Logo
image

‘খলনায়ক’ মথাউৰি! বান-ৰাজনীতিত তোলপাৰ ৰাজ্য

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, ৭ জুলাই : ৰাজ্যবাসী বানত ককবকাই আছে৷ আহাৰ মাহৰ দ্বিতীয় বানত শনিবাৰপৰ্যন্ত ৫৮জন লোকৰ মৃত্যু হৈছে৷ বানৰ ফলত গৃহহাৰা হৈছে বহু লোক৷ নিজৰ লগতে পুত্ৰ-কন্যা-পত্নীক বচাবলৈ কোনোৱে যদি ৰাজপথত আশ্ৰয় লৈছে আন কোনোৱে ওখ ঠাইৰ সন্ধানত তুলুঙা নাৱেৰে দূৰ-দূৰণিলৈ যাত্ৰা কৰিছে৷ তেনে অবৰ্ণনীয় পৰিস্থিতিৰ সময়ত ৰাজ্যবাসীক সহায়-সাহায্যৰে আস্বস্ত কৰাৰ পৰিৱৰ্তে যেন শাসক-বিৰোধী ব্যস্ত বানক লৈও ৰাজনীতি কৰাত৷ ৰাজ্যবাসীয়ে বানত ত্ৰাহি মধুসৃদন সুঁৱৰা সময়ত চৰকাৰী পক্ষৰ পৰাই যেন মথাউৰিক ‘খলনায়ক’ সজোৱাৰ চেষ্টা চলোৱা পৰিলক্ষিত হৈছে৷ যেন মথাউৰিৰ বাবেহে হৈছে শেহতীয়া বান! মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে ৰাজ্যত ছিগা প্ৰতিটো মথাউৰি কংগ্ৰেছ চৰকাৰৰ দিনত নিৰ্মাণ হোৱা৷ যিবিলাক মথাউৰি ছিগিছে সেইবিলাক মথাউৰি আমি বনোৱা নহয়৷ মুখ্যমন্ত্ৰী শৰ্মাই আনকি গৌৰৱ গগৈৰ নাম নোলোৱাকৈ সমালোচনা কৰি কয়– কংগ্ৰেছৰ দিনত বনোৱা মথাউৰি ছিগাৰ বাবে আওপকীয়াকৈ নিজৰ দেউতাকক কোনোবাই যদি গালি পাৰে মই কি কৰিম? সেইটোত মোৰ হাতত কোনো উপায় নাই৷ যিকেইটা মথাউৰি ছিগিছে সেইকেইটা আমি হাত দিয়া মথাউৰি নহয়৷ কংগ্ৰেছৰ দিনতহে বনোৱা মথাউৰি৷ মুখ্যমন্ত্ৰী শৰ্মাৰ এনে বক্তব্যই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰে৷ সৰ্বস্তৰৰ লোক মুখ্যমন্ত্ৰীৰ এনে বক্তব্যক ভৎৰ্সনা কৰে৷ নেট নাগৰিকে ছ’চিয়াল মিডিয়াত প্ৰশ্ন কৰিছে– ‘আপুনি আগতে ক’ত আছিল?’ মুখ্যমন্ত্ৰী শৰ্মাৰ বক্তব্যত উভতি ধৰি সাংসদ গৌৰৱ গগৈয়ে কয়– চৰকাৰখনৰ মুৰব্বীসকলৰ কথা শুনি মানুহে হাঁহিছে৷ পূৰ্বৰ চৰকাৰৰ নিৰ্মাণ বৰ্তমানৰ চৰকাৰৰ মেৰামাতি কৰাৰ দায়িত্ব নাই নেকি? অসমত প্ৰায় ৮ বছৰ ধৰি বিজেপি দলেই শাসন কৰি আছে৷ এইখিনি সময়ত তেওঁলোকে কি কৰিছে? বানাক্ৰান্ত লোকক সকাহ দিয়াৰ পৰিৱৰ্তে এনেবোৰ কথা কৈ থাকিলে ৰাজ্যবাসী বানৰ পৰা পৰিত্ৰান পাব নেকি? উল্লেখ্য, দুদিনীয়া ভ্ৰমণসূচীৰ মাজুলীত উপস্থিত হোৱা গৌৰৱ গগৈয়ে শুকুৰবাৰে সংবাদ মাধ্যমৰ আগত কৈছিল– ‘ৰাজ্যৰ বিজেপি চৰকাৰখনে জলসম্পদ বিভাগক এটিএমৰ দৰে ব্যৱহাৰ কৰিছে৷ এটিএমৰ পৰা পইচা উলিওৱাৰ দৰে ঠিকাদাৰৰে গোপন চুক্তি কৰি চৰকাৰে কেৱল পইচাহে ল’ব বিচাৰিছে৷ মথাউৰি নিৰ্মাণত অত্যন্ত নিম্নমানৰ কাম হৈছে৷ ফলত মথাউৰিবোৰ ভাগি পৰিছে৷ কলিয়াবৰত ভগা মথাউৰিৰ কাম কোনে পাইছিল সকলোৱে জানে৷ যিবোৰ ঠিকাদাৰৰ কামত হেমাহি হৈছে, তেওঁলোকক ব্লেকলিষ্টেড কৰিব লাগে৷ কোনে তেওঁলোকক টেণ্ডাৰ দিলে, ইয়াত কি ধৰণৰ গাফিলটি হৈছে, কোন মন্ত্ৰীৰ হেঁচাত এই ঠিকাদাৰ বোৰে বাৰম্বাৰ বাৰম্বাৰ কাম পায়ে থাকে, কোন মন্ত্ৰী বিষয়াই নিম্নমানৰ কাম কৰা ঠিকাদাৰক সহায় কৰি আছে– গোটেইবোৰ তদন্তৰ আওতালৈ আহিব লাগে৷ বিজেপি চৰকাৰে জলসম্পদ বিভাগটোক এটিএমৰ দৰে ব্যৱহাৰ কৰি কেৱল টকাহে উলিয়াব বিচাৰত উজনি, নামনি, মধ্য অসম, বৰাক