Logo
image

কিমান পুখুৰী খন্দা হ’ল তথ্য বিচাৰিলে অখিলে

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক, ৫ জুলাই : বান পানী ৰোধ কৰিবলৈ অসমত অমিত শ্বাহে কিমান পুখুৰী খান্দিলে তাৰ হিচাপ বিচাৰিছে শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে৷ সমগ্ৰ অসম এতিয়া বানৰ কবলত৷ এই বান পৰিস্থিতি মোকাবিলা কৰিবলৈ যে ৰাজ্যৰ হিমন্তবিশ্ব শৰ্মা চৰকাৰখন কোনোপধ্যে ব্যস্ত নাছিল, সেইয়া প্ৰমাণিত হৈ গৈছে৷ এই সন্দৰ্ভত গুৱাহাটী মহানগৰীৰ মঠঘৰীয়াৰ ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত আজি আয়োজন কৰা এক সংবাদমেল সম্বোধন কৰি ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয় যে অসমক বানমুক্ত কৰাৰ প্ৰতিশ্ৰুতি দি শাসনলৈ আহিছিল বিজেপি নেতৃত্বাধীন চৰকাৰখন৷ এখন বানমুক্ত অসম গঢ়াৰ প্ৰতিশ্ৰুতি ২০১৬ ৰ নিৰ্বাচনৰ ভিছান ডকুমেণ্টত থকাৰ পৰিও ২০২১ ৰ নিৰ্বাচনী ইস্তাহাৰৰ প্ৰথমটো প্ৰতিশ্ৰুতি আছিল৷ কিন্তু এতিয়া ক’ত গ’ল হিমন্তবিশ্ব শৰ্মাৰ, নৰেন্দ্ৰ মোডীৰ এই প্ৰতিশ্ৰুতি? অখিল গগৈয়ে অসমৰ বান-গৰাখহনীয়া সমস্যা সমাধান আৰু মোকাবিলা কৰিবলৈ কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী চৰকাৰে পৰ্যাপ্ত পুঁজি নিদিয়াৰ অভিযোগ উত্থাপন কৰে৷ ২০১৭ চনৰ প্ৰলয়ংকৰী বান সময়ত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমলৈ আহি অসমসহ উঃপূৰ্বাঞ্চললৈ ২, ৩৫০ কোটি টকাৰ বিশেষ পেকেজৰ ঘোষণা কৰিছিল৷ এই পেকেজৰ কেইটকা এতিয়ালৈকে অসমে পালে তাৰ তথ্য ৰাজহুৱা কৰিবলৈ আহ৩ান জনায়৷ অখিল গগৈয়ে কয় যে নে এইয়াও এক মোডীৰ ঝুমলাহে৷ অসমত প্ৰতিবছৰে হোৱা বানৰ ক্ষতিপূৰণ পূৰাবলৈ অসম চৰকাৰে কেন্দ্ৰৰ ওচৰত আৰ্জি পেছ কৰে৷ কিন্তু যোৱা পাঁচ বছৰত অসমে বিচাৰিছিল মুঠ ১০, ৮৮৫ কোটি টকা৷ কিন্তু অসমে পালে মাত্ৰ ২৫০ কোটি টকাহে৷ বান পানীৰ সমস্যা সমাধানৰ বাবে অসমে বিচাৰিছিল মুঠ ১০, ৭৮৫.৩৮ কোটি টকা বিপৰীতে উচ্ছ স্তৰীয় সমিতিয়ে দিয়া অনুমোদন দিছিল ১২৪৩.