰাজ্যসভাৰ সাংসদ সুধা মূৰ্তিয়ে আহ্বান জনোৱা কাৰ্যই বিশেষ তাৎপৰ্যবহন কৰিছে৷ ৰাজ্যসভাৰ সাংসদ হিচাপে মনোনীত হোৱা অধ্যাপিকা সুধা মূৰ্তিয়ে সংসদৰ প্ৰথমটো ভাষণতে স্থান দিলে বিশ্ব ঐতিহ্যক্ষেত্ৰ মাজুলীক৷ বুধবাৰে ৰাজ্যসভাত প্ৰদান কৰা ভাষণত সাংসদগৰাকীয়ে দেশৰ ৫৭টা ঘৰুৱা পৰ্যটন ক্ষেত্ৰক বিশ্ব ঐতিহ্যক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়াৰ দাবী জনাই কয়– ‘‘অসমৰ বিশ্ব ঐতিহ্য নদীদ্বীপ মাজুলীক ‘বিবাহৰ গন্তব্যস্থল’ হিচাপে আমি আকোঁৱালি ল’ব পাৰোঁ৷ সুন্দৰ প্ৰাকৃতিক পৰিৱেশ আৰু চহকী সংস্কৃতিৰ স্থলী মাজুলীক বিবাহ, মনোৰঞ্জন আৰু বিনোদনৰ ক্ষেত্ৰত হিচাপে গঢ়ি তুলিব লাগে৷ কিন্তু দেশৰ ৯০ শতাংশ লোকে নদীদ্বীপ মাজুলীৰ বিষয়ে অৱগত নহয়৷’’  তেওঁ লগতে কয় যে– ‘বিবাহৰ গন্তব্যস্থল হিচাপে বহুতে বিদেশৰ দ্বীপসমূহক বাছি লয়৷ মাজুলী যদি আন বেলেগ কোনোবা দেশৰ দ্বীপ হ’লহেঁতেন, তেনেহ’লে দেশখনৰ ৰাইজে বিবাহ, মনোৰঞ্জন আৰু বিনোদনৰ ১ নম্বৰ গন্তব্যস্থল হিচাপে মাজুলীক স্থান দিলেহেঁতেন’৷ উল্লেখ্য, সাংসদ সুধা মূৰ্তিয়ে দেশৰ ঐতিহ্যক্ষেত্ৰসমূহক পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ হিচাপে গঢ়ি তুলি ৰাজহ আহৰণৰ বাট মুকলি কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ৩ান জনায়৷ সুধা মূৰ্তিয়ে অসমৰ মাজুলীৰ লগতে উত্তৰ-পূবৰ ত্ৰিপুৰা আৰু মণিপুৰৰ আন দুই পৰ্যটনস্থলীৰ বিষয়ো আলোকপাত কৰে৷ লক্ষণীয়ভাৱে নদীদ্বীপ মাজুলীৰ মনোমোহা পৰিৱেশক বিবাহৰ আইকণিক স্থান হিচাপে আঁকোৱালি লোৱাৰ বাবে আহ্বান জনোৱা কাৰ্যই যে দেশৰ একাংশ উদ্যোগপতি, চেলিব্ৰিটী, হাইপ্ৰ’ফাইল ব্যক্তিয়ে বিদেশত বিবাহ অনুষ্ঠান আয়োজন কৰাৰ প্ৰয়োজনীয়তাক নস্যাৎ কৰি দেশৰ সুপ্ত ঐতিহ্যক্ষেত্ৰসমূহৰ গুৰুত্বতা দাঙি ধৰে৷ স্বাভাৱিকতেই এতিয়া দেশৰ প্ৰখ্যাত উদ্যোগপতি ইনফ’চিছৰ প্ৰতিষ্ঠাপক এন আৰ নাৰায়ণ মূৰ্তিৰ পত্নী প্ৰাক্তন অধ্যাপিকা সুধা মূৰ্তিৰ ভাষণত মাজুলী নদীদ্বীপে স্থান পোৱাত অনাগত দিনত মাজুলীলৈ পৰ্যটকৰ আকৰ্ষণ বৃদ্ধি পাব বুলিও আশা কৰা হৈছে৷