উপত্যকাৰ মানুহ বিপদত পৰিছে৷ মথাউৰিবোৰ মেৰামতিৰ দায়িত্ব কাৰ– ৰাজ্য চৰকাৰৰ, কেন্দ্ৰীয় চৰকাৰৰ৷ আজিকালি এদিনতে বহুত বৰষুণ দিয়ে৷ আগতে এনে হোৱা নাছিলে৷ এই কথা যোৱা ৫-৬ বছৰৰ পৰা আমি বুজি পাইছো৷ ইয়াৰ বিপৰীতে কি ধৰণৰ প্ৰস্তুতি আমাৰ ৰাজ্য চৰকাৰৰ জলসম্পদ বিভাগে লৈছে বা কি ধৰণৰ প্ৰস্তুতি কেন্দ্ৰীয় চৰকাৰৰ জলসম্পদ বিভাগে গতি কৰিছে, সেয়া ৰাইজে জানিব লাগিব৷ মই সদনৰ ভিতৰতো এই বিষয়টো উত্থাপন কৰিলো৷ আনকি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক ব্যক্তিগতভাৱে লগ পাওতে অসমত মথাউৰিৰ নিৰ্মাণৰ কাম নিম্নগামী হোৱা বুলি জনাইছোঁ৷ এইবাৰ মথাউৰি ছিগাৰ বাবে অসমৰ বানপানী সমস্যাটো জটিল হোৱা বুলি মোদী ডাঙৰীয়াক কৈছো৷’ ইফালে সাংসদ গৌৰৱ গগৈৰ এই মন্তব্যত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত ভঙা প্ৰতিটো মথাউৰি কংগ্ৰেছ চৰকাৰৰ দিনত নিৰ্মাণ হোৱাৰ কথা কৈছিল৷ মুখ্যমন্ত্ৰী শৰ্মাৰ বক্তব্যত তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰায়ো৷ তেওঁ কয়– মথাউৰিৰ ওপৰত দোষ জাপি দি গা এৰা দিব খুজিছে মুখ্যমন্ত্ৰীয়ে৷ ৰাজ্যৰ বান পৰিস্থিতি নিয়ন্ত্ৰণত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখন৷ ব্যক্তিগত লাভালাভৰ বাবে মন্ত্ৰীৰ ভাতৃক মথাউৰি নিৰ্মাণৰ ঠিকা দিয়া চৰকাৰখনে জনসাধাৰণৰ দুখ-দুৰ্দশালৈ সম্পূৰ্ণ পিঠি দিছে৷ মুখ্যমন্ত্ৰী শৰ্মাৰ এনে দায় সৰা বক্তব্য আগবঢ়োৱাৰ পাছত কংগ্ৰেছ সাংসদ ৰকিবুল হুছেইনে কয়–অসমবাসীৰ দুৰ্গতিৰ বিষয়ে দিল্লীক বুজাবলৈ চেষ্টা কৰিম৷ যদি খহনীয়া আৰু বানপানীৰ সমস্যা সমাধান কৰি ৰাজ্যখনক সকাহ দিব নোৱাৰে তেনেহ’লে সামগ্ৰিকভাৱে ৰাজ্যখন আগবাঢ়ি যোৱা বুলি ক’ব নোৱাৰিম৷ অসমখন যদি আগবাঢ়ি নাযায় গোটেই ৰাষ্ট্ৰখন কেনেকৈ আগবাঢ়ি যাব? ইফালে বান নিয়ন্ত্ৰণত হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখন সম্পূৰ্ণৰূপে ব্যৰ্থ হোৱা বুলি মন্তব্য কৰে ৰাইজৰ দলৰ সভাপতি বিধায়ক অখিল গগৈয়ে৷ তেওঁ কয়–অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক মই আহ্বান জনাইছো– আপুনি এনে ছেলফি তুলি, ফটো ছেছন কৰি একো লাভ নাই৷ আপুনি অকনমান পানীত নামি ফটো উঠি মানুহৰ পৰা চেণ্টিমেণ্ট লৈ লাভ নাই৷ আপুনি সহানুভূতিৰ খেল খেলি লাভ নাই৷ আপোনাৰ চৰকাৰৰ কাৰণে মানুহ বিধবস্ত হৈছে৷ আপুনি অফিচত বহি যি নিৰ্দেশ দিব লাগে নিৰ্দেশ দি বান বিধবস্ত ৰাজ্যবাসীক বচাবলৈ চেষ্টা কৰক৷ এতিয়া অকল টিভিত ওলাই থকাৰ সময় নহয়৷ অনতি বিলম্বে অসমৰ বান বিধবস্ত লোকক প্ৰকৃত অৰ্থত উদ্ধাৰৰ বাবে ফলপ্ৰসু ব্যৱস্থা লওক৷ কেন্দ্ৰৰ বঞ্চনাৰ বিৰুদ্ধে মাত মাতক৷ মুখ্যমন্ত্ৰীয়ে ৰাজ্যৰ বান বিধবস্ত এলেকাসমূহৰ মেৰামতি কৰাৰ ব্যৱস্থা কৰক৷ অসমৰ মুখ্যমন্ত্ৰীজনে কথা বেছিকৈ  কয় কাম কমকৈ কৰে৷ তেওঁ মুখচহকী৷ অসমৰ সকলো মথাউৰি কংগ্ৰেছৰ দিনত কৰা বুলি তেওঁলোকে স্বীকাৰ কৰি দিলে৷ ইয়াৰ জৰিয়তে তেওঁলোকে এইটোও স্পষ্ট কৰি দিলে যে তেওঁলোকৰ দিনত কোনো মথাউৰি বনোৱা নাই৷ তেওঁলোকৰ দিনত মথাউৰি