৬৯ কোটি টকা কিন্তু প্ৰাকৃতিক দুৰ্যোগ বানপানীৰ নামত অসমে এন ডি আৰ এফৰ পৰা পালে মাত্ৰ ২৫০.৩১ কোটি টকা কেৱল বানত ক্ষতিপূৰণৰ ক্ষেত্ৰতেই নহয় বান নিয়ন্ত্ৰণৰ বাবেই কেন্দ্ৰৰ নৰেদ্ৰ মোডী চৰকাৰে অসমক পৰ্যাপ্ত পুঁজি দিয়া নাই৷ ২০১৭-১৮৩ ২৪৫ কোটি, ২০১৮-১৯ ৩ ১৪২ কোটি, ২০১৯-২০৩ ৮৫ত কোটি, ২০২০- ২১ ত এটকাও দিয়া নাই, ২০২১-২২৩ ১৪কোটি, ২০২২-২৩ত ২৪৮ কোটি টকা কেন্দ্ৰই অসমক এফ এম বি এ পি আঁচনিৰ অধীনত দিছে৷ ইমান সামান্য পুঁজিৰে অসমে কেনেকৈ বান নিয়ন্ত্ৰণ কৰিব? ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে অসমৰ বান-গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে ভাৰত চৰকাৰৰ পৰা ৫০ হেজাৰ কোটি টকাৰ এক বিশেষ পেকেজৰ দাবী উত্থাপন কৰে৷ অখিল গগৈয়ে অসমৰ এই বছৰৰ ভয়ংকৰ বানৰ সমস্যাৰ আলোচনাৰ বাবে অসম বিধানসভাৰ বিশেষ অধিবেশন অনুষ্ঠিত কৰাৰ দাবী উত্থাপন কৰে৷ ৷ বানত ক্ষতিগ্ৰস্ত হোৱা ৰাইজে যি পৰিমাণত ক্ষতিপূৰণ লাভ কৰিব লাগে সেই ক্ষতিপূৰণ অতি সামান্য৷ উদাহৰণস্বৰূপে এটা পকীঘৰৰ ক্ষতি হ’লে মাত্ৰ ৰলাখ ২০ হাজাৰ টকাৰ ক্ষতিপূৰণহে অসম চৰকাৰে প্ৰদান কৰি আহিছে৷ কিন্তু ৰলাখ ২০ হাজাৰ টকাত কেনেকৈ বানত ক্ষতি হোৱা এটা পকীঘৰৰ পুনৰনিৰ্মাণ সম্ভৱ হ’ব পাৰে৷ সেয়েহে ৰাইজৰ দলে অবিলেখ বানৰ ক্ষতিপূৰণ পৰ্যাপ্ত পৰিমাণ বৃদ্ধি কৰিবলৈ দাবী উত্থাপন কৰে৷ অন্যহাতে ৰাইজৰ দলৰ সভাপতি গৰাকীয়ে ভুটান আৰু অৰুণাচলত নিৰ্মাণ হৈ থকা আৰু নিৰ্মিয়মান নদীবান্ধৰ প্ৰসংগতো কেন্দ্ৰ আৰু ৰাজ্য দুয়োখন চৰকাৰক তীব্ৰ সমালোচনা কৰে৷ ভুটান আৰু অৰুণাচলৰ নদীবান্ধেই নহয়, কপিলী আৰু দৈয়াং নদীৰ জলবিদ্যুৎ প্ৰকল্পইও নামনি ৰাইজলৈ অমানিশা কঢ়িয়াই আনিছে৷ ভাৰত চৰকাৰৰ জলশক্তি মন্ত্ৰ্যালয়ে গঠন কৰি দিয়া লোকসভাৰ ষ্টেডিং কমিটীৰ প্ৰতিবেদনতো ভূটান আৰু অৰুণাচলৰ নদীবান্ধে অসমলৈ কঢ়িয়াই অনা আৰু কঢ়িয়াই আনিব পৰা ভয়াৱহতাৰ বিষয়ে স্পষ্টকৈ উল্লেখ কৰিছে৷ তাৰপিছতো বিষয়টোৰ প্ৰতি কোনোধৰণৰ গুৰত্ব নাই কেন্দ্ৰৰ নৰেন্দ্ৰ মোডী অসমৰ হিমন্তবিশ্ব শৰ্মাৰ চৰকাৰৰ৷

