‘পিজ্জা’ৰ ভুল ডেলিভাৰী দিয়াৰ পৰিণাম, ক্ষতিপূৰণ ১কোটি
আমাৰ অসম, ১৬ মাৰ্চঃ ভুল অৰ্ডাৰ ডেলিভাৰী দিয়া ঘটনা নতুন নহয়৷ কিন্তু এনে ভুলৰ পৰিণাম যে ইমান বৃহৎ লোকচানৰ হ’ব সেয়া কল্পনাও কৰিব পৰা নাছিল এটা মাৰ্কিন পিজ্জা কোম্পানীয়ে৷ ভুল পিজ্জা ডেলিভাৰী দিয়াৰ বাবে এই কোম্পানীটোৰ বিৰুদ্ধে গাজিয়াবাদৰ এগৰাকী মহিলাই এক কোটি টকাৰ ক্ষতিপূৰণ দাবী কৰি দিল্লীৰ এখন গ্ৰাহক আদালতত গোচৰ তৰিছে৷ ইয়াৰ পৰিপ্ৰেক্ষিতত আদালতখনে পিজ্জা কোম্পানীটোৰ পৰা কৈফিয়ৎ বিচাৰিছে৷ উল্লেখ্য যে গাজিয়াবাদৰ দিপালী ত্যাগী নামৰ মহিলা এগৰাকীয়ে অনলাইনযোগে মাৰ্কিন কোম্পানীটোৰ পৰা নিৰামিষ পিজ্জা বিচাৰি অৰ্ডাৰ কৰিছিল৷ কিন্তু কোম্পানীটোৱে ডেলিভাৰী দিয়ে আমিষ পিজ্জা৷ এনে ক্ষেত্ৰত গ্ৰাহক আদালতত মহিলাগৰাকীৰ যুক্তি- তেওঁলোক আজীৱন নিৰামিষভোজী৷ মাংস থকা পিজ্জা খোৱাৰ ফলত এতিয়াৰে পৰা তেওঁলোকে গোটেই জীৱন প্ৰায়শ্চিত্ত হ’ব লাগিব৷ যিটো তেওঁলোকৰ বাবে মানসিক-আৰ্থিক আৰু শাৰীৰিকভাৱে পীড়াদায়ক৷ যাৰ বাবে তেওঁ কোম্পানীটোৰ পৰা এক কোটি টকাৰ ক্ষতিপূৰণ বিচাৰিছে৷