বনোৱা নাই কাৰণে মথাউৰি ছিগা নাই৷ এই মুহূৰ্তত মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ বিজেপিৰ কথা ক’ব লাগেনে দুৰ্গতক সহায় কৰিব লাগে? এই সময়ত তেওঁ নিজৰ কাৰ্যালয়ত বহি বান বিধবস্ত এলেকাৰ ৰিপ’ৰ্ট লৈ তাৎক্ষণিকভাৱে ব্যৱস্থা ল’ব লাগে৷ বান নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা বুলি হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰে অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাও৷ তেওঁ কয়– বানপানীত আজি বিধবস্ত অসমৰ জনজীৱন৷ চৌদিশে বন্যাৰ্তৰ ক্ৰন্দন৷ হাজাৰ হাজাৰ গাওঁ আজি বানৰ কৱলত৷ বানপানী যেন অসমৰ মানুহৰ বাবে দুঃস্বপ্নত পৰিণত হৈছে৷ বিজেপি চৰকাৰৰ বানমুক্ত অসম কেৱল নিৰ্বাচনী শ্লোগানতেই সীমাবদ্ধ হৈ ৰ’ল৷ অসমৰ মানুহক বানমুক্ত কৰাৰ ক্ষেত্ৰত বিজেপি চৰকাৰৰ প্ৰতাৰণা সন্দৰ্ভত চৰকাৰৰ বিৰুদ্ধে সমালোচনাত মুখৰ হৈ পৰে দলৰ সভাপতি ৰিপুণ বৰা৷ বৰাই বিজেপি চৰকাৰৰ মিথ্যাচাৰৰ কেতবোৰ তথ্যও দাঙি ধৰে৷ বৰাই কয়– ‘আজি চৰকাৰৰ অকৰ্মন্যতা আৰু চূড়ান্ত ব্যৰ্থতাৰ বাবেই অসমৰ ৰাইজে আজি বানত ককবকাই দুৰ্ভোগ ভুগিবলগীয়া হৈছে৷ বন্যাৰ্তৰ বাবে পৰ্যাপ্ত পৰিমাণৰ ৰিলিফ কেম্প এতিয়াও খোলা হোৱা নাই৷ বহুত মানুহ এতিয়াও মথাউৰি আৰু ৰাজপথত সামান্য চালি আৰু তম্বু তৰি আছে৷ বানক্ৰান্ত ৰাইজৰ মাজত পৰ্যাপ্ত পৰিমাণৰ খাদ্য-সামগ্ৰী, ঔষধ, বিশুদ্ধ খোৱাপানী, শিশু খাদ্য আৰু পশু খাদ্যৰ সাংঘাতিক নাটনি হৈছে৷ লাখ-লাখ হেক্টৰ কৃষি মাটিৰ খেতিৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে বহু ঠাইত কঠীয়া সম্পূৰ্ণৰূপে বানপানীয়ে উটুৱাই লৈ গৈছে৷ প্ৰতিবছৰেই জুন মাহৰ পৰা অসমত বানপানী হয় বুলি চৰকাৰ জ্ঞাত কিন্তু পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাকৈ চৰকাৰে কোনো আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰা দেখা নগ’ল৷ কেৱল জানুৱাৰীৰ পৰা মে’ মাহলৈকে বিজেপি চৰকাৰে কেনেকৈ গাদী দখল কৰিব পাৰে আৰু অসমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ তেওঁৰ ভৰিৰ তলৰ মাটি ৰাখিব পাৰে তেনে উদ্দেশ্য আগত ৰাখি লোকসভা নিৰ্বাচনতেই ব্যস্ত আছিল৷ প্ৰতিবছৰেই জুন মাহৰ পৰা অসমত বানপানী হয় বুলি চৰকাৰ জ্ঞাত যদিও এনে পৰিস্থিতিৰ মোকাবিলা কৰিব পৰাক চৰকাৰে কোনো আগতীয়া প্ৰস্তুতি কৰা দেখা নগ’ল৷ বিজেপি শাসনাধীন কেন্দ্ৰীয় চৰকাৰৰ বঞ্চনাৰ সন্দৰ্ভতো বৰাই কয়– ‘পুখুৰী খান্দি অসমৰ বানপানী নিয়ন্ত্ৰণ কৰিবলৈ পৰামৰ্শ দি কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ ৰাইজক আৰু অসমৰ এই দীৰ্ঘদিনীয়া ভয়াবহ বান সমস্যাক ভেঙুচালি কৰিছে৷ অসমক ভাৰতৰ প্ৰথম পাঁচখন ৰাজ্যৰ এখন কৰিম বুলি দাংকোপ মৰা আৰু সকলো কথাতে ভাৰতৰ শ্ৰেষ্ঠ মুখ্যমন্ত্ৰী বুলি নিজকে জাহিৰ কৰিবলৈ অহৰহ চেষ্টা চলোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিয় বানপানীৰ নামত অসমৰ প্ৰাপ্য ধন বিজেপি চৰকাৰৰ পৰা মোকোলাই আনিব পৰা নাই? বিগত পাঁচ বছৰে অসমে বিচৰা ১০৭৮৫.৩৮ কোটি টকাৰ বিপৰীতে কেন্দ্ৰই মাত্ৰ ২৫০.৩১ কোটি টকাহে মোকলাই দিলে কেন্দ্ৰীয় চৰকাৰে? এই সকলো প্ৰশ্নৰ উত্তৰ দিব নে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই? অসমৰ বন্যাৰ্ত ৰাইজৰ বুকুত জ্বলি থকা প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিব পৰা সৎ সাহস মুখ্যমন্ত্ৰীৰ আছেনে? গুৱাহাটীৰ কৃত্ৰিম বানপানীৰ সন্দৰ্ভতো কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে সভাপতি বৰাই৷ ইয়াৰ উপৰি বন্যাৰ্ত ৰাইজৰ সহায়ৰ বাবে অসম তৃণমূল কংগ্ৰেছৰ প্ৰত্যেকগৰাকী সদস্যক আগবাঢ়ি যাবলৈও আহ৩ান জনালে বৰাই৷ 

বানৰ বিভীষিকা অব্যাহত

বৰষুণৰ পৰিমাণ কিছু কমিলেও ভয়াৱহ হৈয়েই আছে অসমৰ বান পৰিস্থিতিতি৷ উজনি-নামনি সৰ্বত্ৰ অব্যাহত আছে বানৰ সংহাৰ৷ শনিবাৰৰ দিনটোত হাটশিঙিমাৰীৰ ব্ৰহ্মপুত্ৰৰ চৰাঞ্চলৰ বহুলোকৰ ঘৰ-দুৱাৰ উটি যায় বানত৷ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা বিচাৰি ওখ স্থান বিচাৰি সীমান্তলৈ নাওৰে যাত্ৰা কৰিছে বহুলোকে৷ বহু পৰিয়ালে আশ্ৰয় লৈছে ৰাজপথত৷ হাটশিঙিমাৰীত প্ৰায় এসপ্তাহ ধৰি ব্ৰহ্মপুত্ৰৰ বানে বিভীষিকাৰ সৃষ্টি কৰিছে৷ উল্লেখ্য, দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণৰ তথ্য মতে ৰাজ্যৰ ৩০ খন জিলাৰ ১১২ টা ৰাজহ চক্ৰ বানত প্লাবিত হৈছে৷ বানাক্ৰান্ত গাঁৱৰ সংখ্যা বৃদ্ধি পাইছে ৩৫১৮ খনলৈ৷ ইফালে, গুৱাহাটী মহানগৰ, নলবাৰী নগৰত অব্যাহত আছে কৃত্ৰিম বানৰ বিভীষিকা৷ গুৱাহাটীৰ ৰুক্মিনীনগৰত শনিবাৰৰ দিনটোতো নাৱেৰে যাতায়াত কৰিবলগীয়া হৈছে সাধাৰণ জনতাই৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানতো অবৰ্ণনীয় পৰিস্থিতি অব্যাহত আছে৷ পানী কিছু কমিলেও বন্যপ্ৰাণীৰ আলৈ আথানি নোহোৱা হৈছে৷ ওখ ঠাই বিচাৰি ঢাপলি মেলিছে বন্যপ্ৰাণীয়ে৷ উল্লেখ্য, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বিয়লি চ্ছ্ৰ বজাৰ পৰা বাণিজ্যিক বাহনৰ চলাচলত বাধা আৰোপ কৰা হৈছে৷ পুৱা জ্জ্ব বজালৈ বাণিজ্যিক বাহনৰ চলাচলত বাধা আৰোপ কৰা হৈছে৷ বানৰ সংহাৰ অব্যাহত থকাৰ সময়ত মায়ঙত উপস্থিত হয় জলসম্পদ মন্ত্ৰী পীয়ূষ হাজৰিকা৷ মায়ঙত বান বিধবস্ত অঞ্চল পৰিদৰ্শন কৰাৰ লগতে ক্ষয় ক্ষতিৰ বুজ লয় মন্ত্ৰীজনে৷ অতি শীঘ্ৰেই খহনীয়া ৰোধৰ ব্যৱস্থা কৰাৰ আশ্বাস দিয়ে মন্ত্ৰী হাজৰিকাই৷ মন্ত্ৰী অতুল বৰাই নগাঁও জিলাৰ বিভিন্ন বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰে৷ মন্ত্ৰী জয়ন্তমল্ল বৰুৱাই মাজুলীৰ বানত ক্ষতিগ্ৰস্ত লোকৰ কাষলৈ গৈ মত বিনিময় কৰে৷ সাংসদ ৰকিবুল হুছেইনে যোগীঘোপাত বান পৰিস্থিতি পৰিদৰ্শন কৰে৷ বিধায়ক অখিল গগৈয়ে শনিবাৰে নুমলীগড়ৰ বান বিধবস্ত বংকোৱালত উপস্থিত হৈ বানাক্ৰান্তৰ দুখ দুৰ্দশাৰ বুজ লয়৷

বান-খহনীয়াৰ সময়ত চৰকাৰখন হৈ পৰে ছিংগল 

ইঞ্জিন : সমুজ্জ্বল ভট্টাচাৰ্য