বৰঝাৰত পুনৰ উৎপল বৰুৱাক নিযুক্তি দিয়াৰ দাবী অখিল গগৈৰ 

‘আমাৰ অসম’ৰ মহানগৰীৰ প্ৰতিবেদক : বৰঝাৰ বিমান বন্দৰৰ চি ই অ পদৰ পৰা অসমীয়া বিষয়া উৎপল বৰুৱাক পদত্যাগ কৰিবলৈ বাধ্য কৰোৱাটো অসমীয়া জাতিৰ বাবে দূৰ্ভাগ্যজনক ঘটনা৷ অসমীয়া বিষয়া উৎপল বৰুৱাক শীঘ্ৰেই বৰঝাৰ বিমান বন্দৰৰ চি ই অ পদত নিযুক্তি দিয়াৰ ব্যবস্থা গ্ৰহণ কৰক৷ এই দাবী শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ৷ গুৱাহাটী মহানগৰীৰ মঠঘৰীয়াস্থিত ৰাইজৰ দলৰ মুখ্য কাৰ্যালয়ত আজি আয়োজন কৰা এক সংবাদ মেলত ভাগ লৈ শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে শীঘ্ৰেই অসমীয়া বিষয়া উৎপল বৰুৱাক আদানী গ্ৰুপত চি ই অ পদত নিযুক্তি দিবলৈ দাবী জনায়৷ সংবাদ মেল সম্বোধন কৰি শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে কয় যে অসমীয়াৰ স্বাভিমান বৰঝাৰস্থিত লোক প্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আদানী গ্ৰূপৰ ওচৰত বিক্ৰী কৰি দিলে৷ এতিয়া আদানীয়ে অসমীয়া বিষয়া উৎপল বৰুৱাক বৰঝাৰ বিমান বন্দৰৰ চি ই অ পদৰ পৰা পদত্যাগ কৰিবলৈ বাধ্য কৰাইছে বুলি উল্লেখ কৰি অখিল গগৈয়ে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰম বন্ধু আদানীক সাক্ষাৎ কৰি অসমীয়া বিষয়া উৎপল বৰুৱাক বৰঝাৰ বিমান বন্দৰৰ চি ই অ পদত পুনৰ নিযুক্তি দিয়াৰ ব্যবস্থা গ্ৰহণ কৰিবলৈ কয়৷ উল্লেখ্য যে, অসমীয়া বিষয়া উৎপল বৰুৱাক বৰঝাৰ বিমান বন্দৰৰ চি ই অ পদৰ পৰা পত্যাগ কৰিবলৈ বাধ্য কৰোৱা ঘটনাই চচিয়েল মিডিয়া ফেচবুকত সৰব চৰ্চা আৰম্ভ হৈছে৷ চচিয়েল মিডিয়া ফেচবুকত অসমীয়া বিষয়া উৎপল বৰুৱাক বৰঝাৰ বিমান বন্দৰৰ চি ই অ পদত নিযুক্তি দিবলৈ দাবী উত্থাপন হৈছে৷ উল্লেখ যে, লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ মুখ্য কাৰ্যবাহী বিষয়া উৎপল বৰুৱাৰ পদত্যাগে অসমীয়া জাতিটোক বাৰুকৈ আঘাত দিছে৷ তিনি বছৰ গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানকোঠ পৰিচালনা কৰাৰ পাছত ২ জুলাই তাৰিখে উৎপল বৰুৱাই ‘‘মুখ্য কাৰ্যবাহী বিষয়া’’ পদৰ পৰা পদত্যাগ কৰিছে৷ আদানি কোম্পানিৰ হৈ গুৱাহাটী বিমানকোঠত ব্যক্তিগত প্ৰতিষ্ঠান ‘‘গুৱাহাটী ইণ্টাৰনেচনেল এয়াৰপৰ্ট লিমিটেড’’-ক প্ৰতিষ্ঠা কৰিবলৈ বৰুৱাই অগ্ৰণী ভূমিকা গ্ৰহণ কৰিছিল৷ স্থানীয় ব্যক্তি হিচাপে থকা আবেগৰ প্ৰতিফলন কৰি তেওঁ সম্প্ৰতি চলি থকা টাৰ্মিনেল ভৱনটোত সুবিধা আৰু সৌন্দৰ্যৰ ক্ষেত্ৰত নতুন পৰিবৰ্তন আনিবলৈ সক্ষম হৈছিল৷ গুৱাহাটী বিমানকোঠক ‘‘ৰিজিয়নেল হাব’’ হিচাপে গঢ়ি তুলি উত্তৰ পূৰ্বাঞ্চলৰ বাসিন্দাই ২৪ ঘণ্টাৰ ভিতৰতে ভাৰতৰ যিকোনো এখন ঠাই স্পৰ্শ কৰি ঘৰলৈ ঘূৰি অহাৰ সুবিধা সৃষ্টি কৰাৰ বাবে তেওঁ কাম কৰিছিল৷ তদুপৰি দক্ষিণ পূব এচিয়াৰ দেশসমূহলৈ গুৱাহাটীৰ পৰা পোনে পোনে বিমান চলাচলৰ বাবে কাম কৰি চাৰিখন দেশলৈ বিমান সংযোগ আৰম্ভ কৰিবলৈ সক্ষম হৈছিল৷ তদুপৰি অসমত উৎপাদিত কৃষিজাত সামগ্ৰীক দেশ আৰু বিদেশৰ আনঠাইলৈ কাৰগ’ হিচাপে সৰবৰাৰ কৰিবৰ বাবেও অসম চৰকাৰৰ লগত তেওঁ একেলগে কাম কৰিছিল৷ হঠাতে হোৱা এই ঘটনাই বিমানকোঠত কাম কৰা সকলো কৰ্মীকে বাকৰুদ্ধ কৰি তুলিছে৷ এতিয়া প্ৰশ্ন হৈছে তেওঁ স্বইচ্ছাৰে পদত্যাগ কৰিছে? নে তেওঁক পদত্যাগ কৰিবলৈ বাধ্য কৰোৱা হ’ল? আদানি গ্ৰুপৰ মালিকানাধীন লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা এগৰাকী অসমীয়া বিষয়া আঁতৰি অহাটো অতি চিন্তনীয়৷ দেশে বিদেশে অসামৰিক বিমান পৰিবহণৰ ক্ষেত্ৰ খনত বহু সফলতা লাভ কৰা এইজন অসমীয়াক গুৱাহাটী বিমান বন্দৰত যোগদানৰ সময়ত অনাঅসমীয়া লবীয়ে বহু বাধা প্ৰদান কৰিছিল যদিও তেওঁ কাৰ্যদক্ষতাৰে এই পদ লাভ কৰিছিল৷ কিন্তু তেওঁৰ বিৰুদ্ধে এই অনাঅসমীয়া চক্ৰটো সদা সক্ৰিয় হৈ থাকিল৷ অনা অসমীয়াৰ দপদপনিত অসমীয়া আজি দিশ হাৰা৷ উৎপল বৰুৱাৰ দৰে মেধা সম্পন্ন স্বনামধন্য ব্যক্তিক যিকোনো আন্তৰাষ্ট্ৰীয় প্ৰতিষ্ঠানে কামৰ বাবে আমন্ত্ৰণ জনোৱাটো নি(ত৷ কিন্তু ডাঙৰ কথাটো হ’ল, অসমীয়াৰ ওপৰত অনাঅসমীয়া গোষ্ঠীৰ এই শোষণ কেতিয়া বন্ধ হ’ব?