‘আমাৰ অসম’ৰ নলবাৰীৰ বিশেষ প্ৰতিনিধি : ৰাজ্যবাসীয়ে বানত ককবকাই থকাৰ সময়তে সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্যই চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে৷ বিশেষকৈ কেন্দ্ৰীয় চৰকাৰৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি আছুৰ মুখ্য উপদেষ্টাজনে কয় যে বন্যাৰ্তক উদ্ধাৰ আৰু সাহায্য দিয়াত ব্যৰ্থ হৈছে চৰকাৰ৷ আজি সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত জিলা পুথিভঁৰালত অনুষ্ঠিত বিশেষ অভিনন্দন অনুষ্ঠানত অংশ লৈ সংবাদ মাধ্যমৰ আগত হোৱা সাক্ষাৎকাৰত আছুৰ মুখ্য উপদেষ্টা ড॰ সমুজ্জ্বল ভট্টাচাৰ্যই বিজেপি নেতৃত্বাধীন চৰকাৰক কটাক্ষ কৰি কয়- ‘নিৰ্বাচনৰ সময়ত ডাবল ইঞ্জিন চৰকাৰ৷ বান আৰু খহনীয়াৰ সময়ত ছিংগল ইঞ্জিন চৰকাৰ৷ প্ৰধানমন্ত্ৰী আৰু মৌন আৰু নিি©য়৷ আন ৰাজ্যত বান হ’লে প্ৰধানমন্ত্ৰী নিজে দৌৰি যায়৷ পেকেজ ঘোষণা কৰে৷ অসমৰ বাবে কিয় পেকেজ ঘোষণা নকৰে? অসমলৈ আহিবলৈ কিয় সময় নাপাই প্ৰধানমন্ত্ৰী? কিমানজন মানুহৰ মৃত্যুৰ পাছত প্ৰধানমন্ত্ৰী অসমলৈ আহিব? প্ৰধানমন্ত্ৰীলৈ এয়া আমাৰ প্ৰশ্ন৷ অসমৰ এই দুৰ্যোগৰ সময়ত যদি প্ৰধানমন্ত্ৰীয়ে বিশেষ পেকেজ নিদিয়ে, তেন্তে কোনটো সময়ত অসমক উদ্ধাৰ কৰিব৷ গতিকে প্ৰধানমন্ত্ৰীৰ এই মৌনতা আৰু নিি©য়তা কেতিয়াও গ্ৰহণযোগ্য হ’ব নোৱাৰে৷’ আছুৰ মুখ্য উপদেষ্টাজনে পুনৰ কয়-‘আমাৰ প্ৰচণ্ড ক্ষোভ আৰু খং আছে৷ বিগত পাঁচ বছৰত অসম চৰকাৰে ১০৭৮৫.৪ টকা বিচাৰিছে৷ ইয়াৰ বিপৰীতে কেন্দ্ৰীয় চৰকাৰে ১৭৬৩.৯১ কোটি আবণ্টন দিছে৷ আনহাতে, ৰাজ্য চৰকাৰে লাভ কৰিছে মাত্ৰ ২০৫কোটি টকা৷ এইটো অসমৰ প্ৰতি চূড়ান্ত অন্যায়৷ কলকতাৰ পাছত আৰু কিবা অংশ আছে বুলি দিল্লীয়ে নাভাবে৷ চলিত বৰ্ষৰ বানত এতিয়ালৈকে ৫৩জনতকৈ অধিক লোকৰ মৃত্যু ঘটাৰ পাছতো অসমলৈ আহিবলৈ সময় নাই প্ৰধানমন্ত্ৰীৰ৷ গতিকে অসমৰ ক্ষেত্ৰত বিশেষ পেকেজ ঘোষণা কৰিব লাগে৷ বান আৰু খহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিবই লাগিব৷ অসমৰ দৰে ৰাজ্যখনে বান আৰু খহনীয়াৰ সমস্যা নিজে সমাধান কৰিব নোৱাৰে৷ তাৰ সম্পূৰ্ণ দায়িত্ব কেন্দ্ৰীয় চৰকাৰে ল’ব লাগে৷ সেইটোকেই আমি ৰাষ্ট্ৰীয় সমস্যা বুলি কওঁ৷ আমাৰ সম্পদবোৰ যদি ৰাষ্ট্ৰীয় হয়, তেন্তে সমস্যাবোৰ কিয় ৰাষ্ট্ৰীয় নহয়৷ গতিকে অসমৰ বান আৰু খহনীয়াৰ স্থায়ী সমাধানৰ সম্পূৰ্ণ দায়িত্ব কেন্দ্ৰীয় চৰকাৰে ল’ব লাগিব৷’ ইফালে, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অসমৰ বান সমস্যা সমাধানৰ বাবে ব্ৰহ্মপুত্ৰৰ পানী বোৱাই নিবলৈ ৫০টা ডাঙৰ পুখুৰী খন্দাৰ কথা উল্লেখ কৰা সন্দৰ্ভত আছুৰ মুখ্য উপদেষ্টাজনে কয়- ‘৫০টা ডাঙৰ পুখুৰী খান্দি কেনেকৈ সমাধান কৰিব৷ এইটো পতিয়নযোগ্য নহয়৷ এই বিষয়ে আলোচনা কৰিবলৈ অসমৰ বিজ্ঞানীসকল আছে৷ আমাৰ বিজ্ঞানীসকলৰ লগত কথা পাতকচোন৷ পুখুৰী খন্দাৰ পূৰ্বে বিশেষজ্ঞসকলৰ মতামত লওকচোন৷’ উল্লেখ্য, সদৌ অসম ছাত্ৰ সন্থাৰ শিক্ষানীতিৰ আধাৰত সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাই নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সহযোগত অনুষ্ঠিত কৰি অহা বিশেষ অভিনন্দন অনুষ্ঠান আজি জিলা পুথিভঁৰালত অনুষ্ঠিত হৈ যায়৷ চলিত বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তৰ্ীৰ্ণ হোৱা হাইস্কুল শিক্ষান্ত আৰু উচ্ছতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ২০০জন ছাত্ৰ-ছাত্ৰীক উক্ত অভিনন্দন অনুষ্ঠানত অভিনন্দিত কৰাৰ লগতে কৃতিমানসকলে অধ্যয়ন কৰা শিক্ষানুষ্ঠানসমূহৰ মুৰব্বীসকলকো সম্বৰ্ধনা জনোৱা হয়৷ জিলা ছাত্ৰ সন্থাৰ সভাপতি নিৰুজউদ্দিন আহমেদৰ পৌৰোহিত্যত অনুষ্ঠিত উক্ত অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা ড॰ সমুজ্বল ভট্টাচাৰ্যৰ উপৰি অৱসৰপ্ৰাপ্ত আৰক্ষী সঞ্চালকপ্ৰধান তথা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ড॰ কুলধৰ শইকীয়াই ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি সাৰগৰ্ভ বক্তব্য প্ৰদান কৰে৷ অনুষ্ঠানত সদৌ অসম ছাত্ৰ সন্থাৰ উপ-সভাপতি ভৱজিৎ বেজবৰুৱা, সাংগঠনিক সম্পাদক ৰিয়াজউদ্দিন আহমেদ, সাধাৰণ সম্পাদক সমৰজ্যোতি মহন্ত, নলবাৰী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিশাল বিক্ৰম চৌধুৰী, সাধাৰণ সম্পাদক ভৱেশ ডেকাকে ধৰি জিলা আৰু আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল উপস্থিত থাকে৷ আনহাতে, উক্ত অভিনন্দন অনুষ্ঠানতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত নলবাৰী জিলাৰ পৰা সৰ্বোচ্ছ নম্বৰপ্ৰাপ্ত প্ৰথম তিনিগৰাকী কৃতি ছাত্ৰ-ছাত্ৰীক শিক্ষাবিদ, মুক্তিযুঁজাৰু প্ৰয়াত বিপিন চন্দ্ৰ শৰ্মা শৈক্ষিক ন্যাসৰ তৰফৰ পৰা বিপিন চন্দ্ৰ শৰ্মা সোঁৱৰণী বিশেষ বঁটা প্ৰদান কৰা হয়৷

মথাউৰিৰ ওপৰত দোষ জাপি গা এৰা দিব খুজিছে মুখ্যমন্ত্ৰীয়ে : ভূপেন বৰা

‘আমাৰ অসম’ৰ মহানগৰ বাৰ্তা : ৰাজ্যৰ বান পৰিস্থিতি নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰ৷ উন্নয়নৰ নামত কেৱল ঢাক-ঢোল বজাই থকা চৰকাৰখনে চোৰ গ’লে বুদ্ধি, বৰষুণ গ’লে জাপিৰ দৰে নীতিৰে কাম কৰি এতিয়া কংগ্ৰেছ চৰকাৰৰ দিনৰ ‘মথাউৰি’ৰ কথা কৈ দায়িত্বৰ পৰা গা এৰা দিব খুজিছে৷ ব্যক্তিগত লাভালাভৰ বাবে মন্ত্ৰীৰ ভাতৃক মথাউৰি নিৰ্মাণৰ ঠিকা দিয়া চৰকাৰখনে জনসাধাৰণৰ দুখ-দুৰ্দশালৈ সম্পূৰ্ণৰূপে পিঠি দিছে৷ শেহতীয়া বান পৰিস্থিতিক লৈ আজি এক সংবাদ মেল সম্বোধন কৰি এইদৰে হিমন্ত চৰকাৰৰ বিৰুদ্ধে গৰজি উঠিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰা৷ বিগত কেইবাটাও দিন ধৰি ৰাজ্যৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ বানপীড়িতৰ মাজত অতিবাহিত কৰি তেওঁলোকৰ সুখ-দুখৰ বুজ লৈ আজি সংবাদ মেল সম্বোধন কৰি সভাপতি বৰাই বানৰ সময়ত চৰকাৰে গ্ৰহণ কৰা দুৰ্বল স্থিতিক কঠোৰ ভাষাৰে সমালোচনা কৰে৷ ভূপেন বৰাই কয় যে ২৮খন জিলাত প্ৰায় ২০ লাখ লোক বান আৰু খহনীয়াত আক্ৰান্ত হৈছে৷ বহু ৰাইজ অস্থায়ী বান শিবিৰত আছে৷ প্ৰায় ৫০গৰাকী লোকে জীৱন হেৰুৱাইছে৷ ৰাজনৈতিক দলৰ সভাপতি হিচাপে ৰাজনৈতিক লাভালাভৰ বাবে কোনো কথাই ক’ব খোজা নাই৷ মুখ্যমন্ত্ৰীৰ এটা কথাই অত্যন্ত চিন্তিত কৰিছে৷ মুখ্যমন্ত্ৰীয়ে ‘মথাউৰিক’ খলনায়ক সজাই অৰণ্যৰোদন কৰিব খুজিছে৷ মথাউৰিক খলনায়ক সজাই বান-খহনীয়া সমস্যাক লৈ মুখ্যমন্ত্ৰীয়ে কিমান গভীৰতালৈ গৈছে গৈছে তাকে লৈ চিন্তাৰ উদয় হৈছে৷ মথাউৰি বান নিয়ন্ত্ৰণৰ বাবে স্থায়ী সিদ্ধান্ত নহয়৷ ষাঠিৰ দশকৰ পৰাই মথাউৰি নিৰ্মাণ আৰম্ভ হৈছিল৷ ১৯৮১ চনত ব্ৰহ্মপুত্ৰ ব’ৰ্ড গঠন কৰি অসমত এটা চিন্তা কৰা হৈছিল৷ নদী খনন বা ব্ৰহ্মপুত্ৰ খনন, নদীৰ গতি তীব্ৰ কৰা আদি বিষয় গৱেষণা কৰি ব্ৰহ্মপুত্ৰ ব’ৰ্ডক বিভিন্ন দায়িত্ব দিয়া হৈছিল৷ পৰৱৰ্তী সময়ত ব্ৰহ্মপুত্ৰ ব’ৰ্ডৰ প্ৰতিবেদন জলসম্পদ বিভাগক দিছিল৷ আমি যেতিয়া শাসনত আছিলোঁ তেতিয়া এই মুখ্যমন্ত্ৰীজনেই শাসনৰ অংশীদাৰ আছিল৷ আমি কিছু কাম কৰিব নোৱৰাৰ বাৰেই পৰিৱৰ্তনৰ কথা আহিছিল৷ ক্ষমতা পৰিৱৰ্তনৰ স্বত্বৰ ভিতৰত প্ৰথমতে আছিল বান আৰু খহনীয়ামুক্ত অসম৷ ডাবল ইঞ্জিনযুক্ত চৰকাৰে ব্ৰহ্মপুত্ৰ খননৰ কথা কৈছিল৷ চীনলৈ গৈ বিজেপিৰ টীমে গৱেষণা কৰিছিল৷ ব্ৰহ্মপুত্ৰ নদী খননৰ বাবে ১০০কোটি দিছিল৷ বিধানসভাত এনে ভিজন বিজেপিয়ে বনোৱাতো বেয়া নেকি বুলি প্ৰশ্ন কৰিছিল মুখ্যমন্ত্ৰীয়ে৷ কিন্তু বিজেপিৰ ব্যৰ্থতা আজি ঢাকিব খোজা হৈছে৷ মথাউৰি এটাৰ আয়ুস কেৱল ২০-২৫বছৰ৷ তেনেস্থলত ২০০১ চনত নিৰ্মাণ কৰা মথাউৰি এটা মেৰামতি কৰিবলগীয়া হোৱাৰ বাবে কংগ্ৰেছ চৰকাৰ দায়ী নহয়৷ সেই সময়ত বৰ্তমানৰ মুখ্যমন্ত্ৰীজন কংগ্ৰেছ চৰকাৰত আছিল৷ বিজেপি চৰকাৰে ব্ৰহ্মপুত্ৰ খনন কৰি এক্সপ্ৰেছ হাইৱে’ নিৰ্মাণ কৰাৰ কথা আছিল যদিও বাস্তৱত কিন্তু একো নহ’ল৷ সংবাদ মেলত ভূপেন বৰাই কেন্দ্ৰীয় চৰকাৰে বাৰে বাৰে অসমক বঞ্চনা কৰি আহিছে বুলিও গুৰুতৰ অভিযোগ উত্থাপন কৰি কয় যে মুখ্যমন্ত্ৰীয়ে ২০২১-২২ চনত কেন্দ্ৰৰ পৰা বিচাৰিছিল ২৬৪০ কোটি টকা৷ কিন্তু কেন্দ্ৰই দিছে মাথোঁ ৪৪কোটি টকা৷ সেইদৰে ২০২২-২৩চনত বিচাৰিছিল ১৩০৯কোটি টকা আৰু কেন্দ্ৰই দিছে মাথোঁ ১৬০কোটি টকা৷ কেন্দ্ৰৰ পৰা ১০৭৮৫ কোটি টকা বিচাৰি পালে মাত্ৰ ২৫০কোটি টকা৷ বান সমস্যা সমাধান কৰিবলৈ মুখ্যমন্ত্ৰীৰ কেৱল ২০শতাংশহে ক্ষমতা আছে৷ কেন্দ্ৰৰ পৰা টকা আনিবলৈ মুখ্যমন্ত্ৰীৰ ক্ষমতা নাই৷ অসম বিধানসভাৰ অধ্যক্ষৰ নেতৃত্বত এটা সৰ্বদলীয় দল গৈ কেন্দ্ৰীয় চৰকাৰক সাক্ষাৎ কৰা দৰকাৰ৷ ৰাজ্যত মথাউৰি নিৰ্মাণ আৰু বানৰ নামত ব্যাপক কেলেংকাৰি হৈছে৷ মথাউৰি নিৰ্মাণ আৰু বানৰ নামত কিমান টকা আহিল আৰু কিমান টকা খৰচ কৰিলে তাকে লৈ এখন শ্বেতপত্ৰ প্ৰকাশ কৰিবলৈকো প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে দাবী জনায়৷ সংবাদ মেলত সভাপতি বৰাই গুৱাহাটীৰ উন্মুক্ত নলাত পৰি এটি শিশু বৰ্তমানেও নিখোঁজ হৈ থকা প্ৰসংগও উল্লেখ কৰে৷ তেওঁ কয় যে গুৱাহাটীৰ নলা-নৰ্দমাসমূহ ঢাকি ৰাখিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিছিল যদিও সেয়া ফুটুকাৰ ফেনত পৰিণত হ’ল৷ সভাপতি বৰাই কয়, ‘মুখ্যমন্ত্ৰীৰ নিৰ্দেশ কিয় মনা নহ’ল? হয়তো মুখ্যমন্ত্ৰীৰ নিৰ্দেশৰ গুৰুত্ব নাই৷ বৰ্তমানেও নিখোজ হৈ থকা বামুণীমৈদামৰ অবিনাশ সৰকাৰৰ দায়িত্ব কোনো ল’ব? এই সন্দৰ্ভত তদন্ত কৰক৷ গুৱাহাটীৰ বান সমস্যা সমাধান কৰিম বুলি বিজেপিয়ে জ্জবাৰ নিৰ্বাচনত জিকিলে যদিও আজিলৈকে গুৱাহাটীৰ বান সমস্যা সমাধান কৰিব নোৱাৰিলে৷ দেশৰ গৃহমন্ত্ৰীয়ে হঠাতে পুখুৰী খান্দিব লাগে বুলি কৈছে৷ চৰকাৰে বিজ্ঞানসন্মতভাৱে কথা কোৱা নাই৷ দীৰ্ঘম্যাদী সমাধান কৰিব খোজা নাই৷ মুখ্যমন্ত্ৰীয়ে পানীৰ মাজত খোজ কাঢ়িছে৷ ময়ো গৈছোঁ৷ ময়ো মানুহৰ চকুপানী মচিছোঁ৷ ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে মূল বিষয়টোৰ পৰা আঁতৰিব নালাগে৷ মুখ্যমন্ত্ৰীয়ে এনে কৰাটো দুৰ্ভাগ্যজনক৷ ৰাইজে আপোনাক দায়িত্ব দিছে দিল্লীৰ চকুত চকু থৈ, বুকু ফিন্দাই প্ৰধানমন্ত্ৰীক কথাটো বুজাই ২৬৪০কোটি টকাৰ ঠাইত যে মাত্ৰ ৪৪কোটি টকা পাইছে সেই কথা বুজাওক৷’

মথাউৰিৰ বাহিৰত বাস কৰা লোকৰ বাবে ওখ ঘৰ নিৰ্মাণৰ পৰিকল্পনা মুখ্যমন্ত্ৰীৰ

‘আমাৰ অসম’ৰ ষ্টাফ ৰিপ’ৰ্টাৰ, যোৰহাট : নদী আৰু মথাউৰিৰ মাজৰ অংশত বসবাস কৰা ৰাইজৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই মথাউৰিৰ বাহিৰত থকা ঘৰসমূহ বানপানীয়ে স্পৰ্শ কৰিব নোৱাৰে, তাৰ প্ৰতি লক্ষ্য ৰাখি ওখকৈ নিৰ্মাণ কৰাৰ কথা চিন্তা কৰিছে৷ আজি নিমাতি ঘাটৰ খহনীয়া অঞ্চল পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰীৰ এই পৰিকল্পনাৰ কথা ব্যক্ত কৰে মন্ত্ৰী বিমল বৰাই৷ মন্ত্ৰী বৰাই কয় যে, প্ৰতি বছৰে ৰাজ্যত মথাউৰিৰ বাহিৰৰ লোকসকল বানত বেছি ক্ষতিগ্ৰস্ত হয়৷ মুখ্যমন্ত্ৰীৰ এই পৰিকল্পনাৰ সঠিকভাৱে ৰূপায়িত হ’লে বানপানীৰ সময়ত ক্ষয়-ক্ষতিৰ পৰিমাণ হ্ৰাস পাব বুলি তেওঁ কয়৷ মন্ত্ৰী বৰাই কয়, এনেয়েও বানত ঘৰ-দুৱাৰ ক্ষতি হ’লে চৰকাৰে প্ৰায় এক লাখ টকাৰ ক্ষতিপূৰণ দিয়ে, গতিকে আঁচনিখন ৰূপায়ন কৰিবলৈ বৰ বেছি অসুবিধাৰ সন্মুখীন নহ’ব বুলিও তেওঁ আশা প্ৰকাশ কৰে৷ কালি যোৰহাটলৈ অহা মন্ত্ৰী জনে আজি নিমাতিঘাটৰ এক নম্বৰ বুলহেড, দুই নম্বৰ বুলহেড, ডাইনী গাঁও, নহটীয়া -ককিলামুখ, মেলেং চিগা আদি বানাক্ৰান্ত অঞ্চল পৰিভ্ৰমণ কৰি ক্ষয় ক্ষতিৰ বুজ লয়৷ ইফালে পথ যোগাযোগ নথকাৰ বাবে ট্ৰেক্টৰত উঠি হাতীশাল অঞ্চলৰ এখন ভগ্ন শ্লোইছ গেট চাবলৈ যায়৷ বান আক্ৰান্ত অঞ্চলসমূহ পৰিদৰ্শন কৰি তেওঁ কয় যে বিগত বৰ্ষসমূহৰ দৰে এইবাৰ ৰাজ্যত ইমান ডাঙৰ বান হোৱাৰ পাছতো মথাউৰী ভগাৰ সংখ্যা কম৷ পূৰ্বতে মথাউৰিসমূহ শক্তিশালী নাছিল৷ কিন্তু বিগত সাত-আঠ বছৰে ৰাজ্য চৰকাৰে বান গৰাখহনীয়াৰ ওপৰত যথেষ্ঠ গুৰুত্ব দিছে৷ সেয়ে পূৰ্বৰ অভিলেখ ভংগ কৰা এই বাৰৰ বানপানীত বিশেষ ক্ষতি হোৱা নাই বুলি উল্লেখ কৰে৷ মন্ত্ৰী বৰাই বনাক্ৰান্ত ৰাইজ যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় তাৰ বাবে ৰাজ্য চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰা বুলি জানিবলৈ দি মূলত খাদ্য আৰু চিকিৎসা সেৱা পৰ্যাপ্ত কৰা হৈছে৷ তদুপৰি পশুধনৰ ক্ষেত্ৰতো অনুৰূপ ব্যবস্থা গ্ৰহণ কৰা মন্ত্ৰীজনে জানিবলৈ দিয়ে৷ আজি মন্ত্ৰী বৰাৰ লগত বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, জিলা আয়ুক্ত পুলক মহন্ত আৰু জলসম্পদ বিভাগৰ বিষয়া-কৰ্মীয়ে অংশ গ্ৰহণ কৰে৷